ভাত হৈছে সিজোৱা চাউল। সৰহ পানীত উতলাই বা কম পানীত ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। খাদ্য হিচাপে ভাত যথেষ্ট জনপ্ৰিয়। ভাত ৰান্ধিবৰ বাবে এছিয়া, আফ্ৰিকা বা যিকোনো ঠাইত উপলব্ধ ধানৰ দীঘল, মধ্যমীয়া বা চুটি চাউল ব্যৱহাৰ কৰিব পাৰি। চাউলবোৰ সম্পূৰ্ণকৈ বা আধা সিজাই ভাত তৈয়াৰ কৰা হয়।

ভাত
A bowl of rice.jpg
এবাতি ভাত
অন্য নাম সিজোৱা চাউল
প্ৰকাৰ দিবা-নৈশ্য আহাৰ
উৎপত্তিৰ স্থান ভাৰত
মুখ্য উপাদান চাউল, পানী
খাদ্য শক্তি
(প্ৰতি 1 পৰিবেশন)
85 কিলোকেলৰি (356 kJ)[1]
অনুৰূপ ব্যঞ্জন কোমল চাউল, বিৰিয়ানি, পঁইতা ভাত, চুঙা চাউল, পায়স, ক্ষীৰ

সাধাৰণতে বহু প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰিবলৈ ভাতক প্ৰধান উপাদান হিচাপে গুৰুত্ব দিয়া হয়। চাউল সিজাই বিভিন্ন খাদ্য সামগ্ৰী যেনে পিঠা, জলপান, আদি প্ৰস্তুত কৰা হয়।

ভাত কেৱল এছিয়া আৰু লেটিন আমেৰিকাৰে প্ৰধান খাদ্য নহয়। ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে মন কৰিবলগীয়া। লগতে ভাত হৈছে বিশ্বত আটাইতকৈ বেছি পৰিমাণে গ্ৰহণ কৰা খাদ্য। কৃষি বিভাগে ভাতক শস্যজাত খাদ্যৰ বিভাগত অন্তৰ্ভুক্ত কৰিছে। দৈনিক পুৰুষ আৰু মহিলাই গ্ৰহণ কৰিবলগীয়া ১৭০ আৰু ২০০ গ্ৰাম শস্যজাত খাদ্যৰ ভিতৰত ভাতে প্ৰায় ৬০ গ্ৰাম পুষ্টি যোগান ধৰে। ইয়াৰোপৰি ভাত মেংগানিজ আৰু জিংকৰ উৎকৃষ্ট উপাদান।[2]

ভাত ৰন্ধাৰ পদ্ধতিসম্পাদনা কৰক

ভাত ৰান্ধিবৰ বাবে প্ৰধানকৈ চাউল আৰু পানীৰ প্ৰয়োজন। নতুন চাউলৰ ভাত ৰান্ধিবলৈ কম পানীৰ প্ৰয়োজন।[3] চাউলবোৰ প্ৰথমে ভালকৈ ধুই, পাত্ৰত চাউল আৰু পানীৰ অনুপাত ৰক্ষা কৰি জুইত সিজিবলৈ দিয়া হয়। সাধাৰণতে বটুৱা, চচ্ ইত্যাদিত কম পৰিমাণে চাউল সিজালে, চাউলবোৰ সম্পূৰ্ণৰূপে সিজাৰ পূৰ্বে পানী কঢ়া হয়।[4] পানী কঢ়া ভাতখিনি ওখনিয়াই সামান্য জুইত ৰাখি নমাই ৰখা হয়। ভাতৰ পৰা কাঢ়ি ৰখা এই পানীক মাৰ বা নিসনি বোলে। সাধাৰণতে পানী নকঢ়াকৈয়ো ভাত ৰন্ধা হয়। আধুনিক কুকাৰ ইত্যাদিৰ সহায়ত কম পানী আৰু জুইত পানী নকঢ়াকৈয়ে অতি সহজেই ভাত ৰান্ধিব পাৰি। অসমীয়া সমাজত, ভোজ আদিৰ আয়োজন কৰিলে সাধাৰণতে ডাঙৰ কেৰাহীত ভাত ৰন্ধা হয়। চাউলখিনি সিজিলে ছাকনীৰ সহায়ত ভাতখিনি পাত্ৰৰ পৰা কাঢ়ি বহলকৈ মেলি দিয়া হয়। এনে কৰিলে ভাতত ৰৈ যোৱা অতিৰিক্ত পানী ভাপ হৈ উৰি যায় আৰু ভাতখিনি যৌ-যোৱা হৈ পৰে।

