কনকলাল বৰুৱা
কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ'চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়[1]৷ প্ৰকাশিত গ্ৰন্থ: আৰ্লি হিষ্টৰী অব কামৰূপ৷ ১৯৪০ চনৰ ১৮ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷
কনকলাল বৰুৱা | |
---|---|
জন্ম | ১৬ ডিচেম্বৰ, ১৮৭২ |
মৃত্যু | ১৮ জানুৱাৰী, ১৯৪০ |
পেচা | গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।