কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে।[1] পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, খাদ্য ৰখা, বস্তু ঢকা ইত্যাদি কামত কলপাতৰ ব্যৱহাৰ হয়।[2] হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্মৰ লোকে বিভিন্ন উৎসৱ পাৰ্বনত সজোৱা আৰু ৰূপকাত্মকভাৱে কলপাতৰ ব্যৱহাৰ কৰে। অসমীয়া লোকে ধৰ্মীয় বিশ্বাস অনুসৰি কলপাতক পবিত্ৰ বুলি মানে। বিশেষভাৱে আগলটি কলপাতৰ মৰ্যাদা অধিক। পৰম্পৰাগত পদ্ধতিৰে ঘৰ আদি সাঁজিলে ঘৰৰ চালত শুকান কলপাত বা কলমগুণা ব্যৱহাৰ কৰে।[3] ঐতিহাসিকভাৱে দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ লোকে লিখন সঁজুলি হিচাপে কলপাত কাগজৰ ৰূপত ব্যৱহাৰ কৰিছিল।

কলপাত
মচলাৰ সৈতে পাতত দিয়া মাছ।
কলপাতৰ প্লেট বনাই থকা দৃশ্য, ইয়াক প্লাষ্টিক প্লেটৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

কলৰ প্ৰজাতি অনুসৰি কলপাতৰ দীঘ, প্ৰস্থ ভিন্ন হয়। চেনিচম্পা, অমৃত সাগৰ, ইত্যাদি কলৰ পাত ভীমকলৰ পাতৰ তুলনাত ঠুনুকা, ই সহজেই ফাটি যায়। এখিলা বয়স্ক কলপাতৰ গড় হিচাপত দৈঘ্য প্ৰায় ২ মিটাৰ আৰু প্ৰস্থ আধাৰ পৰা ১ মিটাৰ পৰ্যন্ত হয়। এজোপা গছত এবাৰত প্ৰায় ৮-১২খিলা পাত দেখা যায়। পাতবোৰ মমৰ দৰে পিছল, নমনীয়, আৰু চিকমিকিয়া। বৰণ পাতল বা গাঢ় সেউজীয়া। পাতৰ পিছফালে চূণৰ দৰে পদাৰ্থ থাকে।[4] ইয়াৰ মধ্য ভাগত এডাল ডাঙৰ আকাৰৰ শিৰা থাকে, তাৰ পৰা সমান্তৰাল ভাৱে শিৰবিন্যাস ওলোৱা দেখা যায়। কলপাতবোৰ সমমিত। একেবাৰে নতুন পাত খিলাৰ ঠাৰি অংশইদি আন এখিলা নতুন পাত ওলাই আহে। প্ৰথম অৱস্থাত এই পাতখিলা নুৰীয়াই থোৱাৰ দৰে দেখি। ইয়াক থোৰ বুলি কোৱা হয়। লাহে লাহে পাতখিলা মুকলি হৈ পৰে।

কলপাতত ক্লোৰোফিল থকাৰ কাৰণে ইয়াক খালে চৰ্মৰোগ নহয়, অন্ত্ৰৰ ঘা নিৰাময় হয়, লিউকোমিয়া নহয়। কলপাতত কেলচিয়াম, ভিটামিন এ, ভিটামিন চি, চাইট্ৰিক এচিড, কেৰোটিন আৰু টেনিন গুণ আছে। বৰলে কামুৰিলে, কাঁইটে বিন্ধিলে সেই ঠাইত কলপাত বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়।[5] কলপাত গৰু-ছাগলীৰ প্ৰিয় খাদ্য। ৰেচম শিল্পত কলপাতৰ ব্যৱহাৰ হয়। পলু বোৰে লেটা সাজিবৰ বাবে শুকান কলপাত দিয়া হয়।

 
কলপাতৰে মেৰিয়াই ভাপত সিজোৱা ভাত

কলপাত বোৰ ডাঙৰ, নমনীয় আৰু পানীত নিভিজা।[6] কলপাতে খাদ্যত এক বিশেষ সৌৰভৰ সংযোগ ঘটাই; কলপাতত মেৰিয়াই ভাপত সিজোৱা খাদ্যত এক বিশেষ সুগন্ধ তথা সোৱাদৰ সংযোজন ঘটে।[7] অৱশ্যে এইদৰে খাদ্যৰ প্ৰস্তুত কৰণত ব্যৱহৃত কলপাতবোৰ খোৱা নহয়। ইয়াৰোপৰি কলাপাতে খাদ্যৰ পৰা পানী ভাগ ভাপ হৈ উৰি যোৱাত বাধা দিয়ে ফলত খাদ্যত ৰসৰ সংযোজন ঘটি থাকে। কলপাতে খাদ্য সমূহ পুৰি যোৱাত বাধা দিয়ে।[8] কলপাতৰ শিৰবিন্যাস সমান্তৰাল হোৱা বাবে আৰু ইয়াৰ নমনীয় গুণৰ বাবে লিখন সঁজুলি হিচাপে ব্যৱহাৰৰ হেতু কলপাত উপযুক্ত। কাগজৰ ব্যৱহাৰৰ পূৰ্বে, দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ লোকে লিখন সঁজুলি হিচাপে ইয়াৰ ব্যৱহাৰ কৰিছিল।[9] কলপাতৰ শিৰবিন্যাসে আখৰবোৰ লিখোঁতে শাৰী পৃথক কৰণত বিশেষ সহায় কৰিছিল। ইষ্টাৰ দ্বীপৰ ৰঙ্গৰঙ্গ লিপি বিকাশৰ ক্ষেত্ৰত কলপাতৰ এক বিশেষ ভূমিকা আছে।[10]

