কবিতা দালাল (ইংৰাজী: Kavita Dalal জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৬) হৈছে বৰ্তমান ডাব্লিউডাব্লিউইত ৰিং নাম কবিতা দেৱী বুলি পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা। তেওঁ, তেওঁলোকৰ উন্নয়নমূলক অঞ্চল এনএক্সটিত প্ৰদৰ্শন কৰে। দেৱী হৈছে ডাব্লিউডাব্লিউইত কুস্তি খেলা প্ৰথম ভাৰতীয় পেছাদাৰী মহিলা মল্লযোদ্ধা।[2] দেৱীয়ে পূৰ্বতে ৰিং নাম কবিতা আৰু হাৰ্ড কেডিৰ অধীনত কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্টৰ বাবে স্বতন্ত্ৰ বৰ্তনীত কুস্তি খেলিছিল।

কবিতা দেৱী

২০১৮ চনত দেৱজ
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম কবিতা দালাল
জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৬ (৩৭ বছৰ)
মালৱী, জিন্দ জিলা, হাৰিয়ানা, ভাৰত
উচ্চতা ৫ ফুট ৯ ইঞ্চি[1]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

হাৰিয়ানাৰ জিন্দ জিলাৰ অন্তৰ্গত জুলানা তহচিলৰ মালৱী গাঁৱত ২০ ছেপ্টেম্বৰ ১৯৮৬ তাৰিখে কবিতা দেৱীৰ জন্ম হয়। তেওঁলোকৰ মুঠ পাঁচজন ভাই-ভনী আছিল। ২০০৯ চনত দেৱী বিবাহ পাশত আৱদ্ধ হয় আৰু ২০১০ চনত তেওঁ এটা সন্তানৰ মাতৃ হয়। ইয়াৰ লগে লগে দেৱীয়ে ক্ৰীড়া জগতৰ পৰা বিদায় ল'ব বিচাৰিছিল কিন্তু স্বামীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ খেলা অব্যাহত ৰাখে। [3]

বঁটা সম্পাদনা কৰক

কবিতা দালাল

দেৱীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে, তেওঁ ২০১৬ চনৰ দ্বাদশ দক্ষিণ এছিয়ান গেমছত ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। [1][4]

পেছাদাৰী কুস্তি কেৰিয়াৰ সম্পাদনা কৰক

কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্ট (২০১৬-২০১৭) সম্পাদনা কৰক

২৪ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে, কবিতা দালালে কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্টৰ হৈ গ্ৰেট খালিৰ প্ৰচাৰত প্ৰৱেশ কৰে আৰু এগৰাকী পেছাদাৰী মল্লযোদ্ধা হিচাপে প্ৰশিক্ষণ আৰম্ভ কৰে। দেৱীয়ে জুন ২০১৬ ত ৰিং নাম কবিতাৰে প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰিছিল। তেওঁক আক্ৰমণৰ পূৰ্বে কবিতাই বি.বি বুল বুলৰ "মুক্ত প্ৰত্যাহ্বান" গ্ৰহণ কৰিছিল। ২৫ জুনত, তেওঁ প্ৰথম মিক্সড টেগ দলৰ খেলত বি.বি চুল বুল আৰু চুপাৰ খালছাৰ বিৰুদ্ধে চাহিল চাংৱানৰ সৈতে দল বদ্ধ হৈ হাৰ্ড কেডি নামৰ এটা নতুন ৰিঙত খেলিছিল। কবিতাই তেওঁৰৰ প্ৰশিক্ষক দা গ্ৰেট খালীক তেওঁৰ মুখ্য অনুপ্ৰেৰণা হিচাপে উল্লেখ কৰিছে।[1]

ডাব্লিউডাব্লিউই (২০১৭-২০২১) সম্পাদনা কৰক

১৩ জুলাই ২০১৭ তাৰিখে, তেওঁক মে ইয়ং ক্লাছিক টুৰ্ণামেণ্টৰ অন্যতম অংশগ্ৰহণকাৰী হিচাপে ঘোষণা কৰা হয়।[5] ২৮ আগষ্টত কবিতাক প্ৰথম ৰাউণ্ডত ডাকোটা কাইয়ে খেলত পৰাজিত কৰে।[6]

