ঋতুস্ৰাৱ

(ঋতুস্ৰাবৰ পৰা পুনঃনিৰ্দেশিত)

ঋতুস্ৰাৱ (ইংৰাজী: Menstruation) হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গস্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া।[1] প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফেলোপিয়ান নলীয়েদি জৰায়ুলৈ আহে আৰু ৩-৪ দিন অৱস্থান কৰে।[2] এই সময়ত যদি পুৰুষৰ লগত যৌনমিলনৰ মাধ্যমেদি নাৰীৰ জৰায়ুত শুক্ৰকীট নাহে আৰু নহাৰ কাৰণে যদি ডিম্ব নিষিক্ত নহয়, তেতিয়া সি নষ্ট হৈ যায় আৰু জৰায়ুৰ অভ্যন্তৰৰ সৰস স্তৰ (এণ্ডমেট্ৰিয়াম) ভাঙি যায়। এই ভগ্ন আৱৰণ, শ্লেষ্মা আৰু ইয়াৰ ৰক্ত বাহিকাৰ পৰা উৎপাদিত ৰক্তপাত সকলো মিহলি হৈ তৈয়াৰ হোৱা তৰল আৰু তাৰ লগতে ইয়াৰ গোট মৰা আৰু আধা গোট মৰা মিশ্ৰণ কেইবা দিন ধৰি একেৰাহে যোনিপথেৰে নিৰ্গত হয়। এই ক্ষৰণেই ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ বা ৰজঃস্ৰাৱ। কেতিয়াবা ইয়াক গৰ্ভস্ৰাৱ হিচাপেও উল্লেখ কৰা হয়। যদি নাৰীৰ জৰায়ুত অবমুক্ত ডিম্বটো পুৰুষৰ স্খলিত শুক্ৰৰ দ্বাৰা নিষিক্ত হৈ এণ্ডোমেট্ৰিয়ামত স্থাপিত (ইম্প্লেটেছন) হয় তেতিয়া ঋতুস্ৰাৱ নহয়। তেতিয়া মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ যোৱাটো নাৰী গৰাকীৰ গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণ হিচাপে বিবেচনা কৰা হয়।

মাহেকীয়া চক্ৰ

ৰজঃচক্ৰ বা ঋতুচক্ৰ সম্পাদনা কৰক

ৰজঃচক্ৰ বা ঋতুচক্ৰ (ইংৰাজী: Menstrual cycle) বুলিলে নাৰীদেহৰ ২৮ দিনৰ এক পৰ্যায়ক্ৰমিক শৰীৰবৃত্তীয় প্ৰক্ৰিয়াক বুজায়। প্ৰথম আৰম্ভ হয় সাধাৰণতে এঘাৰ বা বাৰ বছৰ বয়সত আৰু তাৰ পিছৰ পৰা প্ৰতিমাহে নিয়মিতভাৱে হয়। এই চক্ৰ ২৮ দিন অন্তৰে অন্তৰে বা তাৰ কিঞ্চিৎ আগে বা পাছেও হ’ব পাৰে। মাহেকীয়া ঋতুচক্ৰক তিনটা পৰ্বত ভাগ কৰা হৈছে।

