কথক নৃত্য (ইংৰাজী: Kathak Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অৰ্থ হৈছে কথাৰ বৰ্ণনা দিয়া। আদিতে ঘাইকৈ মন্দিৰসমূহৰ ভিতৰত সীমাবদ্ধ থকা এই নৃত্যশৈলীয়ে মোগলসকলৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আধ্যাত্মিক দিশৰ পৰা আহি মনোৰঞ্জনৰ আহিলা হৈ পৰে। কথকত তিনিটা ঘৰানা (সংগীত-নৃত্যৰ পৰম্পৰা) সৰ্বাধিকভাৱে প্ৰচলিত। সেইকেইটা হ’ল : লক্ষ্ণৌ ঘৰানা, জয়পুৰ ঘৰানা আৰু বাৰাণসী ঘৰানা। ঘাইকৈ শ্ৰী কৃষ্ণৰ লীলা প্ৰকাশক এই নৃত্যত শৃংগাৰ ৰস আৰু লয়ৰ প্ৰাধান্য দেখা পোৱা যায়। ঘৰানা আৰু অঞ্চলভেদে কথক নৃত্যৰ পৰিবেশন ৰীতিত কিছু পাৰ্থক্য দেখা পোৱা যায়। মূলত লয় প্ৰধান নৃত্য হ’লেও এই নৃত্যত প্ৰচণ্ড দেহ ভংগী আৰু দৃঢ় পদ সঞ্চালনৰ প্ৰচুৰ অনুশীলনৰ প্ৰয়োজন হয়। কথক নৃত্যত সংগদ বাদ্য হিচাপে তবলা, পাখোৱাজ মৃদংগ, সাৰেংগী আদি পৰিবেশন কৰা হয়। পুৰুষ নৃত্যশিল্পী সকলে কাপখোৱা পায়জামা, অংগ ৰখা আদি পৰিধান কৰাৰ বিপৰীতে মহিলা নৃত্যশিল্পী সকলে পৰিধান কৰে শাৰী, কাপখোৱা পায়জামা, উৰ্ণা, বিভিন্ন ধৰণৰ গহনা আদি। [1]

কথক নৃত্য

কথক নৃত্যশিল্পী
শৈলী ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা

ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কথক নৃত্য শিল্পী: সম্পাদনা কৰক

  1. বিৰজু মহাৰাজ,
  2. উমা শৰ্মা,
  3. শোভনা নাৰায়ণ।

তথ্য সংগ্ৰহ: সম্পাদনা কৰক

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন , শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং - ?