ঋকবেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেদ। ঋকবেদ বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ। বেদমন্ত্ৰসমূহৰ ভিতৰত যিবোৰ মন্ত্ৰ ছন্দোবদ্ধ আৰু একো একোটি পূৰ্ণ অৰ্থৰ প্ৰকাশক, সেই মন্ত্ৰবোৰকে ঋক বুলি জনা যায়। ঋকবেদ বা ঋকবেদ সংহিতা হ’ল এনে ঋকৰ সংকলন। সেয়েহে ই ঋক সংহিতা নামেৰেও জনাজাত।

ঋকবেদ

ঋকবেদৰ ৰচনাকাল আৰু বৈশিষ্ট্য সম্পাদনা কৰক

ঋকবেদৰ ৰচনাকাল সম্পৰ্কে বুৰঞ্জীবিদ আৰু বিশেষজ্ঞ সকলৰ মাজত মতভেদ দেখা যায়। তথাপিও খ্ৰীষ্টপূৰ্ব দশমৰ পৰা দ্বিতীয় শতিকাৰ ভিতৰত ঋকসমূহ ৰচনা কৰা হৈছিল বুলি সকলোৱে সহমত পোষণ কৰিছে। ঋকবেদত মুঠ ১০,৫৮০টা ঋক আছিল আৰু তাৰ ভিতৰত ১৬৩টা ঋক লোপ পাইছে। সংস্কৃত ভাষাত ৰচিত ঋকসমূহ একো একোজন দেৱতাক উদ্দেশ্যি ৰচিত। ঋকবেদৰ সৰ্বাধিক শ্লোক ইন্দ্ৰক উদ্দেশ্যি ৰচিত। মুঠ শ্লোকৰ এক চতুৰ্থাংশতকৈও অধিক শ্লোক দেৱৰাজ ইন্দ্ৰৰ গুণ-গানেৰে পৰিপূৰ্ণ। ইন্দ্ৰৰ পিছতে অগ্নিৰ প্ৰাধান্য। ঋকবেদৰ প্ৰথম শ্লোকটোকে ধৰি মুঠ শ্লোকৰ এক পঞ্চমাংশ অগ্নিৰ নামত উৎসৰ্গিত। ইয়াৰ উপৰিও ঋকবেদত সূৰ্য, বৃহস্পতি, বৰুণ, যম, বিষ্ণু, ৰুদ্ৰ(শিৱ) আদি দেৱতাৰ উল্লেখ পোৱা যায়। এই ঋকসমূহ প্ৰধানকৈ পুৰোহিতসকলৰ মাজত ধৰ্মানুষ্ঠানৰ বাবে ৰক্ষিত হৈ আছিল। আৰ্যসকলে যাগযজ্ঞত সিদ্ধিলাভৰ বাবে ঋকবেদৰ মন্ত্ৰৰে দেৱতাসকলক প্ৰাৰ্থনা কৰিছিল। পৃথিৱীৰ সৃষ্টি সম্পৰ্কে দাৰ্শনিক তত্ত্ব অন্তৰ্নিহিত হৈ থকা শ্লোক কিছুমানেৰে ঋকবেদৰ সামৰণি মৰা হৈছে।[1]

তথ্যসূত্ৰ: সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, পৃষ্ঠা নং: ১৫৭