  1. মেনুষ্ট্ৰুয়েল পৰ্যায়: ইয়াৰ স্খিতিকাল হল পাঁচৰ পৰা সাত দিন বা তিনৰ পৰা চাৰি দিন। এই সময়ত যোনীপথেৰে ৰক্তমিশ্ৰিত ৰস ক্ষৰণ হয়। এই ৰক্তৰ সৈতে জৰায়ুৰ অভ্যন্তৰীণ অস্খায়ী স্তৰৰ খহি পৰা কোষ কলা আৰু কিছু কিছু গ্ৰন্থিৰ ৰস মিশ্ৰিত হৈ থাকে। ইয়াৰোপৰি একধৰণৰ টিপিকেল পথ থাকে য'ৰ পৰা বুজা যায় যে ই মাহেকীয়া ঋতুস্ৰাৱৰ পথ।
  2. প্ৰলিফেৰাটিভ পৰ্যায়: এই পৰ্যায় বা সময়ত জৰায়ুৰ অভ্যন্তৰৰ ভাঙি যোৱা কোষ বা কোষৰ স্তৰবোৰ স্ত্ৰী হৰম'নৰ প্ৰভাৱত আকৌ তৈয়াৰ হবলৈ আৰম্ভ কৰে।
  3. ছিকৰেটৰি পৰ্যায়: এই সময়ত জৰায়ুৰ অভ্যন্তৰৰ প্ৰতিটো গ্ৰন্থি ৰস নি:সৰণৰ বাবে সম্পূৰ্ণভাৱে তৈয়াৰ হয়। গ্ৰন্থি আৰু তাৰ মধ্যবৰ্তী ষ্ট্ৰমা বা কলাত ৰস জমা থাকে। যৌনসঙ্গমৰ ফলস্বৰূপে পুৰুষেৰ শুক্ৰাণুৰ দ্বাৰা নাৰীৰ ডিম্বাণু নিষিক্ত হলে সি জৰায়ুত সংস্থাপিত হয়। গৰ্ভধাৰণ আৰম্ভ হয়। যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত গৰ্ভধাৰণ নঘটে তেতিয়া পৰৱৰ্তী মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয়।

ঋতুস্ৰাৱকালীন স্বাস্থ্য সম্পাদনা কৰক

অনিয়মিত ঋতুস্ৰাৱ সম্পাদনা কৰক

অনিয়মিত ঋতুস্ৰাৱ এটা সাধাৰণ সমস্যা। স্বাভাবিক ক্ষেত্ৰত এই মাহেকীয়া ঋতুস্ৰাৱ ২৮ দিনৰ মূৰে মূৰে হয়। কেতিয়াবা দুই-এদিন আগে-পাছেও হ’ব পাৰে। দুই-এদিনৰ হেৰ-ফেৰ স্বাভাৱিক। তথাপি ইয়াৰ ব্যতিক্ৰমো হ’ব পাৰে। ব্যতিক্ৰম হলে অৱশ্যেই অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে।

বিলম্বিত ঋতুস্ৰাৱ সম্পাদনা কৰক

সাধাৰণতে এঘাৰ বা বাৰ বছৰ বয়সত প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় আৰু তাৰ পৰা প্ৰতিমাহে নিয়মিতভাৱে হয়। প্ৰথম ঋতুস্ৰাৱ ন বছৰ বয়সত নাইবা তাতকৈ আগেও আৰম্ভ হ’ব পাৰে। আনহাতে কেতিয়াবা তাতকৈ পলমকৈ অৰ্থাৎ বাৰ বা তেৰ বছৰ বয়স নাইবা ইয়াৰ কিছু পিছৰ পৰাও আৰম্ভ হ’ব পাৰে। যদি ওঠৰ বছৰ বয়সতো মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ নহয়, তেতিয়া তাক সমস্যা হিচাপে গণ্য কৰি চিকিৎসকৰ ওচৰলৈ নিব লগা হয়। এই ক্ষেত্ৰত শাৰীৰিক আৰু হৰম'নজনিত কোনো প্ৰকাৰৰ অস্বাভাৱিকতা আছে নেকি, তাক নিৰ্ণয় কৰা আৱশ্যক।

