এলজিবিটি সমাজ

লেছবিয়ান, গে', বাইছেক্সুৱেল আৰু ট্ৰাঞ্চজেণ্ডাৰসকলৰ সমাজ

এলজিবিটিকিউ+ সমাজ (ইংৰাজী: LGBTQ+ Community, বৈজ্ঞানিক ভাবে:পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু সমাজ (Sexual and Gender Minorities)) হ'ল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখিতা (Sexual and romantic orientation) থকা লেছবিয়ান (Lesbian), গে’ (Gay), বাইচেক্সুৱেল (Bisexual) আৰু পৃথক লিংগ পৰিচয় (gender identity) থকা ট্ৰান্সজেণ্ডাৰ (Transgender) তথা কুইয়াৰ সকলৰ একত্ৰিত সমাজ। এই সমাজখনে গৌৰৱেৰে নিজক আঁকোৱালি নিজস্বতাক উদযাপন কৰে। এই সমাজে নিজৰ পছন্দ অনুসৰি জীয়াই থকা, একে লিংগৰ সম্পৰ্ক আৰু একে লিংগৰ বিবাহ (ভালপোৱা আৰু সংগী লোৱাৰ) অধিকাৰ বিচাৰি তথা অইন সমাজত থকা সংখ্যাগৰিষ্ঠবাদী বিপৰীতলিংগবাদ, হ'ম'ফ'বিয়া, বাইফ'বিয়া, ট্ৰান্সফ'বিয়াৰ বিৰুদ্ধে গঠিত এক সমাজ। গে’ প্ৰাইড (Gay pride) বা গে’ গৌৰৱ শব্দটো এলজিবিটি সমাজৰ একটা, পৰিচয় আৰু শক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সমাজৰ ভিতৰত গে’ গাঁও (Gay Village), এলজিবিটি অধিকাৰ সংঘ, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এলজিবিটি ছাত্ৰ সংগঠন, এলজিবিটি কৰ্মচাৰী সংঘ আদি সংগঠনসমূহ অন্তৰ্গত। এলজিবিটি সমাজে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ নাগৰিক অধিকাৰ (civil rights) আৰু আন্দোলনৰ (movement) সমৰ্থন আৰু প্ৰচাৰৰ বাবে একত্ৰিত হয়।

এলজিবিটি সমাজ
মুঠ জনসংখ্যা
প্ৰায় ২৫ কোটি[lower-alpha 1]
(আনুমানিক বিশ্বব্যাপী জনসংখ্যা)

সংখ্যালঘু প্ৰেম আৰু যৌন অভিমুখী সমাজ সম্পাদনা কৰক

এলজিবিটি সমাজৰ এটা বৃহৎ ঠালে পৃথক প্ৰেম, আৱেগ আৰু যৌন আকৰ্ষণ (different sexual , romantic and emotional attraction) দেখুৱায়। তেওঁলোকে একে লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌনতা কাৰণত আকৰ্ষিত হয়। এলজিবিটি সমাজৰ একে লিংগৰ প্ৰতি আকৰ্ষিত হোৱা এই ভাগটোত সাধাৰণতে সমকামিতা যেনে: গে' আৰু লেছবিয়ান তথা অকামিতা , সৰ্বকামিতা আৰু উভকামিতা থাকে।

সমকামিতা (Homosexuality) সম্পাদনা কৰক

সমকামিতা (Homosexuality) মানে হল একে লিংগৰ প্ৰতি প্ৰেম , যৌন আৰু অন্য আবেগজনিত আকৰ্ষণ অনুভৱ কৰা। যি একে লিংগৰ সম্বন্ধ আৰু একে লিংগৰ বিবাহক প্ৰতিনিধিত্ব কৰে। পুৰুষ সমকামী সকলক গে' আৰু মহিলা সমকামী সকলক লেছবিয়ান বুলি কোৱা হয়।[2] সমকামিতা এক প্ৰকাৰৰ প্ৰাকৃতিক ব্যৱহাৰ যি মানুহৰ লগতে অন্য জীৱৰ মাজতো দেখা যায়।[3]

লেছবিয়ান (lesbian)

