একতাৰা তত বাদ্যৰ অন্তৰ্গত। একতাৰাৰ আন এটি নাম লাওটোকাৰী[1] ইয়াৰ নিৰ্মাণ প্ৰণালী এনেধৰণৰ- পানী লাওৰ খোলা এটাৰ এমূৰে ঘূৰণীয়াকৈ কাটি এপাব বাঁহৰ এটা মূৰে গাঁঠি ৰাখি বাকী ফলা কামি দুচটাক খোলাটোত বান্ধি লোৱা হয়। এতিয়া লাওখোলাটোৰ তলমূৰে বিন্ধা উলিয়াই তাঁৰ এডালৰ এটা মূৰ সেইফালেদি সুমুৱাই টানকৈ বান্ধি ৰাখিব লাগে। আনটো মূৰ বাঁহপাবৰ শেষৰফালে ফুটাই সোমোৱা শলা এডালত প্ৰয়োজন অনুসৰি টান-ঢিলা কৰিব পৰাকৈ বান্ধি আঙুলিৰে টুকুৰিয়াই সুৰ উলিওৱা হয়। লাওটোকাৰী বা একতাৰা বাদ্যটি অসমৰ লাওলোৱা বৈৰাগীসকলেহে দেহ বিচাৰৰ গীত গাই ফুৰাত ব্যৱহাৰ কৰে। অৱশ্যে গোৱালপাৰা লোকগীতৰ শিল্পীসকলেও এই বাদ্য গীতৰ সৈতে সংগত কৰে। পশ্চিম বংগত বাউল গীতৰ সৈতে এনে টোকাৰীৰ সংগত বিশেষভাৱে ব্যৱহাৰ কৰা হয়।[1]

একতাৰা
একতাৰাৰ সৈতে পাৰ্বতী বাউল

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 ধৰ্মেশ্বৰ বৰুৱা (২০০৫). [অসমৰ বাদ্যযন্ত্ৰ অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ]. বাণী মন্দিৰ. পৃষ্ঠা. ৪২. অসমৰ বাদ্যযন্ত্ৰ.