কছবা উপজিলা

ব্ৰাহ্মণবাৰিয়া জিলাৰ এখন উপজিলা
(কচবা উপজিলাৰ পৰা পুনঃনিৰ্দেশিত)

কছবা উপজিলা বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়া জিলাৰ এটি প্ৰশাসনিক অঞ্চল আৰু উপজিলা।[2] ই বাংলাদেশৰ পূব-কেন্দ্ৰীয় অংশত অৱস্থিত।

কছবা
কসবা
—  উপজিলা  —
কছবা is located in বাংলাদেশ
কছবা
বাংলাদেশত অৱস্থান
ভৌগোলিক স্থানাংক: 23°44′N 91°10′E / 23.733°N 91.167°E / 23.733; 91.167স্থানাংক: 23°44′N 91°10′E / 23.733°N 91.167°E / 23.733; 91.167
ৰাষ্ট্ৰ  বাংলাদেশ
বিভাগ চিটাগং (চট্টগ্ৰাম )
জিলা ব্ৰাহ্মণবাৰিয়া
মাটিকালি[1]
 - উপজিলা ২০৯.৭৭ কি.মি. 
(৮১ বৰ্গ মাইল)
 - চহৰাঞ্চল ১৬.৮৬ কি.মি. 
(৬.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - উপজিলা ৩,১৯,২২১ জন
 - জনঘনত্ব ১,৫২১.৮ প্ৰতি বৰ্গ কি.মি. 
(৩,৯৪১.৪ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ৪০,৪১৬ জন
সময় অঞ্চল বিএসটি (গ্ৰী.মা.স.+6)
ৱেবছাইট kasba.brahmanbaria.gov.bd

অৱস্থান আৰু আয়তন সম্পাদনা কৰক

কছবা উপজিলাৰ আয়তন ২০৯.৭৬ বৰ্গ কিমি (৫১, ৮৩২.৮ একৰ)।[2]

চাৰিসীমা সম্পাদনা কৰক

  • উত্তৰ: তিতাছ নদী আৰু ব্ৰাহ্মণবাৰিয়া সদৰ উপজিলা
    • উত্তৰ-পূব: আখাউৰা উপজিলা
    • উত্তৰ-পশ্চিম: নবীনগৰ উপজিলা
  • দক্ষিণ: কুমিল্লা জিলাৰ ব্ৰাহ্মণপাড়া উপজিলা
  • পূব: ভাৰতৰ ত্ৰিপুৰা ৰাজ্য
  • পশ্চিম: কুমিল্লা জিলাৰ মুৰাদনগৰ উপজিলা অৱস্থিত।

ইতিহাস সম্পাদনা কৰক

'কছবা' পাৰ্চী শব্দ যাৰ অৰ্থ হৈছে উপনগৰ বা টাউনশ্বিপ। ভাৰতত মুছলমান শাসনকালত, ১৩৩৮ চনত, আলাউদ্দিন হোছেইন শ্বাহে কছবা ৰেল ষ্টেচনৰ পশ্চিম ফালে কৈলাগড় নামৰ এটা দুৰ্গ নিৰ্মাণ কৰিছিল। প্ৰথমতে, দুৰ্গটোৰ চাৰিওফালে সৰু সৰু বসতি নিৰ্মাণ কৰা হৈছিল। পিছলৈ সৰু চহৰ কছবা ক্ৰমান্বয়ে বিকশিত হয়। কৈলাগড় কিল্লাৰ ধ্বংসাৱশেষ ৰেল ষ্টেচনৰ পশ্চিম ফালে পোৱা গৈছিল।[3]

প্ৰশাসনিক ক্ষেত্ৰ সম্পাদনা কৰক

কছবাৰ প্ৰশাসন ১৯০৮ চনত আৰক্ষী থানা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯৮৩ চনৰ ১৪ ছেপ্টেম্বৰত উপজিলালৈ উন্নীত কৰা হৈছিল।

কছবা উপজিলাত বৰ্তমান এখন পৌৰসভা আৰু ১০খন ইউনিয়ন আছে। সমগ্ৰ উপজিলাৰ প্ৰশাসনিক কাৰ্যসমূহ কছবা আৰক্ষী থানাৰ অধীনত আছে।

পৌৰসভা
  • কছবা পৌৰসভা[4]

কছবা পৌৰসভাক ৯টা ৱাৰ্ড আৰু ৩৪টা মহল্লাত বিভক্ত কৰা হৈছে।

ইউনিয়নসমূহ

কছবা উপজিলাত ১০টা ইউনিয়ন আছে।[5]