লেছবিয়ান হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ নাৰীয়ে অইন নাৰীৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

গে'(Gay)

গে' হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ পুৰুষে অইন পুৰুষৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

অকামিতা (Asexual) সম্পাদনা কৰক

কোনো ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিৰ প্ৰতি যদি আংশিক বা সম্পূৰ্ণ ভাবে যৌন আকৰ্ষণ অনুভৱ নকৰে তাক অকামিতা (Asexuality) বোলে। কোনো ব্যক্তিয়ে অকামি হৈয়ো আবেগিক আকৰ্ষণ থাকিব পাৰে।[4] অকামিতা কোনো ধৰণৰ ব্ৰহ্মচাৰী ব্ৰত নহয় যত জোৰ প্ৰয়োগ কৰি নিজৰ যৌন তথা প্ৰেমজনীত আবেগক দবাই ৰখা হয়।[5]

সৰ্বকামিতা (Pansexuality) সম্পাদনা কৰক

সৰ্বকামিতা (Pansexuality)ত কোনো ব্যক্তিয়ে সকলোৰে প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে। ই যিকোনো লিংগ বা ধৰণৰ হব পাৰে। এজন সৰ্বকামি ব্যক্তিয়ে পুৰুষ, নাৰী, ট্ৰান্স সকলোৰে প্ৰতি আকৰ্ষণ থাকে।

বাইচেক্সুৱেল (Bisexual) সম্পাদনা কৰক

বাইচেক্সুৱেল হ’ল দুবিধ লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰা পুৰুষ বা মহিলা। বাইচেক্সুৱেলসমূহে কেতিয়াবা কোনোবা এটা লিংগৰ প্ৰতি অধিক আৰু আনটোৰ প্ৰতি তুলনামূলকভাৱে কম আকৰ্ষণ থকা হ’ব পাৰে।

ট্ৰান্সসমাজ সম্পাদনা কৰক

এলজিবিটি সমাজৰ কিছু সদস্যই সুকীয়া লিংগ পৰিচয় (gender identity) বহন কৰে। তাৰে কিছু লোকে লিংগ অনিশ্চয়তাত (Gender dysphoria) ভোগে।

ট্ৰান্সজেণ্ডাৰ (transgender) সম্পাদনা কৰক

ট্ৰান্সজেণ্ডাৰ হ’ল বিভিন্ন মাধ্যমৰ যোগেদি নিজৰ জন্মগত লিংগৰ পৰিৱৰ্তে নিজৰ সুবিধা অনুসৰি লিংগ সলোৱা ব্যক্তি। এওঁলোক ট্ৰান্সপুৰুষ বা ট্ৰান্সমহিলা দুয়ো প্ৰকাৰৰ হ’ব পাৰে।

ট্ৰান্সভেষ্ট (transvest) সম্পাদনা কৰক

ট্ৰেন্সভেষ্ট হ’ল এনে কিছু ব্যক্তি যি নিজৰ জন্মগত লিংগৰ সলনি বেলেগ লিংগৰ দৰে অনুভৱ কৰে কিন্তু নিজৰ লিংগ সলনি কৰোৱা নাই। বৰঞ্চ নিজৰ জন্মগত লিংগতে থাকি অন্য লিংগৰ সাজ-পোচাক পৰিধান কৰে। তেওঁলোকক সাধাৰণতে ট্ৰেন্সভেষ্ট বুলি কোৱা হয়।


অধিকাৰ সম্পাদনা কৰক

 
মানৱ অধিকাৰ প্ৰচাৰৰ মুখ্য কাৰ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বৃহৎ গে' অধিকাৰ সংগঠন।

এলজিবিটি সমাজ বৰ্তমান সময়ত এক গোলকীয় সমাজলৈ ৰূপান্তৰ হৈছে যাক অন্য বাহিৰৰ অনা-এলজিবিটি লোকেও সমৰ্থন কৰে। বিশেষকৈ অধিকাৰৰ ক্ষেত্ৰত গোলকীকৰণৰ ফলত এলজিবিটি সদস্য সমূহ একত্ৰিত হোৱাত অধিক সুবিধা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ গাঁৱলীয়া ক্লজেট হৈ থকা বহুতো লোক যুদ্ধৰ বাবে ইউৰোপ গৈছিল আৰু তাত এলজিবিটি মানুহৰ বাবে এক সুন্দৰ পৰিবেশ দেখি আহে। যুদ্ধ শেষ হোৱাৰ পাছত তেওঁলোক ঘূৰি আহি নিজৰ ঘৰলৈ যোৱাৰ সলনি ডাঙৰ চহৰ সমূহত সংঘ নিৰ্মাণ কৰি থাকিবলৈ ধৰে। পাছত এই সংঘ সমূহে ৰাজনৈতিকভাবে নিজৰ অধিকাৰ বিচাৰে যেনে- ষ্ট'নৱাল বিপ্লৱ। আজি বহুতো ডাঙৰ চহৰত এলজিবিটি সমৰ্থন কেন্দ্ৰ সমূহ গঢ় লৈ উঠিছে আৰু বিষৰ বিভিন্ন উন্নত কলেজ আৰু বিশ্ববিদ্যালয় সমূহত এলজিবিটি ছাত্ৰ-ছাত্ৰীৰ বাবে সমৰ্থন কেন্দ্ৰসমূহ গঢ় লৈ উঠিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত মানৱ অধিকাৰ প্ৰচাৰ, লামদা আইনী, দা এম্পাৱাৰিং স্পিৰিত ফাউণ্ডেচন আৰু জি. এল.এল.এ.দি উকীল আদি সংস্থা, অসমত সুকীয়া, স্নেহবন্ধন আৰু সদৌ অসম ট্ৰেন্সজেণ্ডাৰ সংঘ (All Assam Transgender Association) আদি সংগঠন সমূহে এলজিবিটিৰ হকে কাম কৰি আহিছে। ইয়াৰ উপৰি এটা আন্তৰ্জাতিক গে আৰু লেছবিয়ান সংঘ এখন আছে। ১৯৪৭ চনত যেতিয়া সংযুক্ত ৰাজ্যই আন্তৰ্জাতিক মানৱ অধিকাৰৰ ঘোষণা Universal Declaration of Human Rights (UDHR) কৰে যাৰ ফলত এলজিবিটিকে সাঙুৰি সকলো লোককে জাতি, লিংগ আৰু কামিতা ভেদে সমান অধিকাৰ দিয়াৰ এক যাত্ৰা আৰম্ভ হয়। যদিও ঘোষণাটো এলজিবিটি কেন্দ্ৰ কৰি নাছিল কিন্তু তাত সমতা আৰু বৈষম্যতা আঁতৰোৱাৰ কথা কোৱা হৈছিল।[6]

একে লিংগৰ বিবাহ সম্পাদনা কৰক

 
নিজৰ সন্তানৰ সৈতে দুুুজন গে' দম্পতী

বিশ্বৰ বহুখিনি উন্নত দেশত একে লিংগৰ দম্পতীৰ মাজৰ সম্পৰ্ক সমূহক একে লিংগৰ বিবাহ ৰূপত স্বীকৃতি প্ৰদান কৰে। একে লিংগৰ বিবাহ কৰা দম্পতী সমূহে অন্য বিপৰীত লিংগৰ দম্পতীৰ দৰে যথেষ্ট সুবিধা যেনে - স্বাস্থ্যসেৱা, সম্পত্তি অধিকাৰ, সন্তানৰ অধিকাৰ, প্ৰবাসীকৰণ, পৰিয়াল চুক্তি আৰু সুৰক্ষা আদি লাভ কৰে যিবোৰ অবিবাহিত দম্পতীয়ে লাভ নকৰে। সেয়েহে প্ৰায়বোৰ উন্নত দেশত একে লিংগৰ বিবাহ বৈধ।

নামকৰণ সম্পাদনা কৰক

এলজিবিটি ইংৰাজী ভাষাৰ lesbian, gay, bisexual, আৰু transgender ৰ সংক্ষিপ্তৰূপ। এলজিবিটিৰ পূৰ্বত এলজিবি শব্দটো ১৯৮০ দশকত গে’ (Gay) শব্দৰ সলনি ব্যৱহাৰ কৰা হৈছিল।[7] পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities), বা SGM হল Sexual and Gender Minorities ৰ সংক্ষিপ্ত শব্দ যি শৈক্ষিক , ৰাজনৈতিক আৰু চিকিৎসা বিজ্ঞানত বিশেষ স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠান (National Institutes of Health);[8] স্বাস্থ্যসেৱা, মেডিকেয়াৰ আৰু মেডিকেইড সেৱা কেন্দ্ৰ (the Centers for Medicare & Medicaid Services);[9] আৰু ইউ.চি.এল.এ উইলিয়ামচ প্ৰতিষ্ঠানে (UCLA Williams Institute) এই শব্দটো গ্ৰহণ কৰিছে যি পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities) আইন আৰু নীতি অধ্যয়ন কৰে।[10] ডিউক বিশ্ববিদ্যালয় (Duke University) আৰু কেলিফৰ্ণিয়া চানফ্ৰানচিস্ক বিশ্ববিদ্যালয়ে ( University of California San Francisco) চেক্সুৱেল আৰু লিংগ সংখ্যালঘু সকলৰ বাবে স্বাস্থ্য কাৰ্যক্ৰম।[11][12] এখন ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠানৰ (National Institutes of Health) পত্ৰই পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities)ক ব্যবহাৰৰ উপদেশ দিছে কাৰণ হয়তো কিছু লোকে এলজিবিটি ভিতৰত নপৰিবও পাৰে। এলজিবিটি সমাজকৰ্মী (LGBT activist) সকলে বুজি উঠিছিল যে গে’ শব্দটোৱে তেওঁলোকৰ সমাজৰ সকলো শ্ৰেণীৰ সদস্যকে সাঙুৰি লোৱা নাছিল। কোনো লিংগৰ প্ৰতি আকৰ্ষণ হোৱা বা লৈঙ্গিকতা (Sexuality) আৰু লিংগ নিৰ্ধাৰণ সম্বন্ধীয় বিষয় সমূহৰ ওপৰত এলজিবিটি শব্দটো মুখ্য ধাৰলৈ অনা হৈছিল। উদাহৰণৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগবাঢ়ি যোৱা এলজিবিটি প্ৰকল্প (Advanced LGBT project) সমূহক এলজিবিটি সামাজিক কেন্দ্ৰ (LGBT community center) বুলি নামকৰণ কৰা হৈছিল।[13]

প্ৰাৰম্ভিক এলজিবিটিৰ উদ্দেশ্য আছিল কোনো লিংগৰ প্ৰতি আকৰ্ষণ হোৱা বা লৈঙ্গিকতা (Sexuality) আৰু লিংগ নিৰ্ধাৰণ সম্বন্ধীয় সংস্কৃতি আৰু বিবিধতাত জোৰ দিয়া। ই লেছবিয়ান, গে’, বাইচেক্সুৱেল আৰু ট্ৰেন্সজেণ্ডাৰ সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[14] ১৯৯৬ চনত কুইৰসকল যি নিজৰ লৈঙ্গিকতাক লৈ অস্পষ্ট হয়, তেওঁলোকক এলজিবিটি সমাজৰ সৈতে এক কৰি এলজিবিটিকীও (LGBTQ) বুলি কোৱা হৈছিল।[15][16]

প্ৰতীক সম্পাদনা কৰক

এলজিবিটি সমাজক বুজাবলৈ সাধাৰণতে ৰামধেনু বা ৰামধেনু পতাকাৰ বয় ব্যৱহাৰ কৰা হয়। গ্ৰীক প্ৰতীক লামদা ("L" শব্দই liberation বুজাই), ত্ৰিভুজ আৰু লিংগ প্ৰতীক (gender symbols) সমূহো ব্যৱহাৰ কৰা হয়। তদুপৰি এলজিবিটিৰ প্ৰতিখন সমাজৰ পৃথক পতাকা আছে কিন্তু অতিকৈ ব্যৱহৃত পতাকাখন হৈছে ৰামধেনু পতাকা। গিলবাৰ্ট বেকাৰৰ মতে ৰামধেনু পতাকাখনৰ প্ৰতিটো ৰঙৰ অৰ্থ হৈছে-

  • গুলপীয়া = কামিতা
  • ৰঙা = জীৱন
  • কমলা = আৰোগ্যতা
  • হালধীয়া = সূৰ্য
  • সেউজীয়া = প্ৰকৃতি
  • নীলা = কলা
  • ঘন নীলা = একতা
  • বেঙুনীয়া = দেও
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেনচি পেলচি গুলপীয়া ত্ৰিভুজ মহোৎসৱত।

পৰৱৰ্তী সময়ত গুলপীয়া আৰু ঘন নীলা আঁতৰাই দিয়া হয়, যাৰ ফলত শেহতীয়া বৰ্তমান ব্যৱহাৰ হৈ থকা পতাকাখন গঠন হয়। বৰ্তমানৰ পতাকাখন প্ৰায় ১৯৭৯ চনত গৌৰৱ যাত্ৰাত প্ৰথম ব্যৱহৃত হৈছিল।[17] আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত গে' সক্ৰিয় কৰ্মী মৰ্চাই ১৯৭০ চনত সংযুক্ত গে' মুক্তি মৰ্চাৰ পৰা আঁতৰি লামদা প্ৰতীকটো গ্ৰহণ কৰে। লামদা মহাবিদ্যালয়সমূহতো ব্যৱহৃত হয়। স্কটলেণ্ডৰ এদিনবাৰ্গত ১৯৭৪ চনৰ ডিচেম্বৰ মাহত আন্তৰ্জাতিক গে' অধিকাৰ কংগ্ৰেছে লামদাক গে' আৰু লেছবিয়ান অধিকাৰৰ আন্তৰ্জাতিক প্ৰতীক হিচাপে ঘোষণা কৰে।[17]

দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত ত্ৰিভুজ গে’সকলৰ প্ৰতীক হৈ পৰিছিল। হ'ল'কাষ্টৰ সময়ত গে'সকলক গুলপীয়া ত্ৰিভুজৰ দ্বাৰা সূচোৱা হৈছিল। ঠিক তেনেদৰে কলা ত্ৰিভুজ লেছবিয়ানসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অন্য কিছু প্ৰতীক আছে যেনে- গে' কিশোৰ আত্মহত্যা জাগৰণ ৰিবন, এইডছ জাগৰণ ৰিবন, বেঙুনীয়াগড় আদি। ১১৯৫ চনত মানৱ অধিকাৰ অভিযানে এটা নতুন প্ৰতীক (হালধীয়া সমান চিহ্ন আৰু তাৰ ওপৰত ঘন নীলা বৰ্গ) গ্ৰহণ কৰে যিটো এলজিবিটি সমাজৰ মাজত এটা অতিকৈ ব্যৱহৃত প্ৰতীক হৈ পৰে।

২০১৭ চনৰ জুন মাহৰ ৮ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলডেলফিয়া চহৰত এলজিবিটি পতাকাৰ ওপৰত কলা আৰু মটীয়া ৰং যোগ কৰে। ই এলজিবিটি সমাজৰ মাজৰ ভিন্ন ছালৰ ৰঙৰ ব্যক্তিক সন্মান জনাই নিৰ্মাণ কৰা হৈছিল।[18]

পতাকা সম্পাদনা কৰক

এলজিবিটিৰ ভিন্ন সমাজে ভিন্ন গৌৰৱ পতাকা সমূহ ব্যৱহাৰ কৰে।

 
গে' গৌৰৱ পতাকা
 
লেছবিয়ান গৌৰৱ পতাকা

প্ৰচাৰ মাধ্যম সম্পাদনা কৰক

প্ৰচাৰ মাধ্যমত এলজিবিটি সম্বন্ধে যথেষ্ট চৰ্চা হোৱা দেখা যায়। কিছুক্ষেত্ৰত গে' আৰু লেছবিয়ান সকলক কিছু চলচ্চিত্ৰত নকাৰাত্মক দিশত দেখাবলৈ যত্ন কৰা হৈছিল কিন্তু বৰ্তমান জনজাগৰণৰ বাবে যথেষ্ট প্ৰচাৰ মাধ্যমত এলজিবিটি সম্বন্ধে জাগৰণৰ সৃষ্টি কৰা দেখা গৈছে। বিশেষকৈ অসমৰ আগশাৰীৰ সংবাদ মাধ্যম প্ৰাগ নিউজে ট্ৰান্সজেণ্ডাৰ বিবাহৰ সম্বন্ধে কিছু জনজাগৰণ সৃষ্টি কৰা দেখা গৈছিল। ইয়াৰ উপৰি প্ৰতিদিন টাইম চেনেলত পৰিৱৰ্তন আদি অনুষ্ঠানত এলজিবিটি জনজাগৰণৰ বাবে সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা দেখা গৈছিল। ১৯৯৭ চনত জনপ্ৰিয় আমেৰিকান কৌতুকশিল্পী তথা দূৰদৰ্শন চেলিব্ৰিটি এলেন দিজেনেৰেছ দূৰদৰ্শনত নিজৰ অনুষ্ঠানত ক্লজেটৰ পৰা কাম আউত হৈছিল। Gomestic. 2009. Stanza Ltd [19]পাছত লাহে লাহে আৰু চেলিব্ৰিটি সমূহ কামআউত হব ধৰে। আৰু এলজিবিটি সম্বন্ধীয় অনুষ্ঠান বাঢ়িব ধৰে যিদৰে, ২০০৪ চনৰ দা এল ৱৰ্ড অনুষ্ঠান। কোম্পানী সমূহে এলজিবিটি সম্বন্ধীয় শ্লোগান ব্যৱহাৰ কৰি বিজ্ঞাপন সমূহ দিবলৈ আৰম্ভ কৰে। যিদৰে, চুবাৰু নামৰ কোম্পানীয়ে নিজৰ বিজ্ঞাপনত কয় -- "এয়া কোনো সিদ্ধান্ত নহয়, আমি এনেদৰেই নিৰ্মিত।" যি পাছত আঠখন আমৰিকাৰ চহৰত ব্যৱহৃত হয়।[20]