ৰজঃনিবৃত্তি সম্পাদনা কৰক

কিশোৰীৰ বয়ঃসন্ধিৰ পৰা ঋতুস্ৰাৱ আৰম্ভ হয়। ইয়াৰ পিছৰে পৰা ঋতুচক্ৰ দীৰ্ঘদিন ধৰি চলি থাকে। নাৰী বয়স্ক হ'লে ঋতুস্ৰাৱ বন্ধ হৈ যায় ইয়াকে ৰজঃনিবৃত্তি (Menopause) বোলা হয়। প্ৰথমে ঋতুস্ৰাৱৰ পৰিমাণ হ্ৰাস পায় আৰু ঋতুস্ৰাৱৰ সময় পৰিধি কমি আহে। এসময়ত ঋতুস্ৰাৱ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যায়। এই সময়ত নাৰীৰ দেহত নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। ৰজঃনিবৃত্তি ঘটা মহিলা জীৱনৰ এক বিশেষ অধ্যায়। সাধাৰণতে ৪৩ ৰ পৰা ৫৩ বছৰৰ ভিতৰত নাৰীৰ জীৱনত ৰজঃনিবৃত্তি অধ্যায়ৰ অন্ত পৰে। নাৰীৰ বয়স ৪০ পাৰ হোৱাৰ পিছৰ পৰা ডিম্বাশয়ৰ কাৰ্যকাৰিতা লাহে লাহে কমি আহে। প্ৰত্যেক মহিলাৰ তলপেটত জৰায়ুৰ দুকাষে দুটা ডিম্বাশয় থাকে। ইয়াৰ কাম হল ডিম্বস্ফুটন আৰু হৰম'ন নিঃসৰণ। ইয়াৰ পৰা বেছিভাগ স্ত্ৰী হৰম'ন ইষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰন, সামান্য পুৰুষ হৰম'ন টেষ্ট'ষ্টেৰন নিঃসৰণ হয়। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা প্ৰতি মাহে একোটা ডিম্বাশয়ৰ ডিম্বস্ফুটন হয় আৰু হৰম'নবোৰো নিঃসৰিত হৈ থাকে। ৪০ বছৰৰ পিছৰ পৰা হৰম'ন নিঃসৰণ কমি আহে। ইয়াৰ প্ৰভাৱ শৰীৰ আৰু মনৰ ওপৰত পৰে। ই এটা স্বাভাৱিক ঘটনা।

শৰীৰ আৰু মনৰ ওপৰত ৰজঃনিবৃত্তিৰ প্ৰভাব সম্পাদনা কৰক

ৰজঃনিবৃত্তি আৰম্ভৰ লগে লগে মহিলাসকলৰ জীৱনত শাৰীৰিক আৰু মানসিক নানা ধৰণৰ পৰিবৰ্তন বা উপসৰ্গ দেখা দিয়ে। মাহেকীয়া অনিয়ম, হঠাতে মূৰ গৰম হোৱা বা হট ফ্লাছ, বুকু ধপধপনি, অতিৰিক্ত টোপনি ধৰা, অনিদ্ৰা, প্ৰস্ৰাৱৰ সমস্যা, ওজন বাঢ়ি যোৱা, খিংখিঙিয়া হোৱা মুড চেঞ্জ ইত্যাদি হ’ব পাৰে। জীৱনধাৰা বা লাইফ ষ্টাইলৰ পৰিবৰ্তনৰ দ্বাৰা এইবোৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ।

অনিয়মিত ঋতুচক্ৰ সম্পাদনা কৰক

এই সময়ত ঋতুচক্ৰ বা মাহেকীয়া চক্ৰৰ পৰিবৰ্তন হয়। কেতিয়াবা বহুত বেছি ৰক্তস্ৰাৱ, কেতিয়াবা কম ৰক্তস্ৰাৱ হ'ব পাৰে। কেইবাদিন ধৰি অলপ অলপ ৰক্ত যাব পাৰে। সাধাৰণতে একেৰাহে বহুত দিন ৰক্তস্ৰাৱ বা ঋতুস্ৰাৱ বন্ধ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

হট ফ্লাছ সম্পাদনা কৰক

ৰজঃনিবৃত্তি হোৱাৰ প্ৰথম বছৰবোৰত হট ফ্লাছ বা মুখ-কাণ-মূৰ আদিয়েদি গৰম ভাপ বাহিৰ হয় আৰু গা ঘামিবলৈ আৰম্ভ হয়। শতকৰা প্ৰায় ৭৫ ভাগ মহিলা এই হট ফ্লাছত ভুগি থাকে। সাধাৰণতে ৰাতিৰ সময়ত এই ঘাম বেছি বাহিৰ হয়। প্ৰথম বছৰত বেছি হয়, সাধাৰণত পাঁচ বছৰ পৰ্যন্ত হ’ব পাৰে। শৰীৰ অৱসাদবোধ হয় আৰু স্বভাবো খিংখিঙিয়া হয়। অনিদ্ৰা বাঢ়ি গলে শৰীৰলৈ ক্লান্তি নামি আহে। ইষ্ট্ৰ'জেন হৰম'নে মস্তিষ্কৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ গ্ৰন্থিবোৰোক প্ৰভাৱিত কৰে। সেয়ে ৰজঃনিবৃত্তি হলে ইষ্ট্ৰ'জেন হৰম'নৰ অভাৱৰ কাৰণে হট ফ্লাছ হয়। এই কাৰণে ইষ্ট্ৰ'জেন হৰম'নৰ প্ৰতিষ্ঠাপন কৰি ইয়াৰ চিকিৎসা কৰা হয়। সেয়ে বিশেষজ্ঞৰ পৰামৰ্শ অৱশ্যেই লব লাগে। মুখত ঠাণ্ডা পানী দিলে আৰু ঠাণ্ডা পানী খালে আৰামবোধ হয়। কফি, গৰম চাহ, চিগাৰেট, জৰ্দা এইবোৰ খালে হট ফ্লাছ আৰু বাঢ়ি যায়। ভিটামিন ‘বি’সমৃদ্ধ খাদ্য যেনে আটা, ওটমিল, ব্ৰকলি, ফুলকবি, কাঠফুলা, বাদাম, সূৰ্যমুখী বীজ, মটৰ, কিছমিছ, ৰঙা আলু, পালেংশাক ইত্যাদি খাদ্য খোৱা উচিত। হট ফ্লাছ বা ৰাতি ঘমাৰ কাৰণে অনেকৰ ভাল টোপনি নহয়। ইয়াৰোপৰি অনেকৰ ৰাতি টোপনি ভাঙি গলে আৰু টোপনি নাহে। তাৰ লগতে নানা ধৰণৰ চিন্তা বাঢ়ি যায়। তাৰ ফলত দিনটো ক্লান্তিবোধ হয়। টোপনি যোৱা ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰি। ৰাতি পাতল আহাৰ খাব লাগে, তেল-মছলাযুক্ত আহাৰ খাব নালাগে। চিগাৰেট, জৰ্দা, এলকহলৰ অভ্যাস থাকিলে বাদ দিব লাগে। শোৱাৰ আগত পাতল গৰম পানীৰে গোগল কৰিলে ভাল টোপনি হয়। মৌ-ৰস খালেও উপকাৰ পোৱা যায়। বুকু ধৰফৰ কৰা হট ফ্লাছৰ আন এটা লক্ষণ। হৃদয়ৰ সমস্যা বা অন্যান্য অসুস্থতাৰ কাৰণেও বুকু ধৰফৰ কৰিব পাৰে। সেয়ে এই সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ৰজঃনিবৃত্তি হলে কিছুমানৰ স্মৃতিশক্তি কিছু দুৰ্বল হৈ যায়। মস্তিষ্কৰ সজীৱতা বজায় ৰখাৰ বাবে ইষ্ট্ৰ'জেন হৰম'নৰ দৰকাৰী। এই হৰম'নৰ নাটনিৰ ফলত বহুতে কথা পাহৰি যায়। বিশেষকৈ যিসকলে অযথা বেছি চিন্তা কৰে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা বেছি হয়। কল, তিল, তিছি বীজ, সেউজীয়া শাক−পাচলি বেছিকৈ খোৱা উচিত।

যোনিপথৰ শুস্কতা সম্পাদনা কৰক

ৰজঃনিবৃত্তিৰ সময়ত ইষ্ট্ৰ'জেনৰ অভাৱত বহুতৰে যোনিপথৰ শুষ্কতা হোৱা দেখা যায়। ইয়াৰ ফলত সহবাসত জ্বলন অনুভৱ হ’ব পাৰে। ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান একুয়াবেজড জেলি পোৱা যায়, এইবোৰ সহবাসৰ আগে ব্যৱহাৰ কৰিব পাৰি অথবা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ইয়াৰোপৰি এই সময়ত যোনি পথত প্ৰস্ৰাৱৰ সংক্ৰমণো বেছি হয়। এই সময়ত যিহেতু প্ৰস্ৰাৱ থলিৰ স্থিতিস্থাপকতা কমি যায়, সেই কাৰণে হাঁচি বা কাহ মাৰিলে অনেক সময়ত প্ৰস্ৰাব বাহিৰ হৈ আহে। সেইবাবে পেলভিক ব্যায়াম কৰিব লাগে আৰু প্ৰতিদিনে ৮-১০ গিলাছ পানী পান কৰা উচিত। কোল্ড ড্ৰিংছ নোখুৱাই ভাল। চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ওজন বাঢ়ি যোৱা সম্পাদনা কৰক

দেহৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে শাৰীৰিক ব্যাযাম কৰা উচিত। অতিৰিক্ত কেলৰিযুক্ত খাদ্য খোৱা অনুচিত। অৰ্থাৎ ভাত, ৰুটি, লৱণ, মিঠা, চৰ্বী জাতীয় খাদ্য যিমান পাৰি কমকৈ খোৱা ভাল। সেউজীয়া শাক−পাচলি আৰু ফলমূল বেছি খাব পাৰে। চকলেট, আইচক্ৰীম, তেলত ভজা খাদ্য কম খোৱা ভাল। এই সময়ত ইষ্ট'জেনৰ অভাৱত হাড় ধীৰে ধীৰে পাতল আৰু ভঙ্গুৰ হৈ যাব পাৰে, তেতিয়া হাড়ৰ ক্ষয়িষ্ণুতা বা অছটিঅ'পৰ'ছিছ হ'ব পাৰে। এই সমস্যা সাধাৰণতে ৬০ বছৰৰ পিছত বেছি হয়, সেয়ে বহুত সোনকালে হাড়ৰ ক্ষয়ৰোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। এই ৰোগ হলে হঠাৎ কেতিয়াবা সামান্য আঘাততে হাড় ভাঙি যায়। বিশেষকৈ কঁকাল, ঊৰুসন্ধি, হাতেৰ হাড় বেছিকৈ ভাঙে। সেয়ে জীৱনধাৰাৰ কিছু পৰিবৰ্তন, খাদ্যাভ্যাসৰ পৰিবৰ্তনে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে; যেনে প্ৰথমে, প্ৰয়োজন মতে ব্যায়াম বা সাঁতোৰাৰ অভ্যাস। দ্বিতীয়তে, কেলচিয়াম যুক্ত খাদ্য যেনে কণী, গাখীৰ, সৰু মাছ, সেউজীয়া শাক−পাচলি বেছিকৈ খোৱা। প্ৰয়োজন হ'লে কেলচিয়াম পিল খোৱা আদি। তৃতীয়তে, যাৰ অছটিঅ'পৰ'ছিছ হৈ আছে তেওঁলোতে চিকিৎসকৰ পৰামৰ্শ মতে বিভিন্ন ধৰণৰ ঔষধ আৰু হৰম'ন সেৱন কৰিব লাগে।

হৃদয়ৰ সমস্যা সম্পাদনা কৰক

ইষ্ট্ৰ'জেন হৰম'নে যেনেকৈ হাড়ক মজবুত ৰাখে, তেনেকৈ ৰক্তৰ কলেষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দেখা যায়, মহিলাসকলৰ ৰজঃনিবৃত্তি হোৱাৰ পিছত হৃদয়ৰ সমস্যা বাঢ়ি যায়। এই কাৰণে অনেক সময়ত চিকিৎসকৰ পৰামৰ্শত ইষ্ট্ৰ'জেন হৰম'ন ব্যৱহাৰ কৰিব লগা হব পাৰে। বয়সৰ বঢ়াৰ লগে লগে উচ্চৰক্তচাপ, মধুমেহ, ওজন বৃদ্ধি আৰু কলেষ্টেৰল বৃদ্ধিৰ বাবেও হৃদয়ৰ সমস্যা বাঢ়ি যায়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক