এ ছং অফ আইচ এণ্ড ফায়াৰ

আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা

এ ছং অফ আইচ এণ্ড ফায়াৰ (ইংৰাজী: A Song of Ice and Fire) হৈছে আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা। তেওঁ ১৯৯১ চনত শৃংখলাটোৰ প্ৰথম খণ্ড এ গেম অফ থ্ৰোনছ আৰম্ভ কৰে আৰু এই খণ্ডটো ১৯৯৬ চনত প্ৰকাশ পায়। প্ৰথমতে শৃংখলাটো ত্ৰয়োবৃত্ত বা ত্ৰিলজী হিচাপে কল্পনা কৰা মাৰ্টিনে পৰিকল্পিত সাতটা খণ্ডৰ ভিতৰত পাঁচটা খণ্ড প্ৰকাশ কৰিছে। ২০১১ চনত শৃংখলাটোৰ পঞ্চম আৰু আটাইতকৈ শেহতীয়া খণ্ড, এ ডান্স ৱিথ ড্ৰেগনছ প্ৰকাশিত হয় আৰু ইয়াক লিখি সম্পূৰ্ণ কতিবলৈ মাৰ্টিনক ছবছৰ সময় লাগে। তেওঁ বৰ্তমান ষষ্ঠ উপন্যাস দ্য ৱিণ্ডছ অৱ ৱিণ্টাৰ লিখি আছে। ইয়াৰ লগতে এ ড্ৰীম অৱ স্প্ৰিং নামৰ এখন সপ্তম উপন্যাসৰো পৰিকল্পনা কৰা হৈছে।

এ ছং অফ আইচ এণ্ড ফায়াৰ
লেখক জৰ্জ আৰ আৰ মাৰ্টিন
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বৰ্গ মাহাকাব্যিক কল্পকাহিনী[1][2]
প্ৰকাশক
প্ৰকাশকাল ১ জুলাই, ১৯৯৬ – বৰ্তমান
মিডিয়াৰ ধৰন ছপা (পকাবন্ধা আৰু কেঁচাবন্ধা)
শ্ৰাৱ্যগ্ৰন্থ
ই-বুক

গ্ৰন্থ শৃংখলাটোৰ পটভূমি হৈছে কাল্পনিক মহাদেশ ৱেষ্টেৰোছ আৰু এছ'ছ। প্ৰতিটো অধ্যায়তে কাহিনীটো একো একোটা চৰিত্ৰৰ দৃষ্টিভংগীৰে লিখা হৈছে। প্ৰথম উপন্যাসত এনে চৰিত্ৰ নটাৰ পৰা আৰম্ভ হোৱা এনে চৰিত্ৰ পঞ্চম উপন্যাসত ৩১ টালৈ বৃদ্ধি পায়। ইয়াত তিনিটা মুখ্য কাহিনী অন্তৰ্ভুক্ত হৈছে। এইকেইটা হৈছে ৱেষ্টেৰোচ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পৰিয়ালৰ মাজত হোৱা ৰাজবংশীয় যুদ্ধ, উত্তৰ ৱেষ্টেৰোছৰ অতিপ্ৰাকৃতিক শক্তিসমূহৰ বৰ্ধিত ভাবুকি, আৰু ক্ষমতাচ্যুত ৰজাৰ নিৰ্বাসিত জীয়ৰীৰ লৌহ সিংহাসন বা আইৰন থ্ৰোন দখল কৰাৰ উচ্চাকাংক্ষা।

এই শৃংখলাটোৰ বাবে মাৰ্টিনৰ অনুপ্ৰেৰণাসমূহৰ ভিতৰত আছিল ৱাৰছ অফ দ্য ৰোজেছ আৰু মৰিচ ড্ৰুঅ'নৰ ফৰাচী ঐতিহাসিক উপন্যাস দ্য একুৰ্ছড কিংছ[3][4] পাঠকে এই শৃংখলাত এক পৃথক আৰু বিষয়ভিত্তিক দৃষ্টিভংগীৰ এক ভাণ্ডাৰৰ মুখামুখি হয়, আৰু যিসমূহ চৰিত্ৰৰ দৃষ্টিভংগীৰে গ্ৰন্থসমূহ ৰচনা কৰা হৈছে সেই চৰিত্ৰসমূহৰ সফলতা বা তেওঁলোক জীয়াই থকাৰ কেতিয়াও নিশ্চিতি নাথাকে। এ ছং অফ আইচ এণ্ড ফায়াৰে সততে উদ্ভৱ হোৱা নৈতিকভাৱে অস্পষ্ট এখন পৃথিৱীৰ ভিতৰত আনুগত্য, গৌৰৱ, মানৱ যৌনতা, ধাৰ্মিকতা আৰু হিংসাৰ নৈতিকতা সম্পৰ্কে প্ৰশ্ন কৰে। ২০১৭ চনৰ জানুৱাৰী মাহলৈকে ৪৭টা ভাষালৈ অনূদিত হোৱাৰ পিছত ২০১৯ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি শৃংখলাটোৰ গ্ৰন্থসমূহৰ ৯০ মিলিয়ন প্ৰতিলিপি বিক্ৰী হয়।[5][6][7] চতুৰ্থ আৰু পঞ্চম খণ্ডই মুক্তিৰ পিছত নিউয়ৰ্ক টাইমছ বেষ্ট ছেলাৰ তালিকাৰ শীৰ্ষত উপনীত হয়।[8] এই গ্ৰন্থসমূহৰ ওপৰত ভিত্তি কৰি কেইবাখনো প্ৰিকুৱেল উপন্যাস, এক দূৰদৰ্শন শৃংখলা, এখন কমিক গ্ৰন্থৰ অভিযোজন, আৰু ভালেসনখ্যক কাৰ্ড, বোৰ্ড আৰু ভিডিঅ' গেম আছে।

প্ৰকাশ সম্পাদনা কৰক

এ ছং অফ আইচ এণ্ড ফায়াৰ শৃংখলাৰ গ্ৰন্থসমূহ প্ৰথমাৱস্থাত পকাবন্ধা ৰূপত প্ৰকাশিত হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰ কেঁ‌চাবন্ধা সংস্কৰণো প্ৰকাশ পায়। যুক্তৰাজ্যত হাৰ্পাৰ ভয়েজাৰ প্ৰকাশনে শৃংখলাটোৰ বিশেষ শ্লিপকভাৰ সংস্কৰণো প্ৰকাশ কৰি উলিয়ায়।[9] শৃংখলাটো ৩০টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে।[10] যুক্তৰাষ্টৰ প্ৰথম সংসকৰণ অনুসৰি তলৰ তালিকাৰ পৃষ্ঠা সংখ্যাসমূহ দিয়া হৈছে।

# নাম পৃষ্ঠা অধ্যায় শব্দ শ্ৰাৱ্য যুক্তৰাষ্ট্ৰত প্ৰকাশৰ তাৰিখ
এ গেম অফ থ্ৰোনছ ৬৯৪[11] ৭৩ ২,৯২,৭২৭[12] ৩৩ ঘণ্টা ৫৩ মিনিট আগষ্ট ১৯৯৬[11]
এ ক্লেছ অফ কিংছ ৭৬৮[13] ৭০ ৩,১৮,৯০৩[14] ৩৭ ঘণ্টা 1৭ মিনিট ফেব্ৰুৱাৰী ১৯৯৯[13]
এ ষ্টৰ্ম অফ ছৰ্ডছ ৯৭৩[15] ৮২ ৪,১৪,৬০৪[16] ৪৭ ঘণ্টা ৩৭ মিনিট নৱেম্বৰ ২০০০[15]
এ ফিষ্ট ফৰ ক্ৰ'জ ৭৫৩[17] ৪৬ ২,৯৫,০৩২[18] ৩১ ঘণ্টা ১০ মিনিট নৱেম্বৰ ২০০৫[17]
এ ডান্স ৱিথ ড্ৰেগনছ ১০৫৬[19] ৭৩ ৪,১৪,৭৮৮[20] ৪৮ ঘণ্টা ৫৬ মিনিট জুলাই ২০১১[19]
দ্য ৱিণ্ডছ অফ ৱিণ্টাৰ প্ৰকাশৰ পথত[21]
এ ড্ৰিম অফ স্প্ৰিং প্ৰকাশৰ পথত[22]
মুঠ ৪,২৪৪ ৩৪৪ ১৭,৩৬,০৫৪ ১৯৮ ঘণ্টা ৫৩ মিনিট ১৯৯৬–