১৫ অক্টোবৰ ২০১৭ তাৰিখে, ডাব্লিউডাব্লিউইয়ে ঘোষণা অনুসৰি তেওঁ জানুৱাৰী ২০১৮ত তেওঁলোকৰ প্ৰদৰ্শন কেন্দ্ৰত প্ৰশিক্ষণ আৰম্ভ কৰে।[7] ২০১৮ চনৰ ৮ এপ্ৰিলত দেৱীয়ে কোম্পানীৰ অংশ হিচাপে প্ৰথম বাৰৰ বাবে প্ৰদৰ্শন কৰে আৰু লগতে ৰেচেলমেনিয়া ৩৪ ত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰাৰ উপৰি উদ্বোধনী ৰেচেলমেনিয়া মহিলা যুদ্ধ ৰয়েলৰ প্ৰতিযোগিতাটো প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰে য'ত তেওঁ ছাৰাহ লোগানৰ হাতত পৰাজিত হ'ব লগা হয়। [8] ১৯ এপ্ৰিলত দেৱীয়ে এনএক্সটি লাইভ ইভেণ্টত হিল হিচাপে আত্মপ্ৰকাশ কৰে আৰু ডাকোটা কাই আৰু ষ্টেফানি নেৱেলৰ বিৰুদ্ধে আলিয়াৰ সৈতে এক দলবদ্ধ হয়। তেওঁ মে ইয়ং ক্লাছিক ২০১৮ ত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰাউণ্ডতে কেইটলিনৰ হাতত পৰাজিত হয়।[9] ২০২১ চনৰ ১৯ মে'ত দেৱীক ডাব্লিউডাব্লিউইৰ পৰা চুক্তি মুক্ত হোৱাৰ কথা ঘোষণা কৰা হয়।[10] অৱশ্যে, এসপ্তাহ পিছত দেৱীয়ে উল্লেখ কৰে যে তেওঁ এতিয়াও ডাব্লিউডাব্লিউইৰ সৈতে কাম কৰি আছে। জানুৱাৰী ২০১৯-ত তেওঁ ভাৰতত ডাব্লিউডাব্লিউই চুপাৰ লীগ আৰম্ভ কৰিবলৈ খেলুৱৈ বাছনি কৰাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Kavita Devi MYC Biography". WWE. http://www.wwe.com/section/mae-young-classic-competitors/article/kavita-devi। আহৰণ কৰা হৈছে: 15 October 2017. 
  2. "Kavita set to become 1st Indian woman to appear in WWE". tribuneindia.com. 23 June 2017. http://www.tribuneindia.com/news/chandigarh/kavita-set-to-become-1st-indian-woman-to-appear-in-wwe/426440.html। আহৰণ কৰা হৈছে: 27 August 2017. 
  3. 3.0 3.1 "WWE में कविता दलाल की तरह अब और भारतीय छोरियां भी दिखाएंगी दमखम" (hi ভাষাত). Dainik Jagran. 16 January 2019. https://www.jagran.com/haryana/hisar-wwe-superstar-kavita-dalal-will-launch-wwe-super-league-in-india-18859832.html. 
  4. "South Asian Games 2016: Gold rush continues for India on 4th day". catchnews.com. 14 February 2017. http://www.catchnews.com/other-sports-news/south-asian-games-2016-gold-rush-continues-for-india-on-fourth-day-of-event-1454925934.html। আহৰণ কৰা হৈছে: 27 August 2017. 
  5. "Mae Young Classic competitors announced at Parade of Champions". WWE. 13 July 2017. http://www.wwe.com/shows/maeyoungclassic/article/mae-young-classic-competitors-announced। আহৰণ কৰা হৈছে: 15 October 2017. 
  6. Richard, Trionfo (28 August 2017). "Mae Young Classic Episode Three Report: Garrett Versus Niven, Belair Versus Beckett, Kai Versus Devi, And Storm Versus Raymond". PWInsider. https://www.pwinsider.com/article/111953/mae-young-classic-episode-three-report-garrett-versus-niven-belair-versus-beckett-kai-versus-devi-and-storm-versus-raymond.html। আহৰণ কৰা হৈছে: 15 October 2017. 
  7. "WWE signs first female talent from India and the Middle East to developmental contracts". WWE. 15 October 2017. http://www.wwe.com/shows/wwenxt/article/wwe-signs-first-female-talent-from-india-middle-east। আহৰণ কৰা হৈছে: 15 October 2017. 
  8. Stuart, Carapola (8 April 2018). "Complete Wrestlemania 34 Kickoff Show Coverage". PWInsider. https://www.pwinsider.com/ViewArticle.php?id=116716&p=2। আহৰণ কৰা হৈছে: 9 April 2018. 
  9. Williams, JJ (20 April 2018). "Nxt Sanford, Fl, Live Results: Kacy Catanzaro Makes Her Debut". F4WOnline. https://www.f4wonline.com/wwe-results/nxt-sanford-fl-live-results-kacy-catanzaro-makes-her-debut-256116। আহৰণ কৰা হৈছে: 22 April 2018. 
  10. "Eight NXT on- air talent released by WWE". Wrestling observer. https://www.f4wonline.com/nxt-news/eight-nxt-air-talent-released-wwe-341836. 

বাহ্যিক সংযোগ সম্পাদনা কৰক