ঋ
ঋ অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে।[1] ব্ৰেইল্ত 'ঋ'-ক এনেদৰে লিখা যায়।[2]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লেসম্পাদনা কৰক
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঋ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঋ'ৰ গৌণ ৰূপ। 'ঋ'ৰ সেই ৰূপটো হ'ল 'ৃ'।[3] উদাহৰণ স্বৰূপে, ক্+ঋ=কৃ।
ইউনিক’ডসম্পাদনা কৰক
ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ঋ | ঋ | U+098B |
BENGALI LETTER VOCALIC R |
গৌণ ৰূপ | ৃ | ৃ | U+09C3 |
BENGALI VOWEL SIGN VOCALIC R |
ঋৰে আৰম্ভ হোৱা শব্দসম্পাদনা কৰক
তলত ঋৰে আৰম্ভ হোৱা কেইটামান শব্দ দিয়া হ'ল:
- ঋষি
- ঋষভ
- ঋতু
- ঋণ
- ঋজু আদি
ঋ-কাৰ যুক্ত শব্দসম্পাদনা কৰক
তলত ঋ-কাৰযুক্ত শব্দৰ উদাহৰণ দিয়া হ'ল:
- কৃষি
- কৃত
- কৃতকাৰ্য
- কৃতঘ্ন
- মৃগ আদি।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ 'অসমীয়া বৰ্ণমালা--স্বৰবৰ্ণ'ৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)