স্বাস্থ্য সম্পাদনা কৰক

মানসিক স্বাস্থ্য সম্পাদনা কৰক

মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এলজিবিটি সমাজে যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হয়। নিজকে স্বীকাৰ কৰিব টান পোৱা আৰু সমাজৰ ভয়ত বহুতো এলজিবিটি সদস্য ক্লজেট হৈ থকা দেখা যায়। কিছু এলজিবিটি সদস্যই নিজৰ মনৰ কথাসমূহ খুলি কব নোৱাৰাৰ বাবে হতাশাত ভোগে। বিশেষকৈ নাবালিক সকলৰ মাজত হতাশাৰ হাৰ অধিক দেখা যায় কাৰণ যৌন প্ৰবৃত্তি বিকাশ হোৱাৰ সময়ত তেওঁলোকে নিজকে বেলেগ যেন অনুভৱ কৰে। যদিও জৈৱিক ভাবে ই সম্পূৰ্ণ সাধাৰণ প্ৰক্ৰিয়া কিন্তু পৰম্পৰাগত পদ্ধতিৰ পৰা পৃথক হোৱাৰ বাবে মানসিক ভাৱে বহুতো সমস্যা দেখা যায়।[21] নাবালিক সকলৰ মাজত আত্মহত্যাৰ দৰে ঘটনাও দেখা যায়। কামিঙ আউট হোৱা বা নিজকে গ্ৰহণ কৰা এলজিবিটি নাবালিক সকলৰ মাজত হতাশাৰ হাৰ সাধাৰণতে কম দেখা যায়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Gates, Gary. "How many people are lesbian, gay, bisexual, and transgender?". UCLA School of LawWilliams Institute. https://williamsinstitute.law.ucla.edu/research/census-lgbt-demographics-studies/how-many-people-are-lesbian-gay-bisexual-and-transgender/। আহৰণ কৰা হৈছে: 1 January 2018. 
  2. Homosexual Definition in English at GayDemon.com
  3. Bruce Bagemihl (2000). Biological Exuberance: Animal Homosexuality and Natural Diversity (in English) . St. Martin's Press. ISBN  031225377X .
  4. Mary Ann Lamanna, Agnes Riedmann (2008). Marriages & Families: Making Choices in a Diverse Society (in English) . Cengage Learning. ISBN 0495390925
  5. Chasin, CJ DeLuzio (March 1, 2015). "Making Sense in and of the Asexual Community: Navigating Relationships and Identities in a Context of Resistance" . Journal of Community & Applied Social Psychology (English) 25 (2): 167-180. ISSN  1099-1298 . doi : 10.1002 / casp.2203 .
  6. Amnesty International USA. Human Rights and the Rights of Lesbian, Gay, Bisexual and Transgender People. 2009. "Archived copy". Archived from the original on 2010-07-12. https://web.archive.org/web/20100712090630/http://www.amnestyusa.org/lgbt-human-rights/about-lgbt-human-rights/page.do?id=1106573। আহৰণ কৰা হৈছে: 2010-08-29. 
  7. Acronyms, Initialisms & Abbreviations Dictionary, Volume 1, Part 1. Gale Research Co., 1985, আই.এচ.বি.এন. 978-0-8103-0683-7. Factsheet five, Issues 32–36, Mike Gunderloy, 1989
  8. "Sexual & Gender Minority Research Office". National Institutes of Health. Retrieved 2020-11-23.
  9. Sexual and Gender Minority Clearinghouse". Centers for Medicare & Medicaid Services. Retrieved 2020-11-23
  10. Park, Andrew (July 2016). "A Development Agenda for Sexual and Gender Minorities". Williams Institute. Retrieved 2020-11-23.
  11. Duke Sexual and Gender Minority Health Program". Duke University. Retrieved 2021-06-13.
  12. Center for Sexual & Gender Minority Health". University of California San Francisco. Retrieved 2021-06-13
  13. Centerlink. "2008 Community Center Survey Report". LGBT Movement Advancement Project. http://www.lgbtmap.org/file/2008-lgbt-community-center-survey-report.pdf। আহৰণ কৰা হৈছে: August 29, 2008. 
  14. Shankle, Michael D. (2006). The Handbook of Lesbian, Gay, Bisexual, and Transgender Public Health: A Practitioner's Guide To Service. Haworth Press. ISBN 978-1-56023-496-8. https://books.google.com/books?id=pUUyLSKD5voC. 
  15. The Santa Cruz County in-queery, Volume 9, Santa Cruz Lesbian, Gay, Bisexual & Transgendered Community Center, 1996. 2008-11-01. https://books.google.com/books?id=rkUEAQAAIAAJ। আহৰণ কৰা হৈছে: 2011-10-23.  page 690
  16. "Civilities, What does the acronym LGBTQ stand for?". Washington Post. https://www.washingtonpost.com/news/arts-and-entertainment/wp/2014/05/23/civilities-what-does-the-acronym-lgbtq-stand-for/। আহৰণ কৰা হৈছে: February 19, 2018. 
  17. 17.0 17.1 "Symbols of the Gay, Lesbian, Bisexual, and Transgender Movements.". Lambda.org. http://www.lambda.org/symbols.htm। আহৰণ কৰা হৈছে: 26 December 2004. 
  18. "Philly's Pride Flag to Get Two New Stripes: Black and Brown" (en-US ভাষাত). Philadelphia Magazine. 2017-06-08. https://www.phillymag.com/g-philly/2017/06/08/philly-pride-flag-black-brown/. 
  19. Gomestic. 2009. Stanza Ltd
  20. Kirchick, James (2019-06-28). "The Struggle for Gay Rights Is Over". The Atlantic. Retrieved 2019-11-22
  21. Kitts, R. (2005). "Gay adolescents and suicide: understanding the association". Adolescence
টোকা
  1. Estimate is based on Williams Institute report on US population, extrapolated to global population.[1]

লগতে পঢ়ক সম্পাদনা কৰক

  • Murphy, Timothy F., Reader's Guide to Lesbian and Gay Studies, 2000. (African American LGBT community, and also its relation to art.)