এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে। তেওঁলোকৰ মাজত থকা পৰিকল্পনা,পৰিচয়, বিচাৰ আদি নিজৰ এলজিবিটি সমাজৰ উপৰি আন বাহিৰৰ মুখ্য ধাৰাত অনিবলৈও এলজিবিটি প্ৰতীক (LGBT Symbol)-সমূহ ব্যৱহাৰ কৰা হয়। আন্তৰ্জাতিকভাবে আটাইতকৈ ব্যৱহৃত আৰু স্বীকৃতি প্ৰাপ্ত প্ৰতীক সমূহ হৈছে গুলপীয়া ত্ৰিভুজ (Pink Triangle) আৰু গৌৰৱ পতাকা (Pride Flag)।