কচ্ছী ঘোড়ী নৃত্য (ইংৰাজী: Kachchhi Ghodi dance) ৰাজস্থানৰ শ্বেখাৱতী অঞ্চলত উদ্ভৱ হোৱা এক ভাৰতীয় লোক নৃত্য।[1] ই কেৱল ৰাজস্থানতে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ত যেনে মহাৰাষ্ট্ৰ[2], গুজৰাট[3] আদিতো বিখ্যাত। নৃত্যশিল্পীসকলে ঘোঁৰাৰ পোছাক পিন্ধে, আৰু নকল কাজিয়াত অংশগ্ৰহণ কৰে, আনহাতে এজন গায়কে স্থানীয় দস্যুসকলৰ বিষয়ে লোককাহিনী বৰ্ণনা কৰে। ইয়াক সাধাৰণতে বিবাহ অনুষ্ঠানৰ সময়ত দৰাৰ পাৰ্টিক স্বাগতম আৰু মনোৰঞ্জন কৰাৰ বাবে, আৰু অন্যান্য সামাজিক পৰিৱেশত পৰিৱেশন কৰা হয়। এইনৃত্য পৰিৱেশন কৰাটোও কিছুমান ব্যক্তিৰ বাবে এটা বৃত্তি।

কচ্ছী ঘোড়ী নৃত্য

এজন কচ্চি ঘোড়ী নৃত্যশিল্পী য়ে এটা ঘোঁৰাৰ পোছাক পিন্ধি আছে
শৈলী লোক নৃত্য
উৎপত্তিমূল শেখাৱতী, ৰাজস্থান, ভাৰত

নৃত্যৰ ধৰণ সম্পাদনা কৰক

কচ্ছী ঘোড়ীত নৃত্যশিল্পী, গায়ক আৰু সংগীতজ্ঞসকলৰ এক মিলিত প্ৰদৰ্শন কৰে। ৰাজস্থানত, নৃত্যটো কুৰ্তা আৰু পাগুৰি পিন্ধা পুৰুষৰ দ্বাৰা পৰিৱেশন কৰা হয়,[4] লগতে এটা নকল বা বনাই লোৱা ভুৱা ঘোঁৰাৰ পোছাক পিন্ধি পৰিৱেশন কৰা হয়। পুৰুষসকলে উন্নত উজ্জ্বল আয়নাৰে সজ্জিত ৰংচঙিয়া পোছাক পিন্ধে, আৰু নকল ঘোঁৰা চলাই নৃত্য কৰে। পোছাকৰ খোলাটো কাগজৰ পৰা নিৰ্মাণ কৰা হয় যাক বাঁহৰ ফ্ৰেমৰ দ্বাৰা সমৰ্থিত ঘোঁৰাৰ দৰে সজ্জিত কৰা হয়।[5] এই নৃত্যশিল্পীসকলে হাতত তৰোৱাল লৈ নকল ঘোঁৰাত চলায়। এই নৃত্যশিল্পীসকলে ঢোল আৰু বাঁহীৰ ছন্দত তৰোৱাল পৰিচালনা কৰে। তাৰ মাজত এজন নৃত্যশিল্পী ভাঁৱাৰিয়া নামৰ এজন ডকাইতৰ বিষয়ে গান গায়। তেওঁ ঢোল আৰু বাঁহীৰ সুৰত তৰোৱাল পৰিৱেশন কৰে।[6] এই নৃত্যত, চাৰিগৰাকী নৃত্যশিল্পী এফালে আৰু চাৰিগৰাকী আনফালে থিয় হৈ নাছে। নকল ঘোঁৰাটোৰ ভৰি নাথাকে। ইয়াৰ পৰিৱৰ্তে, নৰ্তকীৰ কঁকালৰ চাৰিওফালে কাপোৰ মেৰিয়াই তেওঁৰ ভৰিৰ সম্পূৰ্ণ দৈৰ্ঘ্য গোৰোহাৰলৈ আৱৰি থাকে। নৃত্যশিল্পীসকলে ঘুংৰু নামেৰে জনাজাত জুনুকা পিন্ধে। যেতিয়া দলবদ্ধ হৈ নৃত্য প্ৰদৰ্শন কৰা হয়, মানুহে হাতত তৰোৱাল লৈ বিপৰীত ফালে থিয় হয় আৰু দ্ৰুতগতিত পিছলৈ দৌৰে যিটো ওপৰৰ পৰা চালে, ফুল ফুলা আৰু বন্ধ হোৱাৰ দৰে দেখি। নৃত্যশিল্পীসকলে বাঁহী সংগীত আৰু ঢোলৰ তালে তালে নাচে। গায়কসকলে ভাঁৱাৰিয়া দস্যুসকলৰ কাৰ্য্যকলাপৰ কাহিনীৰে নকল কাজিয়াৰ বৰ্ণনা কৰে।[7]

