অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন

(ক'ভিশ্বিল্ডৰ পৰা পুনঃনিৰ্দেশিত)

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন,(ইংৰাজী: Oxford–AstraZeneca COVID-19 vaccine) যাক এজেডডি-১২২২,(AZD-1222) নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ (SARS-CoV-2) প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন। অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰজেনেকাৰ দ্বাৰা বিকশিত, ইয়াক ইণ্ট্ৰামাস্কুলাৰ বেজীৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত কোভিড-১৯ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভেকছিনটোৰ কাৰ্যকাৰীতা ৭৬.০% আৰু দ্বিতীয় পালিৰ পিছত ৮১.৩%। [1][2][3][4][5] [6][7]

ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত অক্সফৰ্ড-এষ্ট্ৰজেনেকা ভেকছিনৰ ভাইল (ভাৰতত আৰু আন কেইখনমান দেশত কভিশ্বিল্ড হিচাপে বিপণন কৰা হয়)
অষ্ট্ৰিয়াত টিকাকৰণ, ২০২১

ভেকছিনটোৰ এক ভাল সুৰক্ষা প্ৰ'ফাইল আছে, যাৰ পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে বেজী দিয়া স্থানৰ বিষ, মুৰৰ বিষ, আৰু ওকালি অহা, সকলোবোৰ সাধাৰণতে কেইদিনমানৰ ভিতৰত সমাধান হয়। অধিক কম সময়তে, এনাফাইলেক্সিছ হ'ব পাৰে (ইউকে ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী নিয়ামক সংস্থাৰ ১৪ এপ্ৰিল ২০২১ তাৰিখলৈকে প্ৰায় ২১.২ নিযুত টিকাকৰণৰ ভিতৰত ২৬৮টা প্ৰতিবেদন আছে).অতি বিৰল ক্ষেত্ৰত (১০,০০০ লোকৰ ভিতৰত এজনতকৈ কম) ভেকছিনটো নিম্ন পৰিমাণৰ তেজৰ প্লেটলেটৰ সৈতে মিশ্ৰণ কৰি তেজ গোট মৰাৰ বিপদাশংকা বৃদ্ধিহোৱাৰ সৈতে সম্পৰ্কিত হৈ আছে। ইউৰোপীয় ঔষধ সংস্থাৰ মতে ৪ এপ্ৰিল ২০২১ তাৰিখলৈকে, ইউৰোপীয় অৰ্থনৈতিক এলেকা আৰু ইউকেৰ পৰা ২২২টা তেজ গোট মৰাৰ ঘটনা প্ৰতিবেদিত হৈছে, য'ত প্ৰায় ৩৪ নিযুত লোকে ভেকছিন গ্ৰহণ কৰিছে।

৩০ ডিচেম্বৰ ২০২০ তাৰিখে, ভেকছিনটো প্ৰথমে ইউকে (UK) টিকাকৰণ কাৰ্যসূচীত ব্যৱহাৰৰ বাবে অনুমোদিত হৈছিল,আৰু পৰীক্ষণৰ বাহিৰত প্ৰথম টিকাকৰণ ৪ জানুৱাৰী ২০২১ তাৰিখে প্ৰদান কৰা হৈছিল। ভেকছিনটো তেতিয়াৰ পৰা বিশ্বব্যাপী কেইবাটাও ঔষধ সংস্থাৰ দ্বাৰা অনুমোদিত হৈছে, যেনে ইউৰোপীয় ঔষধ সংস্থা (ইএমএ),আৰু অষ্ট্ৰেলিয়ান থেৰাপিউটিক সামগ্ৰী প্ৰশাসন,আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ বাবে অনুমোদন জনোৱা হৈছে। কিছুমান দেশে কম বয়সীয়া ব্যক্তিৰ ক্ষেত্ৰত ভেকছিনৰ অতি বিৰল পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উদ্বেগৰ বাবে গুৰুতৰ ক'ভিড-১৯ ৰোগৰ অধিক বিপদাশংকা থকা বৃদ্ধ লোকসকলৰ বাবে ইয়াৰ ব্যৱহাৰ সীমিত কৰিছে।

চিকিৎসকীয় ব্যৱহাৰ সম্পাদনা কৰক

১৮ বছৰ বা অধিক বয়সৰ প্ৰাপ্তবয়স্ক লোকৰ ক'ভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিনটো এছএআৰএছ-চিঅ'ভি-২(SARS-CoV-2) ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔষধটো দুটা ০.৫ মিলি পালিৰ দ্বাৰা প্ৰদান কৰা হয় যি বোৰ ডেলটইড পেশীত (বাহুৰ ওপৰৰ অংশ) চাৰিৰ পৰা বাৰ সপ্তাহৰ ব্যৱধানত অন্তঃপেশীৰ দ্বাৰা সুমুৱাই দিয়া হয়, বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে যে দ্বিতীয়টো সৰ্বোত্তম কাৰ্যকাৰীতাৰ বাবে প্ৰথমটোৰ ৮ ৰ পৰা ১২ সপ্তাহ পিছত দিয়া হয়।

