উমেশকুমাৰ তিলক যাদৱ (মাৰাঠী: उमेश टिळक यादव, জন্ম ২৫ অক্টোবৰ ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ বিদৰ্ভৰ হৈ খেলে। সোঁহতীয়া বেগী বলাৰ যাদৱে ২০০৮ চনৰপৰা বিদৰ্ভ দলৰ হৈ খেলি আহিছে আৰু এই দলৰপৰা ভাৰতীয় জাতীয় টেষ্ট ক্ৰিকেট দলত স্থান পোৱা প্ৰথম খেলুৱৈ। ২০১০ চনৰ মে'ত জিম্বাবৱেৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত তেওঁৰ অভিষেক ঘটে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটে। 'গেম্‌ছ আনলিমিটেড' নামৰ কোম্পানীটোৱে তেওঁৰ পেছাদাৰী কেৰিয়াৰ পৰিচালনা কৰে।[1][2] তেওঁ বৰ্তমান ভাৰতীয় দলৰ আটাইতকৈ বেগী বলাৰ আৰু তেওঁৰ সৰ্বোচ্চ বেগ ১৫৪.৮ কিলোমিটাৰ প্ৰতি ঘণ্টা।[3]

উমেশ যাদৱ
{{{imagealt}}}
২০১২ চনত যাদৱ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম উমেশকুমাৰ তিলক যাদৱ
জন্ম ২৫ অক্টোবৰ, ১৯৮৭ (৩৫ বছৰ)
নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
উচ্চতা 5 ফুট 11 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া বেগী
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৭২) ৬ নৱেম্বৰ ২০১১ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম টেষ্ট ১৫ নৱেম্বৰ ২০১২ বনাম ইংলেণ্ড
ODI অভিষেক (মুঠ খেল ১৮৪) ২৮ মে' ২০১০ বনাম জিম্বাবৱে
শেষ ODI ১৪ মাৰ্চ ২০১৫ v জিম্বাবৱে
Only T20I (মুঠ খেল ৪২) ৭ আগষ্ট ২০১২ বনাম শ্ৰীলংকা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৮/০৯–২০১০/১১ বিদৰ্ভ
২০১০-২০১৩ দেল্হি ডেয়াৰডেভিল্‌ছ
২০১৪-বৰ্তমান কলকাতা নাইট ৰাইডাৰ্ছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া FC LA
মুঠ খেল ১২ ৪৪ ৩৫ ৫৬
ৰাণ ৭৯ ৪৪ ২৩২ ১৪৬
বেটিং গড় ৭.৯০ ১৪.৬৬ ১০.৫৪ ১৪.৬০
শতক/অৰ্ধশতক ০/০ ০/০ ০/০ ০/০
সৰ্বোচ্চ ৰাণ ৩০ ১৭ ৩৪ ৩০
বল ২,১৯৬ ২,০১১ ৬,০১৯ ২,৭০৩
উইকেট ৪৩ ৫৫ ১১৯ ৬৬
বলিং গড় ৩৬.৯৩ ৩৫.০৩ ২৮.৮৫ ৩৯.১০
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট n/a n/a
শ্ৰেষ্ঠ বলিং ৫/৯৩ ৪/৫৩ ৭/৭৪ ৫/২৬
কেচ্চ/ষ্টাম্পিং ৩/– ১১/– ১৬/– ১২/–
উৎস: ক্ৰিকইনফ', ৬ মাৰ্চ ২০১৫

ব্যক্তিগত জীৱনসম্পাদনা কৰক

যাদৱৰ দেউতাক উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ এজন কয়লা খনিৰ শ্ৰমিক আছিল। মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এখন শ্ৰমিক গাঁৱত যাদৱ ডাঙৰ-দীঘল হয়। পেছাদাৰী ক্ৰিকেট খেলাৰ পূৰ্বে যাদৱে সেনাবাহিনী আৰু আৰক্ষী সেৱাত ভৰ্তি হ'বলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল। ২০১৩ চনৰ ২৯ মে'ত দিল্লীৰ ফেশ্বন ডিজাইনাৰ তানিয়া ৱাধৱাৰ লগত বিবাহপাশত আৱদ্ধ হয়।[4]