ধৰ্মীয় গুৰুত্ব

সম্পাদনা কৰক

হিন্দু লোকে পূজাৰ নৈৱদ্যাদি আগলি কলপাতত আগবঢ়াই দিয়ে। আগৰ দিনত বিয়া-সবাহ আৰু সকাম-নিকামৰ ৰভা কলপাতেৰে দিয়া হৈছিল। অসমীয়া সমাজত সদ্যোজাত কেঁচুৱাক আগলি কলপাতত শুৱাই দিয়াৰ নিয়ম আছিল। পুষ্পিতা ছোৱালীক নোৱাই ধুৱাই আইসকলে পোনপ্ৰথমে আগলি কলপাত এখনত ফল-মূল খাবলৈ দিয়ে। অসমীয়া সমাজত পিতৃ-মাতৃৰ মৃত্যু হ'লে পুত্ৰ সকলে অশৌচৰ দিনকেইটা কলপাতত শোৱা, শুকান কলপাতেৰে সজা কঠত বহাৰ নিয়ম।[11] মাঘৰ বিহুত শুকান কলপাতৰ সহায়ত মেজি ঘৰ সঁজা হয়। বাংলাদেশ, শ্ৰী লংকা তথা ভাৰতৰ কলগছ প্ৰচুৰ পৰিমাণে হোৱা অঞ্চল সমূহ যেনে দক্ষিণ ভাৰত, অসম, পশ্চিমবংগ ইত্যাদিত কলপাতৰ প্ৰচুৰ ব্যৱহাৰ হয়। ভোজ আদিৰ আয়োজন কৰিলে কলপাতত খাদ্য পৰিৱেশন কৰা হয়।

চিত্ৰ বিঠিকা

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Why Won't a Banana Plant's Leaves Open?" (en ভাষাত). SFGate. https://homeguides.sfgate.com/wont-banana-plants-leaves-open-87057.html। আহৰণ কৰা হৈছে: 5 January 2020. 
  2. Nace, Trevor (2019-03-25). "Thailand Supermarket Ditches Plastic Packaging For Banana Leaves". Forbes. https://www.forbes.com/sites/trevornace/2019/03/25/thailand-supermarket-uses-banana-leaves-instead-of-plastic-packaging/amp/। আহৰণ কৰা হৈছে: 2019-03-26. 
  3. Molina, A.B.; Roa, V.N.; Van den Bergh, I.; Maghuyop, M.A.. Advancing banana and plantain R & D in Asia and the Pacific. পৃষ্ঠা. 84. Archived from the original on 2017-12-12. https://web.archive.org/web/20171212184856/https://books.google.com/books?id=Bw8Ow1H_OocC&pg=PA84. 
  4. Speciality Produce. Banana leaf. [1]. Special Produce. 
  5. "বিকাশপেডিয়া". https://as.vikaspedia.in/health/9b89cd9ac9be9b89cd9a59cd9af-9959aa/9959b29aa9be9a4983। আহৰণ কৰা হৈছে: 12 August 2020. 
  6. "Frozen Banana Leaf". Archived from the original on 30 Jun 2012. https://web.archive.org/web/20120630003824/http://www.templeofthai.com/food/fresh/frozenbananaleaf-1000000257.php। আহৰণ কৰা হৈছে: 12 August 2020. 
  7. Black Cod Steamed in Banana Leaves with Thai Marinade Archived 2012-06-22 at the Wayback Machine, Frog Mom
  8. "Banana". Hortpurdue.edu. Archived from the original on 15 April 2009. https://web.archive.org/web/20090415160027/http://www.hort.purdue.edu/newcrop/morton/banana.html। আহৰণ কৰা হৈছে: 2009-04-16. 
  9. Sanford Steever, 'Tamil Writing', in Daniels & Bright, The World's Writing Systems, 1996, p. 426
  10. Barthel, Thomas S. (1971). Pre-contact Writing in Oceania. Current Trends in Linguistics. 8. প্ৰকাশক Den Haag, Paris: Mouton. পৃষ্ঠা. 1169. 
  11. ডেকাফুকন, গৌৰীপ্ৰিয়া. "অসমীয়া লোক-সংস্কৃতিত কল". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9c09af9bc9be-9b2995-9b89829b89cd9959c39a49bf9a4-9959b2-964। আহৰণ কৰা হৈছে: 12 August 2020.