কাৰ্যকাৰীতা সম্পাদনা কৰক

১৯ ফেব্ৰুৱাৰী ২০২১ তাৰিখে প্ৰকাশিত এক বিশ্লেষণত প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত ক'ভিড-১৯ প্ৰতিৰোধ কৰাত ৭৬.0% কাৰ্যকাৰীতা দেখুওৱা হৈছে, প্ৰথম পালিটোৰ ১২ সপ্তাহ বা অধিক পিছত দ্বিতীয় পালিটো দিয়াৰ সময়ত ৮১.৩% লৈ বৃদ্ধি হয়।

ফাৰ্মাকোলজী সম্পাদনা কৰক

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন হৈছে এক প্ৰতিলিপি-অভাৱযুক্ত চিমিয়ান এডেনোভাইৰাছ ভেক্টৰ, য'ত এছএআৰএছ-চিঅ'ভি-২(SARS-CoV-2) স্পাইক প্ৰ'টিনৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ কোডন অনুকূলিত কোডিং ক্ৰম আৰু লগতে টিচ্যু প্লাজমিনোজেন এক্টিভেটৰ (টিপিএ)।

নিৰ্মাণ সম্পাদনা কৰক

ভেকছিনটোৰ প্ৰতিটো পালিৰ বাবে প্ৰায় $৩ ৰ পৰা $৪ আমেৰিকান ডলাৰ ব্যয় হয়। ২০২০ চনৰ ১৭ ডিচেম্বৰত বেলজিয়ামৰ বাজেট ৰাজ্যিক সচিবৰ এটা টুইটত প্ৰকাশ পাইছিল যে ইউৰোপীয় ইউনিয়নে (European Union) প্ৰতিটো পালিত €১.৭৮(২.১৬ আমেৰিকান ডলাৰ)পৰিশোধ কৰিব, নিউয়ৰ্ক টাইমছে পৰামৰ্শ দিছিল যে কম মূল্য ইউৰোপীয় ইউনিয়নৰ দ্বাৰা ভেকছিন উৎপাদন আন্তঃগাঁথনিত বিনিয়োগকে ধৰি কাৰকৰ সৈতে সম্পৰ্কিত হ'ব পাৰে।

মাৰ্চ ২০২১ লৈকে ভেকছিন সক্ৰিয় পদাৰ্থটো (ChAdOx1-SARS-COV-2) বিশ্বব্যাপী কেইবাটাও স্থানত প্ৰস্তুত কৰা হৈছে, এষ্ট্ৰজেনেকাই ১৫খন দেশত ২৫টা স্থান স্থাপন কৰা বুলি দাবী কৰিছে। ২০২১ চনৰ ২৬ মাৰ্চত EMA-ৰ দ্বাৰা লিডেনৰ হেলিক্স ছাইটটো অনুমোদিত হয়, ইউৰোপীয় ইউনিয়নৰ দ্বাৰা অনুমোদিত আন তিনিটা স্থানত যোগদান কৰে। অন্যান্য স্থানৰ ভিতৰত আছে পুনেৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া

ব্ৰেণ্ডিং সম্পাদনা কৰক

ভেকছিনটো ভাৰতীয় চিৰাম ইনষ্টিটিউট (Serum Institute of India)ৰ দ্বাৰা কভিশ্বিল্ড ব্ৰেণ্ড নামৰ অধীনত বিপণন কৰা হয়। ২০২১ চনৰ ২৫ মাৰ্চত ভেকছিনটোৰ নাম সলনি কৰি ইউৰোপীয় ইউনিয়নৰ ভাক্সজেভ্ৰিয়া(Vaxzevria) কৰা হয়। ভেক্সজেভ্ৰিয়া, এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন, আৰু ক'ভিড-নাইণ্টিন ভেকছিন এষ্ট্ৰজেনেকা(COVID-19 Vaccine AstraZeneca) এষ্ট্ৰজেনেকা (AstraZeneca)ৰ দ্বাৰা নিৰ্মাণ কৰা হয়।

