প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্‌ক্লেপিআছ (/æsˈklpiəs/; গ্ৰীক: Ἀσκληπιός, Asklēpiós [asklɛːpiós]; লেটিন: Aesculapius ) এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্‌হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। [1] তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।[2] নৰঅশ্ব চিৰ'নৰ পৰা এছ্‌ক্লেপিআছে নিৰাময়ৰ কৌশল শিকে। এছ্‌ক্লেপিআছে মানুহক অমৰ কৰি তুলিব বুলি ভয় কৰি জ্যুচে তেওঁক বজ্ৰৰে প্ৰাণনাশ কৰে।[3] ৰোগীক তেওঁ সপোনত আহি সুস্থ কৰি তোলা বিশ্বাস অনুসৰি ৰোগীয়ে তেওঁৰ মন্দিৰত শোৱাৰ নিয়ম গঢ় লৈ উঠে। এছ্‌ক্লেপিআছৰ দণ্ডিকা বৰ্তমান চিকিৎসা বিজ্ঞানৰ প্ৰতীক।

এছ্‌ক্লেপিআছ
Asclepius
চিকিৎসা, আৰোগ্য, পুনৰুজ্জীৱন আৰু চিকিৎসকৰ দেৱতা

সাপে মেৰিওৱা দণ্ডিকাৰ সৈতে এছ্‌ক্লেপিআছ (এপিড'ৰাছৰ পুৰাতাত্ত্বিক সংগ্ৰহালয়)
প্ৰতীক সাপে মেৰিওৱা দণ্ডিকা
সঙ্গী এপিয়'ন
পিতৃ-মাতৃ এপ'ল' আৰু ক'ৰ'নিছ
সহোদৰ এছ্‌ক্লেপিআছৰ অৰ্ধ ভাতৃ-ভগ্নী
সন্তান Hygeia, Iaso, Aceso, Aglaea, Panacea, Machaon, Podalirius, Telesphoros, Aratus
ৰোমান সমাৰ্থক ভেজ'ভিছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Pinch, Geraldine (2002-01-01) (en ভাষাত). Handbook of Egyptian Mythology. ABC-CLIO. ISBN 9781576072424. https://books.google.nl/books?id=N-mTqRTrimgC&pg=PA149&dq=asclepius+imhotep&hl=nl&sa=X&ved=0ahUKEwjtn_nStcrLAhVFbw8KHaYFD6AQ6AEIKjAC#v=onepage&q=asclepius%2520imhotep&f=false. 
  2. Mitchell-Boyask, p. 141
  3. Hoiberg Dale. H (Editor) (2012). Britannica reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 47.