এম. কামালুদ্দিন আহমেদ
এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক, অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হৈছে৷ তেখেত সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা সমিতিৰ সদস্য (২০১২-২০১৭) আছিল৷ সেইদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বৰ্ড অভ ষ্টাডিজৰ সদস্য (২০২০-২০২৩)৷ ভাৰতীয় সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ তেখেতৰ কবিতা অনুবাদ হৈছে৷ ইংৰাজী আৰু ফৰাচী ভাষালৈও কবিতাৰ অনুবাদ হৈছে৷ [1]
এম. কামালুদ্দিন আহমেদ | |
---|---|
![]() | |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০৫ চনত ডক্টৰেট ডিগ্ৰী লাভ৷ |
বিষয় | কবিতা, প্ৰবন্ধ |
জন্মসম্পাদনা কৰক
তেখেতৰ জন্ম হয় ১৯৬৬ চনত দৰং জিলাৰ পাথৰিঘাটৰ তুৰাই গাঁৱত। পিতৃৰ নাম নাজিমুদ্দিন আহমেদ আৰু মাতৃৰ নাম আফ্ৰোজা বেগম ৷ পিতৃয়ে ১৯৯২ চনত জলসিঞ্চন বিভাগৰ মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে তাজকিয়া (মিমি)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ দুই সন্তানৰ নাম ক্ৰমে টানৱিৰ (পুত্ৰ) আৰু জাকিয়া (জীয়ৰী)৷[2]
শিক্ষাসম্পাদনা কৰক
- প্ৰাথমিক শিক্ষাঃ মঙলদৈ গাঁও প্ৰাথমিক বিদ্যালয়
- হাইস্কুলীয়া শিক্ষাঃ মঙলদৈ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু টংলা উচ্চ মাধ্যমিক বিদ্যালয়৷
- কলেজীয়া শিক্ষাঃ কটন কলেজৰপৰা প্ৰাক্স্নাতক কলা (১৯৮২-৮৪), একে কলেজৰপৰাই কলাৰ স্নাতক (১৯৮৪-৮৭)
- বিশ্ববিদ্যালয় শিক্ষাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয় (সাহিত্য শাখা)ৰ স্নাতকোত্তৰত ১ ম শ্ৰেণী লাভ (১৯৮৭-৮৯)
- ডক্তৰেটঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০৫ চনত ডক্টৰেট ডিগ্ৰী লাভ৷ বিষয়ঃ অসমীয়া কবিতাত আধুনিকতাঃ চাৰিগৰাকী কবিৰ বিশেষ উল্লেখসহ (নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা)৷
কৰ্মজীৱনসম্পাদনা কৰক
- ১৯৯২ৰ পৰা ২০০৩ লৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ৷
- ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান৷
সাহিত্যৰাজিসম্পাদনা কৰক
কবিতা সংকলনসম্পাদনা কৰক
- দুচকুত গছৰ ভৰ বাৰিষা (১৯৯৬)
- ধোঁৱাৰ মাজৰ চৰাইটো (২০০১)
- বৰষুণঃ ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক (২০০৮)
- শুক্ৰেশ্বৰত ফুল কিনোতে (২০১৪)
- পানীৰ মাজেৰে, নিৰ্বাচিত কবিতা সংকলন (২০১৭)
- দৃশ্যান্তৰ (২০১৮)
- তগৰ তুম চাহত কা খনিজ হো (২০২১)
প্ৰবন্ধ সংকলনসম্পাদনা কৰক
- কাৰবিঃ বিষাদ আৰু ৰং, ২০০২
সাহিত্য সমালোচনামূলক পুথিসম্পাদনা কৰক
- আধুনিক অসমীয়া কবিতা (২০০৫) [3]
- সাহিত্যৰ অভিব্যক্তি (২০১৪)
- ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা (২০১৫)
সম্পাদিত গ্ৰন্থসম্পাদনা কৰক
- আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ, ২০০৯
- আধুিনক অসমীয়া সাহিত্যৰ ঐতিহ্য আৰু লক্ষ্মীনাথ বেজবৰুৱা, ২০১৪
- দোলায়িত প্ৰস্তৰ, ২০২২ (সহযোগী সম্পাদকঃ কল্পজ্যোতি ৰায়)
অনুবাদ পুথিসম্পাদনা কৰক
- দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮)
সম্পাদিত পত্ৰিকাসম্পাদনা কৰক
- অন্বেষণ, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা (২০১৫)
বঁটা আৰু সন্মানসম্পাদনা কৰক
- সদৌ অসম কবি সন্মিলনৰ বেণু চিৰিং বঁটা, ২০১৫
- অন্যযুগ সাহিত্য সন্মান, ২০২০