পুষ্টিসম্পাদনা কৰক

ভাতত বহু পৰিমাণে শৰ্কৰা থাকে। ভাত শক্তি বৰ্ধক খাদ্য। অধিক শাৰীৰিক শ্ৰম কৰা লোকৰ বাবে সাধাৰণতে ভাত উপযুক্ত খাদ্য। গাঁৱৰ শ্ৰমজীৱী লোক সকলে ভাতক প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। ভাত প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা চাউলত থকা বিভিন্ন পুষ্টি সমূহ:

পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 1,527 kJ (365 kcal)
শৰ্কৰাসমূহ 80 g
- চেনী 0.12 g
- খাদ্য আঁহ 1.3 g
চৰ্বী 0.66 g
প্ৰ’টিন 7.13 g
পানী 11.61 g
থায়েমিন (ভিটামিন বি) 0.0701 mg (6%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.0149 mg (1%)
নিয়াচিন (ভিটামিন বি) 1.62 mg (11%)
পেণ্টথেনিক এচিড (বি) 1.014 mg (20%)
ভিটামিন বি 0.164 mg (13%)
কেলচিয়াম 28 mg (3%)
লো 0.80 mg (6%)
মেগনেছিয়াম 25 mg (7%)
মেংগানিজ 1.088 mg (52%)
ফছফ’ৰাছ 115 mg (16%)
পটাছিয়াম 115 mg (2%)
জিংক 1.09 mg (11%)
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

বিভিন্ন ব্যঞ্জনসম্পাদনা কৰক

চুঙা চাউল

তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি ভাতৰ দৰে সিজাই তৈয়াৰ কৰা এবিধ আহাৰ। ইয়াক ভাতৰ বিকল্প হিচাপে খাব পাৰি। অসমীয়া সমাজত চুঙা চাউল, জলপান হিচাপে গ্ৰহণ কৰে।

বোকা চাউল

কোমল ধানৰ চাউল গৰমপানীত তিয়াই থৈ প্ৰস্তুত কৰা ভাতৰ দৰে এবিধ খাদ্য। জুইত কোমল ধান সিজাই, ৰ'দত শুকুৱাই খুন্দি বিশেষ ভাৱে তৈয়াৰ কৰা হয় বাবে এই চাউল নিসিজোৱাকৈয়ে, খাবৰ উপযোগী হৈ পৰে। বোকা চাউল কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ল'লে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে।

পঁইতা ভাত

পঁইতা ভাত হৈছে ওৰে ৰাতি সিজোৱা চাউল পানীত তিয়াই থৈ পিছ দিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।

পায়স আৰু ক্ষীৰ

চাউল সিজাই গাখীৰ আৰু চেনিৰে পগাই তৈয়াৰ কৰা এবিধ মিঠা খাদ্য।

ভাত ৰান্ধিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধানৰ প্ৰজাতিসম্পাদনা কৰক

