এলকেন
জৈৱ ৰসায়নত এলকেন (ইংৰাজী: Alkane) বা পেৰাফিন (ইংৰাজী: Paraffin) (পুৰণি নাম) হৈছে এবিধ সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH2n+2।[1] উদাহৰণস্বৰূপে, n=1 ৰ ক্ষেত্ৰত CH4, যাৰ নাম মিথেন। মিথেন হৈছে এলকেন পৰিয়ালৰ প্ৰথম সদস্য। এলকেনসমূহৰ পৰিসৰ মিথেনৰ নিচিনা সৰল যৌগৰ পৰা আৰম্ভ কৰি পেণ্টাক'ণ্টেন বা ৬-ইথাইল-২-মিথাইল-৫-(১-মিথাইলইথাইল) অক্টেন (টেট্ৰাডেকেনৰ (C14H30) এটা সমযোগী) আদিৰ নিচিনা ডাঙৰ তথা জটিল যৌগলৈ বিস্তৃত হৈ আছে।
বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থাই (IUPAC) সংজ্ঞায়িত কৰিছে যে এলকেনসমূহ “সাধাৰণ সংকেত CnH2n+2 বিশিষ্ট অচক্ৰীয় শাখাযুক্ত বা শাখাবিহীন হাইড্ৰ'কাৰ্বন, আৰু সেয়েহে এইবোৰ সম্পূৰ্ণ হাইড্ৰ'জেন পৰমাণু আৰু সংপৃক্ত কাৰ্বন পৰমাণুৰে গঠিত”। অৱশ্যে, কিছুমান উৎসত একচক্ৰীয় (অৰ্থাৎ চাইক্ল'এলকেনসমূহ যাৰ সাধাৰণ সংকেত CnH2n) বা বহুচক্ৰীয় হাইড্ৰ'কাৰ্বনকে ধৰি যিকোনো সংপৃক্ত হাইড্ৰ'কাৰ্বন বুজাবলৈ এলকেন শব্দটো ব্যৱহাৰ কৰা হৈছে।[2]
এটা এলকেনত প্ৰত্যেকটো কাৰ্বন পৰমাণু চাৰিডাল ছিগমা বান্ধনিসহ (C–C বা C–H) sp3-সংকৰিত হৈ থাকে আৰু প্ৰত্যেকটো হাইড্ৰ'জেন পৰমাণু কাৰ্বন পৰমাণুৰ (এডাল C–H বান্ধনিত) এটাৰ লগত সংযুক্ত হৈ থাকে। এটা অণুত সংযোজিত কাৰ্বন পৰমাণুৰ আটাইতকৈ দীঘল শৃংখলাটোক ইয়াৰ কাৰ্বন কংকাল বা কাৰ্বন মেৰুদণ্ড বুলি কোৱা হয়। কাৰ্বন পৰমাণুৰ সংখ্যাক এলকেনৰ আকাৰ হিচাপে গণ্য কৰিব পৰা যায়।
উচ্চতৰ এলকেনৰ এটা গোট হৈছে মম (প্ৰমাণ বায়ুমণ্ডলীয় উষ্ণতা আৰু চাপত (SATP) থকা এবিধ কঠিন পদাৰ্থ) যাৰ কাৰ্বন মেৰুদণ্ডত কাৰ্বন পৰমাণুৰ সংখ্যা ১৭ তকৈ বেছি। পুনৰাবৃত্তি ঘটা –CH2 এককৰ সৈতে এলকেনসমূহে জৈৱিক যৌগৰ এক সমজাত শৃংখলা গঠন কৰে য'ত তাৰ সদস্যসকলৰ আণৱিক ভৰ ১৪.০৩ ডেল্টনৰ গুণিতকৰ দ্বাৰা পৃথক হয়।
মিথেন মিথেনোজেনিক বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হয়। কিছুমান দীঘল-শৃংখলযুক্ত এলকেনে কিছুমান নিৰ্দিষ্ট প্ৰাণীৰ প্ৰজাতিত ফেৰ'ম'ন হিচাপে আৰু উদ্ভিদ তথা ভেঁকুৰত সুৰক্ষামূলক মম হিচাপে কাম কৰে যদিও বেছিভাগ এলকেনৰে বেছি জৈৱিক কাৰ্যকলাপ নাই। সেইবোৰক আণৱিক গছ হিচাপে গণ্য কৰিব পাৰি যাৰ ওপৰত জৈৱিক অণুৰ অধিক সক্ৰিয়/বিক্ৰিয়ক কাৰ্যকৰী গোটসমূহ ওলোমাই ৰাখিব পাৰি।
পেট্ৰ'লিয়াম (খাৰুৱা তেল) আৰু প্ৰাকৃতিক গেছ হৈছে এলকেনৰ দুটা মুখ্য বাণিজ্যিক উৎস।
এটা এলকাইল গোট হৈছে এলকেনৰ ওপৰত আধাৰিত এক আণৱিক খণ্ড যিয়ে বন্ধনৰ বাবে এটা মুক্ত যোজ্যতা বহন কৰে।
গঠন আৰু শ্ৰেণীবিভাজন
সম্পাদনা কৰকসাধাৰণতে C-C (কাৰ্বন-কাৰ্বন) এক বান্ধনিৰ দূৰত্ব ১.৫৩ Å (১ মিটাৰ = 10-10 আংষ্টৰ্ম)।[3] সংপৃক্ত হাইড্ৰ'কাৰ্বনবোৰ ৰৈখিক, শাখাযুক্ত বা চক্ৰীয় হ'ব পাৰে। ইয়াৰে তৃতীয় গোটটোক প্ৰায়েই চাইক্ল'এলকেন বুলি কোৱা হয়।[1] ৰৈখিক, শাখাযুক্ত আৰু চক্ৰীয় এলকেনবোৰক একত্ৰিত কৰিলে অতি জটিল গাঁথনিও পাব পাৰি।
ভৌতিক ধৰ্ম
সম্পাদনা কৰকএলকেনসমূহৰ কোনো ৰং নাই।[4] কম আণৱিক ভৰযুক্ত এলকেনসমূহ গেছ, মধ্যমীয়া আণৱিক ভৰযুক্ত এলকেনসমূহ তৰল আৰু বেছি আণৱিক ভৰযুক্ত এলকেনসমূহ কঠিন।[5][6]
এলকেনসমূহৰ তালিকা
সম্পাদনা কৰকএলকেন | সাংকেতিক চিহ্ন | উতলাংক [°C] | গলনাংক [°C] | ঘনত্ব [kg/m3] (20 °C ত) | সমযোগী |
মিথেন | CH4 | -১৬২ | −১৮২ | ০.৬৫৬ (গেছ) | ১ |
ইথেন | C2H6 | −৮৯ | −১৮৩ | ১.২৬ (গেছ) | ১ |
প্ৰ'পেন | C3H8 | −৪২ | −১৮৮ | ২.০১ (গেছ) | ১ |
বিউটেন | C4H10 | ০ | −১৩৮ | ২.৪৮ (গেছ) | ২ |
পেণ্টেন | C5H12 | ৩৬ | −১৩০ | ৬২৬ (তৰল) | ৩ |
হেক্সেন | C6H14 | ৬৯ | −৯৫ | ৬৫৯ (তৰল) | ৫ |
হেপ্টেন | C7H16 | ৯৮ | −৯১ | ৬৮৪ (তৰল) | ৯ |
অ'ক্টেন | C8H18 | ১২৬ | −৫৭ | ৭০৩ (তৰল) | ১৮ |
ন'নেন | C9H20 | ১৫১ | −৫৪ | ৭১৮ (তৰল) | ৩৫ |
ডেকেন | C10H22 | ১৭৪ | −৩০ | ৭৩০ (তৰল) | ৭৫ |
আনডেকেন | C11H24 | ১৯৬ | −২৬ | ৭৪০ (তৰল) | ১৫৯ |
ড'ডেকেন | C12H26 | ২১৬ | −১০ | ৭৪৯ (তৰল) | ৩৫৫ |
ট্ৰাইডেকেন | C13H28 | ২৩৫ | −৫.৪ | ৭৫৬ (তৰল) | ৮০২ |
টেট্ৰাডেকেন | C14H30 | ২৫৩ | ৫.৯ | ৭৬৩ (তৰল) | ১৮৫৮ |
পেণ্টাডেকেন | C15H32 | ২৭০ | ১০ | ৭৬৯ (তৰল) | ৪৩৪৭ |
হেক্সাডেকেন | C16H34 | ২৮৭ | ১৮ | ৭৭৩ (তৰল) | ১০,৩৫৯ |
হেপ্টাডেকেন | C17H36 | ৩০৩ | ২২ | ৭৭৭ (কঠিন) | ২৪,৮৯৪ |
অ'ক্টাডেকেন | C18H38 | ৩১৭ | ২৮ | ৭৮১ (কঠিন) | ৬০,৫২৩ |
ন'নাডেকেন | C19H40 | ৩৩০ | ৩২ | ৭৮৫ (কঠিন) | ১৪৮,২৮৪ |
আইক'ছেন | C20H42 | ৩৪৩ | ৩৭ | ৭৮৯ (কঠিন) | ৩৬৬,৩১৯ |
ট্ৰায়াক'ণ্টেন | C30H62 | ৪৫০ | ৬৬ | ৮১০ (কঠিন) | ৪,১১১,৮৪৬,৭৬৩ |
টেট্ৰাক'ণ্টেন | C40H82 | ৫২৫ | ৮২ | ৮১৭ (কঠিন) | |
পেণ্টাক'ণ্টেন | C50H102 | ৫৭৫ | ৯১ | ৮২৪ (কঠিন) | |
হেক্সাক'ণ্টেন | C60H122 | ৬২৫ | ১০০ | ৮২৯ (কঠিন) | |
হেপ্টাক'ণ্টেন | C70H142 | ৬৫৩ | ১০৯ | ৮৬৯ (কঠিন) |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 G. P. Moss, P. A. S. Smith, D. Tavernier (1995). "Article Glossary of class names of organic compounds and reactivity intermediates based on structure (IUPAC Recommendations 1995)". Pure and Applied Chemistry খণ্ড 67 (8-9): 1307-1375. https://doi.org/10.1351/pac199567081307.
- ↑ "Alkanes". LibreTexts. 29 November, 2016. https://chem.libretexts.org/Bookshelves/Organic_Chemistry/Supplemental_Modules_(Organic_Chemistry)/Hydrocarbons/Alkanes। আহৰণ কৰা হৈছে: 12 January 2022.
- ↑ Smith, Michael B.; March, Jerry (2007), Advanced Organic Chemistry: Reactions, Mechanisms, and Structure (6th সম্পাদনা), প্ৰকাশক New York: Wiley-Interscience, p. 23, ISBN 978-0-471-72091-1, https://books.google.com/books?id=JDR-nZpojeEC&printsec=frontcover
- ↑ "Archived copy". Archived from the original on 29 October 2013. https://web.archive.org/web/20131029192647/http://nsdl.niscair.res.in/bitstream/123456789/777/1/Revised+organic+chemistry.pdf। আহৰণ কৰা হৈছে: 16 January 2022.
- ↑ "Molecule Gallery - Alkanes". www.angelo.edu. Archived from the original on 19 March 2022. https://web.archive.org/web/20220319042437/https://www.angelo.edu/faculty/kboudrea/molecule_gallery/01_alkanes/00_alkanes.htm। আহৰণ কৰা হৈছে: 16 January 2022.
- ↑ Allaby, Michael, ed (1988). "Alkanes (paraffins)". Illustrated Dictionary of Science, Andromeda. Windmill Books (Andromeda International). Archived from the original on 2023-12-11. https://web.archive.org/web/20231211132627/https://search.credoreference.com/content/entry/andidsci/alkanes_paraffins। আহৰণ কৰা হৈছে: 2022-01-16.