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Flood, Alison (April 13, 2011). "George RR Martin: Barbarians at the gate". The Guardian. https://www.theguardian.com/books/2011/apr/13/george-rr-martin-game-thrones। আহৰণ কৰা হৈছে: January 21, 2012. 
  2. Heen, Kent Erik (2013). "A Perspective on the Unfamiliar: Epic Fantasy in George R.R. Martin's A Song of Ice and Fire". Institutt for språk og litteratur: 89. https://ntnuopen.ntnu.no/ntnu-xmlui/handle/11250/243500. 
  3. Milne, Ben (April 4, 2014). "Game of Thrones: The cult French novel that inspired George RR Martin". BBC. https://www.bbc.com/news/magazine-26824993। আহৰণ কৰা হৈছে: April 6, 2014. 
  4. Kamin, Debra (May 20, 2014). "The Jewish legacy behind Game of Thrones". The Times of Israel. http://www.timesofisrael.com/the-jewish-legacy-behind-game-of-thrones/। আহৰণ কৰা হৈছে: May 31, 2015. "They struck gold, however, with their next attempt: a television series based on a French fantasy series which in turn was based on a seven-part set of stories by a French Jewish immigrant. Maurice Druon was born in France in 1918 to Jewish immigrants from Russia and first made a name for himself in the realm of academic journals." 
  5. "How Game of Thrones achieved world domination... long before the TV show even aired". The Independent. April 15, 2019. https://www.independent.co.uk/news/long_reads/game-of-thrones-season-8-books-novels-publishing-final-series-a8855126.html। আহৰণ কৰা হৈছে: April 28, 2019. 
  6. "'George RR Martin revolutionised how people think about fantasy' | Books | The Guardian". theguardian.com. https://www.theguardian.com/tv-and-radio/2015/apr/10/george-rr-martin-revolutionised-how-people-think-about-fantasy। আহৰণ কৰা হৈছে: October 2, 2015. 
  7. grrm (2017-01-16). "Another Precinct Heard From". Not A Blog. http://grrm.livejournal.com/516673.html। আহৰণ কৰা হৈছে: 2017-02-18. 
  8. Smith, Dinitia (December 12, 2005). "A Fantasy Realm Too Vile For Hobbits". The New York Times. https://www.nytimes.com/2005/12/12/books/12crow.html। আহৰণ কৰা হৈছে: January 21, 2012. 
  9. "A Dance with Dragons [Slipcase edition"]. harpercollins.co.uk. Archived from the original on October 14, 2013. https://web.archive.org/web/20131014144602/http://www.harpercollins.co.uk/Titles/75491/a-dance-with-dragons-slipcase-edition-george-r-r-martin-9780007456376। আহৰণ কৰা হৈছে: July 14, 2012. 
  10. "Gallery of different language editions". georgerrmartin.com. Archived from the original on February 15, 2013. https://web.archive.org/web/20130215123059/http://www.georgerrmartin.com/gallery/thrones.html। আহৰণ কৰা হৈছে: October 18, 2011. 
  11. 11.0 11.1 "Fiction review: A Game of Thrones". Publishers Weekly. July 29, 1996. http://www.publishersweekly.com/978-0-553-10354-0। আহৰণ কৰা হৈছে: February 13, 2012. 
  12. "A Game of Thrones Book Details". AR BookFinder. http://www.arbookfind.com/bookdetail.aspx?q=144663&l=EN&slid=50620517। আহৰণ কৰা হৈছে: 28 November 2016. 
  13. 13.0 13.1 "Fiction review: A Clash of Kings". Publishers Weekly. February 1, 1999. http://www.publishersweekly.com/978-0-553-10803-3। আহৰণ কৰা হৈছে: February 13, 2012. 
  14. "A Clash of Kings Book Details". AR BookFinder. http://www.arbookfind.com/bookdetail.aspx?q=146645&l=EN&slid=50620674। আহৰণ কৰা হৈছে: 28 November 2016. 
  15. 15.0 15.1 "Fiction review: A Storm of Swords". Publishers Weekly. October 30, 2000. http://www.publishersweekly.com/978-0-553-10663-3। আহৰণ কৰা হৈছে: February 13, 2012. 
  16. "A Storm of Swords Book Details". AR BookFinder. http://www.arbookfind.com/bookdetail.aspx?q=148301&l=EN&slid=50620826। আহৰণ কৰা হৈছে: 28 November 2016. 
  17. 17.0 17.1 "Fiction review: A Feast for Crows: Book Four of A Song of Ice and Fire". Publishers Weekly. October 3, 2005. http://www.publishersweekly.com/978-0-553-80150-7। আহৰণ কৰা হৈছে: February 13, 2012. 
  18. "A Feast for Crows Book Details". AR BookFinder. http://www.arbookfind.com/bookdetail.aspx?q=149241&l=EN&slid=50621185। আহৰণ কৰা হৈছে: 28 November 2016. 
  19. 19.0 19.1 "Fiction review: A Dance with Dragons: A Song of Ice and Fire, Book 5". Publishers Weekly. May 30, 2011. http://www.publishersweekly.com/978-0-553-80147-7। আহৰণ কৰা হৈছে: February 13, 2012. 
  20. "A Dance with Dragons". AR BookFinder. http://www.arbookfind.com/bookdetail.aspx?q=149240&l=EN&slid=50621318। আহৰণ কৰা হৈছে: 28 November 2016. 
  21. Brown, Rachael (July 11, 2011). "George R.R. Martin on Sex, Fantasy, and A Dance With Dragons". The Atlantic. https://www.theatlantic.com/entertainment/archive/2011/07/george-r-r-martin-on-sex-fantasy-and-a-dance-with-dragons/241738/। আহৰণ কৰা হৈছে: February 2, 2012. 
  22. Martin, George R. R. (March 28, 2006). "this, that, and the other thing". grrm.livejournal.com. http://grrm.livejournal.com/3797.html। আহৰণ কৰা হৈছে: October 18, 2011. 

বাহ্যিক সংযোগ সম্পাদনা কৰক