কমলাবাঈ গোখলে ভাৰতীয় বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী। তেওঁ আৰু তেওঁৰ মাতৃ দুৰ্গাবাঈ কামট ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী।[1] ১৯১৩ চনত মুক্তি লাভ কৰা দাদাচাহেব ফাল্কেৰ দ্বিতীয়খন ছবি মোহিনী ভস্মাসুৰত কমলাবাঈয়ে মুখ্য চৰিত্ৰ মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল।

কমলাবাঈ গোখলে
জন্ম কমলাবাঈ কামট
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী ৰঘুনাথৰাও গোখলে
পিতৃ-মাতৃ আনন্দ নানস্কৰ (পিতৃ)
দুৰ্গাবাঈ কামট (মাতৃ)
সন্তান

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ মুম্বাইৰ জে.জে. স্কুল অফ আৰ্টৰ ইতিহাস বিভাগৰ অধ্যাপক আনন্দ নানস্কৰ আৰু অভিনেত্ৰী দুৰ্গাবাঈ কামটৰ দুহিতা। তেওঁ ৰঘুনাথৰাও গোখলেৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ তিনিজন পুত্ৰ ক্ৰমে, চন্দ্ৰকান্ত গোখলে, লালজী গোখলে আৰু সূৰ্যকান্ত গোখলে। চন্দ্ৰকান্ত গোখলে বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিনেতা বিক্ৰম গোখলেৰ পিতৃ। লালজী গোখলে আৰু সূৰ্যকান্ত গোখলে দুয়ো তবলাৰ পণ্ডিত।

তেওঁ ২৫ বছৰ বয়সতে বিধৱা হয়। তেওঁ সময়ত তেওঁৰ তৃতীয় পুত্ৰ গৰ্ভাৱস্থাত আছিল।

কৰ্মজীৱন সম্পাদনা কৰক

কমলাবাঈ গোখলে এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁৰ মাতৃ দুৰ্গাবাঈ কামটৰ পৰা অভিনয়ৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত হৈছিল। ৪ বছৰ বয়সতে তেওঁ পোনপ্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰিছিল।

১৯১২-১৯১৩ চনত ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ দাদাচাহেব ফাল্কে তেওঁৰ দ্বিতীয়খন ছবি মোহিনী ভস্মামাসুৰৰ বাবে নায়িকা আৰু অভিনেত্ৰী বিচাৰি আছিল। অৱশেষত তেওঁ কমলাবাঈ গোখলেক মোহিনী ভস্মামাসুৰৰ মুখ্য চৰিত্ৰ মোহিনীৰ বাবে বাছনি কৰে।[2] একেখন চলচ্চিত্ৰতে তেওঁৰ মাতৃ দুৰ্গাবাঈয়ে পাৰ্বতীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। তেওঁলোক দুয়োগৰাকী ভাৰতৰ প্ৰথম গৰাকী অভিনেত্ৰী আৰু কমলাবাঈ প্ৰথম নায়িকা। সেই সময়ত অভিনেত্ৰী পাবলৈ কঠিন আছিল। সমাজত অভিনয় বৃত্তিক বেয়া চকুৰে চোৱা হৈছিল। ইয়াৰ বাবে দাদাচাহেব ফাল্কেয়ে তেওঁৰ প্ৰথম ছবি ৰাজা হৰিশচন্দ্ৰত অভিনেত্ৰীৰ অভাৱত তেওঁৰ ডেকা ৰান্ধনি চালুংকেক নাৰী চৰিত্ৰত অভিনয় কৰাবলৈ বাধ্য হৈছিল।

কমলাবাঈ ১৫ বছৰ বয়সতে চলচ্চিত্ৰৰ নায়িকা হিচাপে বিখ্যাত হৈ পৰে। তাৰ পিছৰ বছৰ তেওঁ ৰঘুনাথৰাও গোখলেৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ কিৰলস্কৰ নাটক কোম্পানীৰ লগত জড়িত আছিল আৰু এই নাট্যগোষ্ঠীৰ নাটক সময়ত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ নিজৰ ভায়েকৰ নাট্যগোষ্ঠীত যোগদান কৰে। ইয়াত তেওঁৰ লগত তেওঁৰ মাতৃয়েও অভিনয় কৰিছিল। তেওঁলোকৰ যুটীক নাটকৰ মুখ্য চৰিত্ৰত প্ৰায়ে দেখা পোৱা গৈছিল।