  • ১নং মূলগ্ৰাম ইউনিয়ন
  • ২নং মেহাৰী ইউনিয়ন
  • ৩নং বাদৈৰ ইউনিয়ন
  • ৪নং খাড়েৰা ইউনিয়ন
  • ৫নং বিনাউটি ইউনিয়ন
  • ৬নং গোপীনাথপুৰ ইউনিয়ন
  • ৭নং কছবা পশ্চিম ইউনিয়ন
  • ৮নং কুটি ইউনিয়ন
  • ৯নং কায়েমপুৰ ইউনিয়ন
  • ১০নং বায়েক ইউনিয়ন

ৰাজহুৱা তথ্য সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি, কছবা উপজিলাত মুঠ জনসংখ্যা আছিল ৩,১৯,২২১জন আৰু পৰিয়ালৰ সংখ্যা আছিল ৬০,৯১৯। এই উপজিলাৰ প্ৰতি ১০০ গৰাকী মহিলাৰ (৫২.৪%) বিপৰীতে, পুৰুষৰ সংখ্যা হৈছে ৯১ (৪৭.৬%)। মুঠ জনসংখ্যাৰ ৪২.৪% হৈছে শিশু (০-১৪ বছৰ)। জনসংখ্যাৰ বেছিভাগেই ইছলাম ধৰ্মৰ অনুগামী (৯৫.৭%)। বাকী ৪.৩% হিন্দু ধৰ্মৰ অনুগামী। কছবা উপজিলাৰ গড় সাক্ষৰতাৰ হাৰ হৈছে ৫০.৭% (৭+)। প্ৰথম বিবাহত পুৰুষৰ গড় বয়স হৈছে ২৪.৪ বছৰ আৰু মহিলাৰ গড় বয়স ১৯.৮ বছৰ।[1]

শিক্ষা ব্যৱস্থা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি, কছবা উপজিলাৰ সাক্ষৰতাৰ হাৰ ৫০.৭%।[1] ইয়াত আছে:

  • প্ৰাথমিক বিদ্যালয় - ২১৪খন
  • মহাবিদ্যালয় - ৮খন
  • উচ্চ বিদ্যালয় - ৩৯খন
  • জুনিয়ৰ বিদ্যালয় - ২খন
  • মাদ্ৰাছা - ২৩খন

শিক্ষানুষ্ঠান সম্পাদনা কৰক

  • কছবা সৰকাৰি উচ্চ বিদ্যালয় (১৮৯৯)
  • কুটি অটল বিহাৰী উচ্চ বিদ্যালয় (১৯১৮)
  • জমশেৰপুৰ উচ্চ বিদ্যালয় (১৯২৩)
  • খেওড়া আনন্দময়ী উচ্চ বিদ্যালয় (১৯৭৫)

ৰাজহুৱা প্ৰতিনিধি সম্পাদনা কৰক

উপজিলা পৰিষদ সম্পাদনা কৰক

কছবা উপজিলা পৰিষদৰ অধ্যক্ষ হৈছে মোঃ ৰাশেদুল কাওছাৰ ভূঞা জীৱন।[6]

জাতীয় সংসদ সম্পাদনা কৰক

সংসদীয় আসন জাতীয় নিৰ্বাচনী এলাকা সংসদ সদস্য[7][8][9][10] ৰাজনৈতিক দল
২৪৬ ব্ৰাহ্মণবাৰিয়া-৪ আখাউড়া উপজিলা আৰু কছবা উপজিলা আনিছুল হক বাংলাদেশ আৱামী লীগ [11]

