উল্লাসনগৰ

ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ

উল্লাসনগৰ ভাৰতমহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন। [1] উল্লাসনগৰ এখন পৌৰসভা নগৰ আৰু এই নামৰেই তহচিলৰ সদৰ ঠাই। কেন্দ্ৰীয় ৰেলৱে’ জ’নমুম্বাই-পুনে মাৰ্গত ইয়াৰ ৰেল ষ্টেশ্যন অৱস্থিত।

উল্লাসনগৰ
—  নগৰ  —
উল্লাসনগৰ is located in Maharashtra
উল্লাসনগৰ
মহাৰাষ্ট্ৰ, ভাৰতত অৱস্থান
ভৌগোলিক স্থানাংক: 19°13′N 73°09′E / 19.22°N 73.15°E / 19.22; 73.15স্থানাংক: 19°13′N 73°09′E / 19.22°N 73.15°E / 19.22; 73.15
দেশ  ভাৰত
ৰাজ্য মহাৰাষ্ট্ৰ
জিলা থানে
উচ্চতা ১৯ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৪,৭২,৯৪৩ জন
ভাষা
 - চৰকাৰী সিন্ধী
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)

ইতিহাস সম্পাদনা কৰক

স্বাধীনতাৰ পাছতেই ভাৰতৰ বিভাজন হৈ পাকিস্তানৰ গঠন হ’ল। সেই সময়ত পাকিস্তানৰ সিন্ধ প্ৰান্তৰ হিন্দু সিন্ধীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ফলত লাখ লাখ সিন্ধী লোক শৰণাৰ্থী হৈ ভাৰতলৈ আহিছিল। তাৰে প্ৰায় এক লাখ সিন্ধী লোকক কল্যাণৰ পৰা ৫ কিঃমিঃ দূৰৈত অৱস্থিত সামৰিক শিবিৰত আশ্ৰয় দিয়া হৈছিল। পাছত ১৯৭৯ চনত সেই অঞ্চলটো মহকুমাৰূপে ঘোষিত হ’ল। এই নগৰখনৰ নামকৰণ সেই সময়ৰ গভৰ্নৰ জেনেৰেল চি ৰাজগোপালচাৰ্যৰ দ্বাৰা কৰা হৈছিল। ১৯৫৫ চনত উপনগৰীয়া ৰেল ষ্টেশ্যন নিৰ্মিত হৈছিল। ১৯৬০ চনৰ জানুৱাৰী মাহত উল্লাসনগৰ পৌৰসভাৰ গঠন হ’ল।

অৰ্থনীতি সম্পাদনা কৰক

উল্লাসনগৰত ডেনিম উৎপাদন কৰা কেইবাটাও ক্ষুদ্ৰ ব্যৱসায় আছে। কোনো কোনো উৎপাদকে ইয়াৰে পৰা বিশ্বজুৰি জিঞ্চ ৰপ্তানি কৰে। [2] আচবাবপত্ৰ, কানি-কাপোৰ আৰু বৈদ্যুতিক বজাৰৰ বাবেও ই জনাজাত। [3] তদুপৰি উল্লাসনগৰত ছপাশাল, বস্ত্ৰশিল্প বয়ন, মিঠাই, আচবাবপত্ৰ আদিৰ দৰে কেইবাটাও ক্ষুদ্ৰ ব্যৱসায় আছে।

জনগাঁথনি সম্পাদনা কৰক

উল্লাসনগৰৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৭৪%
বৌদ্ধ
  
১৫%
জৈন
  
৫.৭%
খ্ৰীষ্টান
  
২.৪%
অন্য
  
১.১%
মুছলমান
  
১%
শিখ
  
০.২%
Distribution of religions

২০১১ চনৰ লোকপিয়ল অনুসৰি উল্লাসনগৰৰ জনসংখ্যা ৫,০৬,০৯৮জন আছিল। [4] ই মহাৰাষ্ট্ৰৰ ২২তম আৰু ভাৰতৰ ৮৮তম আটাইতকৈ ডাঙৰ নগৰ। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৫৩% আৰু ৪৭%।

শিক্ষা সম্পাদনা কৰক

এই নগৰত ১২৯খন প্ৰাথমিক বিদ্যালয়, ৫৬খন মাধ্যমিক বিদ্যালয়, ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৩খন মহাবিদ্যালয় আৰু ২খন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আছে।

উল্লেখযোগ্য বাসিন্দা সম্পাদনা কৰক

আশিষ চঞ্চচলানী (জনপ্ৰিয় ভাৰতীয় ইউটিউবাৰ)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Mumbai Councils". Archived from the original on 2010-12-25. https://web.archive.org/web/20101225045217/http://www.mmrdamumbai.org/basic_councils.htm। আহৰণ কৰা হৈছে: 2020-05-31. 
  2. Dionne Bunsha (17 December 2004). "The States:Ulhasnagar in a new role". The Hindu. Archived from the original on 10 March 2007. https://web.archive.org/web/20070310185007/http://www.hinduonnet.com/fline/fl2125/stories/20041217001704400.htm। আহৰণ কৰা হৈছে: 24 May 2007. 
  3. "About Ulhasnagar, Introduction of Ulhasnagar, Ulhasnagar Profile". www.ulhasnagaronline.in. http://www.ulhasnagaronline.in/city-guide/about-ulhasnagar। আহৰণ কৰা হৈছে: 9 January 2016. 
  4. [1]