১৯৩০ দশকত কমলাবাঈয়ে বীৰ সৱৰ্কৰৰ সৈতে হৰিজন সম্প্ৰদায়ৰ উত্তৰণৰ বাবে উৎসৱ নাটকত একেলগে কাম কৰিছিল।[3] তেওঁ জীৱনকালত প্ৰায় ৩৫খন চলচ্চিত্ৰত কাম কৰিছিল। তেওঁৰ জীৱনৰ শেষ চলচ্চিত্ৰ হল গেহৰাই (১৯৮০)।

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

  • ১৯৮০ গেহৰাই
  • ১৯৭২ এক নজৰ
  • ১৯৭১ হলচল
  • ১৯৬৭ বাল্যকলসখী
  • ১৯৫৪ নাস্তিক কমলা
  • ১৯৫২ আলাদিন অৰ জাদুই চিৰাগ
  • ১৯৪৯ নৱজীবনম কমলা
  • ১৯৪৬ হকদাৰ
  • ১৯৪৬ সোণা চান্দি
  • ১৯৪৪ ষ্টাণ্ট কিং
  • ১৯৩৯ গৰিৱ কা লাল
  • ১৯৩৮ চাবুকৱালী
  • ১৯৩৮ ষ্ট্ৰীট চিংগাৰ
  • ১৯৩৬ আখৰী গলতি
  • ১৯৩৬ বে খাৰাব জান
  • ১৯৩৬ প্ৰভু কেপ্যাৰা
  • ১৯৩৫ বেৰিষ্টাৰছ ৱাইফ
  • ১৯৩৫ বিখৰে মতি
  • ১৯৩৪ আফগান অবলা
  • ১৯৩৪ অম্বৰীষ
  • ১৯৩৪ গুণসুন্দৰী সুশীলা
  • ১৯৩৩ ঔৰত কা দিল
  • ১৯৩৩ ভোলা চিকাৰ
  • ১৯৩৩ ভুল ভুলইয়া
  • ১৯৩৩ চন্দ্ৰহাস
  • ১৯৩৩ কৃষ্ণ সুদামা
  • ১৯৩৩ লাল-এ-য়মন লালাৰুখ
  • ১৯৩৩ মিৰ্জা চাহিবান
  • ১৯৩৩ ৰাজৰাণী মীৰা
  • ১৯৩২ ভুতিয়া মহল
  • ১৯৩২ চাৰ চক্ৰম'
  • ১৯৩২ নীতি বিজয়
  • ১৯৩২ শীল বালা
  • ১৯৩১ দেৱী দেৱযানী শৰ্মিষ্ঠা
  • ১৯১৩ মোহিনী ভস্মাসুৰ

তথ্য উৎস সম্পাদনা কৰক

  1. "Entertainment Bureau | Kamala Bai Gokhale | First Indian actress". Entertainmentbureau.in. 2012-06-07. Archived from the original on 2012-09-22. https://web.archive.org/web/20120922084117/http://entertainmentbureau.in/actress/kamala-bai-gokhale-first-indian-actress। আহৰণ কৰা হৈছে: 2012-09-30. 
  2. "History of Indian Cinema". Cinemaofmalayalam.net. 1913-04-21. Archived from the original on 2012-09-28. https://web.archive.org/web/20120928114902/http://www.cinemaofmalayalam.net/his_indian_cinema.html। আহৰণ কৰা হৈছে: 2012-09-30. 
  3. "First Lady Of The Silver Screen-Struggle, Survival And Success". Indiaprofile.com. http://www.indiaprofile.com/people/kamlabaigokhale.htm। আহৰণ কৰা হৈছে: 2012-08-20.