লগতে চাওক সম্পাদনা কৰক

‌‌‌‌‍‍‍তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Population and Housing Census 2011: Zila Report: Brahmanbaria". Bangladesh Bureau of Statistics. October 2015. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612143035/http://203.112.218.65:8008/WebTestApplication/userfiles/Image/PopCenZilz2011/Zila_Brahmanbaria.pdf। আহৰণ কৰা হৈছে: 8 June 2018. 
  2. 2.0 2.1 Md Abu Russel Chowdhury (2012). "Kasba Upazila". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 19 April 2024. 
  3. "কছবা উপজিলাৰ পটভূমি" (bn ভাষাত). বাংলাদেশ চৰকাৰkasba.brahmanbaria.gov.bd. Archived from the original on 2021-06-02. https://web.archive.org/web/20210602214913/http://kasba.brahmanbaria.gov.bd/site/page/705d12a0-2144-11e7-8f57-286ed488c766/%E0%A6%95%E0%A6%B8%E0%A6%AC%E0%A6%BE%20%E0%A6%89%E0%A6%AA%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B0%20%E0%A6%AA%E0%A6%9F%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF। আহৰণ কৰা হৈছে: 2021-05-12. 
  4. "এক নজৰে পৌৰসভা" (bn ভাষাত). বাংলাদেশ চৰকাৰkasba.brahmanbaria.gov.bd. Archived from the original on 2019-01-02. https://web.archive.org/web/20190102224749/http://www.kasba.brahmanbaria.gov.bd/site/page/705d9abc-2144-11e7-8f57-286ed488c766/%E0%A6%8F%E0%A6%95%20%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87%20%E0%A6%AA%E0%A7%8C%E0%A6%B0%E0%A6%B8%E0%A6%AD%E0%A6%BE। আহৰণ কৰা হৈছে: 2021-05-12. 
  5. "কছবা উপজিলাৰ ইউনিয়ন" (bn ভাষাত). বাংলাদেশ চৰকাৰkasba.brahmanbaria.gov.bd. Archived from the original on 2021-05-13. https://web.archive.org/web/20210513092352/http://kasba.brahmanbaria.gov.bd/site/page/705d5bcf-2144-11e7-8f57-286ed488c766/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: 2021-05-12. 
  6. "কসবা উপজেলাৰ চেয়াৰম্যান" (bn ভাষাত). বাংলাদেশ চৰকাৰkasba.brahmanbaria.gov.bd. Archived from the original on 2021-05-14. https://web.archive.org/web/20210514003851/http://kasba.brahmanbaria.gov.bd/site/leaders/8910ad8b-fceb-4c6a-8cb6-ceac804d1b3a/%E0%A6%89%E0%A6%AA%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BE%20%E0%A6%9A%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B0%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 2021-05-12. 
  7. "বাংলাদেশ গেজেট, অতিৰিক্ত, জানুয়াৰি ১, ২০১৯" (bn ভাষাত). ecs.gov.bd. Archived from the original on ২ জানুয়াৰি ২০১৯. https://web.archive.org/web/20190102173834/http://www.ecs.gov.bd/files/LkRjG4s3zWql7l1YaEOxIREqlIHHwRn3aUrm1Vr0.pdf। আহৰণ কৰা হৈছে: ২ জানুয়াৰি ২০১৯. 
  8. "সংসদ নিৰ্বাচন ২০১৮ ফলাফল" (bn ভাষাত). বিবিসি বাংলা. https://www.bbc.com/bengali/news-46603636। আহৰণ কৰা হৈছে: ৩১ ডিসেম্বৰ ২০১৮. 
  9. "একাদশ জাতীয় সংসদ নিৰ্বাচনেৰ ফলাফল" (bn ভাষাত). প্ৰথম আলো. Archived from the original on ৩১ ডিসেম্বৰ ২০১৮. https://web.archive.org/web/20181231000216/https://election.prothomalo.com/election-result/2018। আহৰণ কৰা হৈছে: ৩১ ডিসেম্বৰ ২০১৮. 
  10. "জয় পেলেন যাৰা". দৈনিক আমাদেৰ সময়. Archived from the original on 2018-12-31. https://web.archive.org/web/20181231113316/http://dainikamadershomoy.com/eleventh-parliament-election/175062/%E0%A6%9C%E0%A7%9F-%E0%A6%AA%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AF%E0%A6%BE%E0%A6%B0%E0%A6%BE। আহৰণ কৰা হৈছে: ৩১ ডিসেম্বৰ ২০১৮. 
  11. "আওয়ামী লীগেৰ হ্যাটট্ৰিক জয়" (bn ভাষাত). সমকাল. Archived from the original on 2020-12-27. https://web.archive.org/web/20201227014002/https://samakal.com/bangladesh/article/18122233/%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%80%E0%A7%9F%E0%A6%AC%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A6%A4%E0%A7%8B-%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%81%E0%A6%B6-%E0%A6%9C%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A6%A5%E0%A7%87-%E0%A6%86%E0%A6%B2%E0%A7%80%E0%A6%97। আহৰণ কৰা হৈছে: ৩১ ডিসেম্বৰ ২০১৮. 

বাহ্যিক সংযোগ সম্পাদনা কৰক