দেশৰ দ্বাৰা ভেকছিন যোগান চুক্তি
দেশ তাৰিখ পালিসমূহ
ইউকে(UK) ১৭ মে ২০২০ ১০০ নিযুত [8][9]
আমেৰিকা যুক্তৰাষ্ট্ৰ(US) ২১ মে ২০২০ ৩০০ নিযুত
কোভাক্স (COVAX-WHO) ৪ জুন ২০২০ ৩০০ মিলিয়ন [10]
২৯ ছেপ্টেম্বৰ ২০২০ ১০০ নিযুত [11]
ইজিপ্ত ২২ জুন ২০২০ অজ্ঞাত [12]
জাপান ৮ আগষ্ট ২০২০ ১২০ নিযুত [13]
অষ্ট্ৰেলিয়া ১৯ আগষ্ট ২০২০ ২৫ নিযুত [14]
ইউৰোপীয় ইউনিয়ন ২৭ আগষ্ট ২০২০ ৪০০ নিযুত [15][16][17][18]
কানাডা ২৫ ছেপ্টেম্বৰ ২০২০ ২০ নিযুত [19][20]
ছুইজাৰলেণ্ড ১৬ অক্টোবৰ ২০২০ ৫.৩ নিযুত [21][22]
বাংলাদেশ ৫ নৱেম্বৰ ২০২০ ৩০ নিযুত [23]
থাইলেণ্ড ২৭ নৱেম্বৰ ২০২০ ২৬ নিযুত
ফিলিপাইনচ ২৭ নৱেম্বৰ ২০২০ ২.৬ নিযুত
দক্ষিণ কোৰিয়া ১ ডিচেম্বৰ ২০২০ ২০ নিযুত
দক্ষিণ আফ্ৰিকা ৭ জানুৱাৰী ২০২১ ১ নিযুত
 