ভূগোল সম্পাদনা কৰক

 
ৰামভাৰাম, তামিলনাডু]ৰ পৰা পইক্কাল কুথিৰাই আত্তম (মিছা ভৰিৰ ঘোঁৰা নৃত্য) প্ৰদৰ্শনকাৰীৰ এটা গোট।ৰামভাৰাম, তামিলনাডু]ৰ পৰা পইক্কাল কুথিৰাই আত্তম (মিছা ভৰিৰ ঘোঁৰা নৃত্য) প্ৰদৰ্শনকাৰীৰ এটা গোট।

এই নৃত্যৰ উৎপত্তি [[[ৰাজস্থান]]ৰ শেখাৱতী অঞ্চলত হৈছিল।[8] ই [[[কামধোলি]], সৰ্গাৰা, ভাম্বি আৰু ভৱি সম্প্ৰদায়ত প্ৰচলিত। ইয়াক ভাৰতৰ অন্যান্য প্ৰান্তত একে নামৰসৈতে পৰিৱেশন কৰা হয়, যাৰ ভিতৰত আছে মহাৰাষ্ট্ৰ[9] আৰু গুজৰাট[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Kachhi Ghodi Danceচ https://web.archive.org/web/20130910061641/http://www.rajasthan-tourism-guide.com/kacchi-ghodi.html
  2. The Times of India,A royal visarjan for Siddhivinayak Ganpati in Mumbai,https://timesofindia.indiatimes.com/entertainment/events/mumbai/A-royal-visarjan-for-Siddhivinayak-Ganpati-in-Mumbai/articleshow/41792802.cms
  3. Delhi’s Gujaratis rejoice: Modi makes dreams happen;https://indianexpress.com/article/cities/delhi/delhis-gujaratis-rejoice-modi-makes-dreams-happen/
  4. "Kachhi Ghodi Dance". Ananta Group Pvt Ltd. http://www.dance.anantagroup.com/kachhi-ghodi-dance/। আহৰণ কৰা হৈছে: 9 April 2015. 
  5. Gupta, Dr. Mohan Lal. राजस्थान की पर्यावरणीय संस्कृति: Eco-Culture of Rajasthan. Shubhda Prakashan. পৃষ্ঠা. 274. https://books.google.com/books?id=smd6BwAAQBAJ&pg=PT274. 
  6. Kachchi Ghodi Dance; https://web.archive.org/web/20130910061641/http://www.rajasthan-tourism-guide.com/kacchi-ghodi.html
  7. "Kacchi Ghodi Dance (performed by men on dummy horses)". Padharo Rajasthan. Archived from the original on 10 April 2015. https://web.archive.org/web/20150410025231/http://www.padharorajasthan.co.in/music-and-dance-details/kachhi-ghodi-dance-9.html#.VSEbZvmJg2x। আহৰণ কৰা হৈছে: 9 April 2015. 
  8. "Kachhi Ghodi Dance". Rajasthan Tourism Guide. Archived from the original on 10 September 2013. https://web.archive.org/web/20130910061641/http://www.rajasthan-tourism-guide.com/kacchi-ghodi.html। আহৰণ কৰা হৈছে: 9 April 2015. 
  9. Behrawala, Krutika (6 September 2014). "A royal visarjan for Siddhivinayak Ganpati in Mumbai". Times of India. Times News Network (TNN). http://timesofindia.indiatimes.com/entertainment/events/mumbai/A-royal-visarjan-for-Siddhivinayak-Ganpati-in-Mumbai/articleshow/41792802.cms. 
  10. Ramakrishnan, Swetha; Pundir, Pallavi (17 May 2014). "Delhi’s Gujaratis rejoice: Modi makes dreams happen". The Indian Express. http://indianexpress.com/article/cities/delhi/delhis-gujaratis-rejoice-modi-makes-dreams-happen/.