কেৰিয়াৰৰ আৰম্ভণিসম্পাদনা কৰক

টেনিছ বল ক্ৰিকেট খেলা যাদৱে চামৰাৰ বলেৰে অনুশীলন আৰম্ভ কৰে আৰু সোনকালেই ঘৰুৱা ক্ৰিকেটৰ ২০০৭-০৮ বৰ্ষৰ ৰঞ্জি ট্ৰফীৰ প্লেট লীগত তেওঁ তুলনামূলকভাৱে দুৰ্বল বিদৰ্ভ দলত স্থান পায়। বিদৰ্ভ দলৰ অধিনায়ক প্ৰীতম গান্ধীয়ে যাদৱক সহায় কৰে আৰু এক টুৱেণ্টি২০ প্ৰতিযোগিতাত 'এয়াৰ ইণ্ডিয়া' দলত যাদৱক স্থান দিয়ায়।[5] ২০০৮ চনৰ ৩ নৱেম্বৰত ৰঞ্জি ট্ৰফীত বিদৰ্ভ দলৰ হৈ মধ্য প্ৰদেশৰ বিৰুদ্ধে যাদৱৰ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটে।[6]

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগসম্পাদনা কৰক

২০০৮ চনত দেল্হি ডেয়াৰডেভিল্‌ছ দলে তেওঁক $৩০,০০০ ত ক্ৰয় কৰে।[7] ২০১০ চনৰ আই পি এলত যাদৱৰ অভিষেক ঘটে আৰু সেইবাৰ তেওঁ ৬খন খেলত ৩০.৬৬ গড়ে ৬টা উইকেট দখল কৰে।[8][9] ২০১৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ দললৈ আহে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. http://cricket.yahoo.com/news/professional-companies-should-manage-cricketers-041823900.html
  2. http://www.gaamesunlimited.com
  3. Monga, Sidharth (21 January 2012), Yadav stands tall amid the rubble, ESPNcricinfo, http://www.espncricinfo.com/australia-v-india-2011/content/current/story/550366.html, r কৰা হৈছে: 21 January 2012 
  4. "Umesh Yadav to tie knot with Delhi girl Tanya". Times of India. 16 April 2013. http://articles.timesofindia.indiatimes.com/2013-04-16/off-the-field/38585152_1_delhi-daredevils-umesh-yadav-t20। আহৰণ কৰা হৈছে: 17 April 2013. 
  5. Purohit, Abhishek (8 June 2012), The fast track from Khaparkheda, ESPNcricinfo, http://www.espncricinfo.com/magazine/content/story/567657.html, r কৰা হৈছে: 8 June 2012 
  6. Madhya Pradesh v Vidarbha: Ranji Trophy 2008/09 (Plate Group B), CricketArchive, http://cricketarchive.com/Archive/Scorecards/188/188424.html, r কৰা হৈছে: 2012-01-23 
  7. Ramakrishnan, Madhusudhan (10 January 2011), The big gainers and losers, ESPNcricinfo, http://www.espncricinfo.com/indian-premier-league-2011/content/story/496202.html, r কৰা হৈছে: 22 May 2012 
  8. Bowling in Indian Premier League 2009/10 (ordered by wickets), CricketArchive, http://cricketarchive.com/Archive/Events/IND/Indian_Premier_League_2009-10/Bowling_by_Wickets.html, r কৰা হৈছে: 22 May 2012 
  9. Batting and fielding in Indian Premier League 2009/10 (ordered by average), CricketArchive, http://cricketarchive.com/Archive/Events/IND/Indian_Premier_League_2009-10/Batting_by_Average.html, r কৰা হৈছে: 22 May 2012 

বাহ্যিক সংযোগসম্পাদনা কৰক