গৱেষণা সম্পাদনা কৰক

AZD-1222 বিকাশ দলে ফেব্ৰুৱাৰী ২০২১ লৈকে, নতুন ক'ভিড-১৯ প্ৰকাৰৰ সন্দৰ্ভত ভেকছিনটো অধিক কাৰ্যকৰী হ'বলৈ অভিযোজিত কৰাৰ ওপৰত কাম কৰি আছে; ভেকছিনটো পুনৰ নিৰ্মাণ কৰাটো হৈছে স্পাইক প্ৰ'টিনৰ (spike protein) আনুবংশিক ক্ৰম সলনি কৰাৰ তুলনামূলকভাৱে দ্ৰুত প্ৰক্ৰিয়া। শৰৎ কালত অভিযোজিত ভেকছিন উপলব্ধ হোৱাৰ আগতে নিৰ্মাণ ছেট-আপ আৰু এটা সৰু স্কেল পৰীক্ষণৰ প্ৰয়োজন।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "AstraZeneca COVID-19 Vaccine (AZD1222)". AstraZeneca. 27 January 2021. https://www.cdc.gov/vaccines/acip/meetings/downloads/slides-2021-01/02-COVID-Villafana.pdf. 
  2. "AstraZeneca vaccine renamed 'Vaxzevria'". The Brussels Times. 30 March 2021. https://www.brusselstimes.com/news/eu-affairs/162559/astrazeneca-vaccine-now-renamed-as-vaxzevria-ema-european-eu-uk-swedish-lakemedelsverket/। আহৰণ কৰা হৈছে: 2021-04-06. 
  3. "Investigating a Vaccine Against COVID-19". ClinicalTrials.gov. United States National Library of Medicine. 26 May 2020. NCT04400838. Archived from the original on 11 October 2020. https://web.archive.org/web/20201011084750/https://clinicaltrials.gov/ct2/show/NCT04400838/। আহৰণ কৰা হৈছে: 14 July 2020. 
  4. "A Phase 2/3 study to determine the efficacy, safety and immunogenicity of the candidate Coronavirus Disease (COVID-19) vaccine ChAdOx1 nCoV-19". EU Clinical Trials Register. European Union. 21 April 2020. EudraCT 2020-001228-32. Archived from the original on 5 October 2020. https://web.archive.org/web/20201005201654/https://www.clinicaltrialsregister.eu/ctr-search/trial/2020-001228-32/GB। আহৰণ কৰা হৈছে: 3 August 2020. 
  5. A Phase III study to investigate a vaccine against COVID-19. 26 May 2020. doi:10.1186/ISRCTN89951424. ISRCTN89951424. 
  6. "Single-dose administration and the influence of the timing of the booster dose on immunogenicity and efficacy of ChAdOx1 nCoV-19 (AZD1222) vaccine: a pooled analysis of four randomised trials". Lancet খণ্ড 397 (10277): 881–891. February 2021. doi:10.1016/S0140-6736(21)00432-3. PMID 33617777. 
  7. "Coronavirus Vaccine : Summary of Yellow Card reporting". https://assets.publishing.service.gov.uk/government/uploads/system/uploads/attachment_data/file/968411/Coronavirus_vaccine_-_summary_of_Yellow_Card_reporting_28.02.21.pdf. 
  8. Baraniuk, Chris (18 February 2021). "Covid-19: How the UK vaccine rollout delivered success, so far". BMJ খণ্ড 372: n421. doi:10.1136/bmj.n421. ISSN 1756-1833. PMID 33602672. https://www.bmj.com/content/372/bmj.n421. 
  9. "AstraZeneca signed up to deliver U.K. shots first. Now it aims to supply COVID-19 vaccine worldwide: report". FiercePharma. https://www.fiercepharma.com/pharma/after-signing-up-to-deliver-u-k-shots-first-astrazeneca-talks-to-supply-covid-19-vaccines। আহৰণ কৰা হৈছে: 30 March 2021. 
  10. "Reserving coronavirus disease 2019 vaccines for global access: cross sectional analysis". BMJ খণ্ড 371: m4750. December 2020. doi:10.1136/bmj.m4750. PMID 33323376. 
  11. So & Woo (2020), p. 3 cited "New collaboration makes further 100 million doses of COVID-19 vaccine available to low- and middle- income countries" (Press release). Gavi, the Vaccine Alliance. 29 September 2020. 
  12. "Egypt signs deal to receive Oxford University's COVID-19 vaccine". EgyptToday. 22 June 2020. https://www.egypttoday.com/Article/1/88839/Egypt-signs-deal-to-receive-Oxford-University-s-COVID-19। আহৰণ কৰা হৈছে: 30 March 2021. 
  13. "AstraZeneca to supply Japan with 120m COVID-19 vaccine doses". Nikkei Asia. https://asia.nikkei.com/Business/Pharmaceuticals/AstraZeneca-to-supply-Japan-with-120m-COVID-19-vaccine-doses। আহৰণ কৰা হৈছে: 30 March 2021. 
  14. "AstraZeneca Covid-19 vaccine deal signed by Australia". www.pharmaceutical-technology.com. https://www.pharmaceutical-technology.com/news/australia-astrazeneca-vaccine/। আহৰণ কৰা হৈছে: 30 March 2021. 
  15. "Covid-19: France, Italy, Germany and Netherlands sign vaccine deal for Europe". France 24. 13 June 2020. https://www.france24.com/en/20200613-covid-19-france-italy-germany-and-netherlands-sign-vaccine-deal। আহৰণ কৰা হৈছে: 15 June 2020. 
  16. "AstraZeneca agrees to supply Europe with 400 mil doses of COVID-19 vaccine". Japan Today. https://japantoday.com/category/features/health/update-4-astrazeneca-agrees-to-supply-europe-with-400-mln-doses-of-covid-19-vaccine। আহৰণ কৰা হৈছে: 15 June 2020. 
  17. "AstraZeneca to supply Europe with Covid-19 vaccine". MarketWatch. https://www.marketwatch.com/story/astrazeneca-to-supply-europe-with-covid-19-vaccine-2020-06-15। আহৰণ কৰা হৈছে: 15 June 2020. 
  18. "Coronavirus: the Commission signs first contract with AstraZeneca". European Commission. https://ec.europa.eu/commission/presscorner/home/en। আহৰণ কৰা হৈছে: 2021-04-11. 
  19. "With no successful vaccine candidates yet, Canada signs deal to secure 20M more COVID-19 vaccine doses". CBC News. 25 September 2020. https://www.cbc.ca/news/politics/covid19-briefing-trudeau-tam-1.5738503. 
  20. Health Canada (2 October 2020). "Health Canada begins first authorization review of a COVID-19 vaccine submission". gcnws. https://www.canada.ca/en/health-canada/news/2020/10/health-canada-begins-first-authorization-review-of-a-covid-19-vaccine-submission.html। আহৰণ কৰা হৈছে: 30 December 2020. 
  21. "Swiss sign next vaccine agreement with AstraZeneca". SWI swissinfo.ch. https://www.swissinfo.ch/eng/swiss-sign-next-vaccine-agreement-with-astrazeneca/46101078। আহৰণ কৰা হৈছে: 16 October 2020. 
  22. "COVID-19 vaccine: Swiss federal government signs agreement with AstraZeneca". admin.ch. https://www.admin.ch/gov/en/start/documentation/media-releases.msg-id-80732.html। আহৰণ কৰা হৈছে: 16 October 2020. 
  23. "Dhaka to have 330 vaccination points". The Daily Star. https://www.thedailystar.net/frontpage/news/dhaka-have-330-vaccination-points-2029465। আহৰণ কৰা হৈছে: 25 January 2021.