ঊষা বৰঠাকুৰ (ইংৰাজী: Usha Barthakur) কুৰি শতিকাৰ প্ৰাৰম্ভতে জন্ম গ্ৰহণ কৰা এগৰাকী কংগ্ৰেছ কৰ্মী আৰু স্বাধীন ভাৰতত দুবাৰো ৰাজ্যৰ বিধান সভাৰ সদস্য পদ পোৱাৰ লগতে ৰাজ্যসভাৰো সদস্য পদ লাভ কৰিছিল৷ ঊষা বৰঠাকুৰৰ পিতৃৰ নাম লক্ষ্মীপ্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া৷ ঊষা বৰঠাকুৰে মাত্ৰ বাৰ বছৰ বয়সতে বিয়া কৰাইচিল৷ স্বামী আছিল চন্দ্ৰনাথ৷[1]

শিক্ষা সম্পাদনা কৰক

ঊষা বৰঠাকুৰে ১৯৩৫ চনত প্ৰাইভেটকৈ পৰীক্ষা দি প্ৰৱেশিকা উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত ১৯৪২ চনত বি,এ আৰু ১৯৪৮ চনত বি,টি পাছ কৰে৷ তেওঁ নিজৰ উদ্যোগত নগাঁৱত এখন এম, ভি স্কুল প্ৰতিষ্ঠা কৰি পিছলৈ ১৯৪০ চনত স্কুলখন হাইস্কুল পৰ্যায়লৈ উত্তীৰ্ণ কৰিছিল৷[1]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

ঊষা বৰঠাকুৰে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সান্নিধ্যত ৰাজনীতিত সোমাই পৰে৷ ১৯২৬ চনত গঠিত “অসম প্ৰাদেশিক মহিলা সমিতি’’ৰ নগাঁও শাখাৰ সম্পাদিকা আছিল বৰঠাকুৰ৷ কংগ্ৰেছ কৰ্মী হিচাপে তেওঁ আন্দোলনৰ কামত সক্ৰিয় হৈ পৰিছিল৷ স্বাধীনোত্তৰ কালত তেওঁ ১৯৭৫-৭৭ৰ কালছোৱাত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫২ আৰু ১৯৫৭ চনত তেওঁ দুবাৰ কংগ্ৰেছ প্ৰাৰ্থী হৈ বিধায়ক নিৰ্বাচিত হয়৷ ১৯৬৬ চনত তেওঁ কংগ্ৰেছ দলৰ হৈ ৰাজ্যসভাৰ সাংসদ পদ লাভ কৰিছিল৷ তেওঁ এগৰাকী লেখিকাও আছিল আৰু তিনিখন গ্ৰন্থ ৰচনা কৰিছিল বুলি জনা যায়৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৪৭. ISBN 978-81-7339-428-7.