উৰুলি
উৰুলি (ইংৰাজী: Uruli ) এবিধ মুখবাদ্য৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী নাৰীয়ে মাংগলিক কাৰ্য্যত উৰুলি ধ্বনি কৰে৷ অসমীয়া, বঙালী আৰু উড়ীয়া লোকসংস্কৃতিত[1] ই এক এৰাব নোৱৰা সামজিক প্ৰথা৷ ই কেৱল মহিলাসকলৰ দ্বাৰাহে কৰা হয়৷ উৰুলিক উৎসৱ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷
উৎপত্তি
সম্পাদনা কৰকউৰুলি শব্দৰ উৎপত্তি সম্পৰ্কে মতভেদ দেখা যায়৷ সুমেৰীয় শব্দ ’উলু’ৰ পৰা উৰুলি বা উলুধ্বনি শব্দটোৰ সৃষ্টি হোৱা বুলি ক’ব পাৰি৷ ইংৰাজীত ইয়াৰ অৰ্থ, মুখেৰে কৰা এক ধেমেলীয়া শব্দ৷ সুমেৰীয় ভাষাৰ ’উলু’ শব্দৰ অৰ্থ আনন্দত চিৎকাৰ কৰা৷ সেইফালৰ পৰা এই উলু শব্দৰ পৰাই উৰুলি বা উলুধ্বনি হোৱা বুলি ক’ব পাৰি৷ আনহাতে, ফেঁচাই খৰকৈ মতা মাতৰ অনুকৰণত এই উৰুলি ধ্বনি সৃষ্টি হোৱা বুলিও বহুতে ক’ব খোজে৷ উলুক মানে ফেঁচা৷ উলুকৰ উলুধ্বনিৰ অনুকৰণত হয়তো উৰুলি বা উলুধ্বনি হ’ল৷[2]
উৰুলি দিয়াৰ নিয়ম
সম্পাদনা কৰকবিয়া, পূজা, গৃহপ্ৰৱেশ, উপনয়ন, তোলনী বিয়া আৰু ৰাজহুৱা অনুষ্ঠানৰ শুভাৰম্ভণৰ সময়ত উৰুলি অসমীয়া আৰু বাঙালী সমাজৰ এক প্ৰাচীন পৰম্পৰা৷ বৈদিক যুগৰে পৰা উৰুলিৰ প্ৰচলন থকাৰ কথা পোৱা যায়৷ বৰ্তমানো বিভিন্ন পূজাত ঘণ্টাধ্বনিৰ লগতে উৰুলিধ্বনি এৰাব নোৱৰা বিষয়৷ উৰুলি মহিলাসকলেহে দিয়ে৷ ওঁঠ দুটা জোঙা কৰি জিভাখন দীঘলীয়াকৈ উলিয়াই জিভাৰে দুয়ো ওঁঠৰ কোণত খৰকৈ খুন্দিয়াই মুখেৰে ’উলুলুলু’ ধ্বনি কৰে৷ সেইকাৰণে উৰুলিক হয়তো বঙালীসকলে “উলুধ্বনি’’ বোলে৷ উৰুলি অপায়-অমংগল আঁতৰোৱাৰ উপায় হিচাপেও গণ্য কৰা হয়৷ সাধাৰণতে ফেঁচাক লোকসমাজত অমংগলৰ প্ৰতীক ৰূপে গণ্য কৰা হয় যদিও কেতিয়াবা ফেঁচাই উৰুলি দিলে সেই ঠাইখনত শুভ কাম হোৱাৰ ইংগিত পোৱা বুলি ধৰা হয়৷[3] কাৰোবাৰ ঘৰৰ বাৰীত পৰি ফেঁচাই উৰুলি দিলে সেইঘৰত অচিৰে কিবা মাংগলিক কাৰ্য হ’বই বুলি লোকবিশ্বাস প্ৰচলিত৷[4] বাঙালী সমাজত ভূমিকম্প আহিলে কাঁহ আৰু শঙ্খ বজাই উৰুলি দিয়ে৷
বিবাহত উৰুলিৰ প্ৰয়োগ
সম্পাদনা কৰকঅসমীয়া সমাজৰ বিবাহত উৰুলি এক অবিচ্ছেদ্য লোকাচাৰ৷ একেটা উশাহত উৰুলি দিয়া হয়৷[5] আয়তীৰ জাত জাত বিয়ানামৰ লগতে উৰুলিৰ ধ্বনিয়ে বিয়াঘৰত এক মাংগলিক পৰিৱেশৰ সৃষ্টি কৰে৷ বিয়াৰ জোৰোণ আহি পদূলিমুখ পোৱাৰ পিছতে দৰাঘৰীয়া আয়তীৰ উৰুলিত কইনাঘৰত উখল-মাখল লাগে৷ তাৰপিছত প্ৰতিটো কাৰ্যৰে আৰম্ভণি উৰুলিৰে কৰা হয়৷ কইনা বহা কঠত চাউল ছটিয়াওতে, কইনাৰ শিৰত সেন্দূৰ দিওঁতে, পানী কাটোঁতে, পানী তোলোতে, পানী তুলি উভতি খোজ লওঁতে, কইনা নোৱাওঁতে, সুৱাগুৰি তোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, দৰা আদৰা, মালা পিন্ধোৱা[6] আদি বিয়াৰ সকলো পৰ্যায়তে উৰুলি ধ্বনি কৰাটো নিয়ম৷ বিয়াৰ বাদে আন আন নাৰীকেন্দ্ৰিক লোকাচাৰত উৰুলি এক অবিচ্ছেদ্য অংগ৷ উপনয়ন, পঞ্চামৃত খোৱা, জেঠুৱা খোৱা, জেওৰা দিয়া আদি কামৰ মহিলাসকলে উৰুলিৰে মংগল কামনা কৰে৷ অসমৰ কিছুমান অঞ্চলৰ কোনো কোনো জনগোষ্ঠীৰ মাজত ল’ৰা সন্তান জন্ম হ’লে শঙ্খ বজোৱাৰ লগতে উৰুলি ধ্বনি দি আনন্দ প্ৰকাশ কৰে৷[7]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ https://www.wikiwand.com/bn/%E0%A6%89%E0%A6%B2%E0%A7%81%E0%A6%A7%E0%A7%8D%E0%A6%AC%E0%A6%A8%E0%A6%BF
- ↑ বৰুৱা, শান্তনু কৌশিক (২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ২৭২. ISBN 978-81-950015-4-5.
- ↑ বৰুৱা, দিলীপ কুমাৰ (ডিচেম্বৰ ২০১৪). "অসমৰ এটি বিৰল লোকাচাৰ, উৰুলি". প্ৰান্তিক.
- ↑ গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল. পৃষ্ঠা. ২২৭.
- ↑ "অসমীয়া নাৰীসকলৰ লোকাচাৰ উৰুলি". https://rongilibarta.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0/। আহৰণ কৰা হৈছে: 13 March 2023.
- ↑ বৰদলৈ, নিৰ্মলপ্ৰভা (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২৪-২৯.
- ↑ ভকত, ড° লাবণ্য (২০২১). কোচ-ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃষ্ঠা. ৪৩. ISBN 978- 93-81678-81-7.