শালি ধানৰ জাত

তুলসী শালি, শালিকা চুতীয়া, গুটিয়া আমোনা, নল নাৰায়ণ ধান, জল বসুন্ধৰী, পাঞ্চা ধান, ধনিয়া গুটীয়া শালি, মনোহৰ শালি, গয়া শালি, পাতাল শালি, ধুচুৰি ধান, হাৰ কণা, গাজি বৰো, ইন্দ্ৰ নাৰায়ণ ধান, বিহাৰী শালি, প্ৰভাত শালি, গৌতম শালি, কুৰ্মী শালি, প্ৰসাদ ভোগ, হুৰুমি কোমল, সুৱাগমণি, বাদল শালি, বনগুটি, চৈমাৰী, গেজেন শালি, চামৰাজ, কুটকুটি, আবৰ শালি, মাণিকী মাধুৰী, কণী ধান, গঞা শালি, পাতল শালি, হাৰকণী, বাম মাগুৰি, পানী মাগুৰি, সুৱাগমণি, বাদল শালি, নানিয়া, আমপাখি, জাহিংগা, বৰ জাহিংগা, শ’লপোনা, চকোৱা, বংশী শালি, আহোম শালি, লক্ষণ শালি, খাগৰা শালি, মুকুতা, চহা চম্পা, মাণিক, লাইতা শালি, ফুটুকী আহিনী, প্ৰসাদ ভোগ, বাদশ্বাভোগ, টঙাপাচি,বদ্ধনা, গুজুৰি, পেটপাখৰী, মইনাগিৰী, কলমদানি, টাঙাৰকুৰি, ফুলপাখৰি, সুৱেগী, চৰকাৰী, মনোহৰ শালি, বৰধান, ক’লামোচৰা, ক’লা মেকুৰী, হালধা বৰধান, মালচহৰা বৰধান, মইনাগিৰি, ইক্ৰা, লাকী, লতাশালি, অগ্নিশালি, বিৰৈ, বিৰিয়াভঙা, টিংৰাই, দল, পোঙা, গৰু চকুৱা, প্ৰসাদ ভোগ, লতা শালি, ৰূপহী, মাগুৰী, বৰধান, মালচৰা, মেকুৰী শালি, হালধা, আঘোণা শালি, ক’লী বেতগুটি, বেতগুটি, হৰাপাট, ইক্ৰা মণিকূট, গৰুন্দ্ৰ পক্ষী, চেনি লাহি, পটেশ্বৰী ইত্যাদি।

আহু ধানৰ জাত

বগা আহু, ক’লা আহু, ৰঙা আহু, বেঙেনাগুটীয়া আহু, ৰঙাদৰীয়া, মণিপুৰী দুমাই, গুণি আহু, ফাপৰী আহু, বেতগুটি, কোইজানৰী, কইমুৰালি, লেহাদাং, হৰিণ কাজলী, নিলাজী, ৰঙাজিৰা, বগীবৰ, কোইজাপৰি, হাচাকুমৰা, বঙালীমি, পাঞ্জাশালি, ক’লা মাণিক, দুবাইচেঙা, আহু জহা, ৰাঙী খৰমা, খৰমা, পাখৰী আহু, ৰঙা ডিমৰা, কইলাঙী, ডগাৰঙা, ক’লাছপিলা, গোবৰ গুণি, বৰক’লা আহু, বাইৰিং, ৰিকজয়, কোচামণি, মাঘী, নিপক, চেঙা, মালভোগ, তিনিমহীয়া, পৰমা আহু আদি।

জহা ধানৰ জাত

ক’লা জহা, কুনকুনি জহা, শীতল জহা, কৃষ্ণ জহা, কল জহা, বকুল জহা, ঘুগুলী জহা, কণ জহা, গোবিন্দ তুলসী জহা, তুলসী জহা, বগা জহা, মাণিকী মাধুৰী জহা, ভোগ জহা, ৰামপাল জহা, ভুবুৰী জহা (শুং থকা), পিপৰাচোকোৱা জহা, ৰাঙী জহা, বাদশাভোগ আদি।

বাও ধানৰ জাত

এদলীয়া বাও, নেঘেৰি বাও, তৰা বাও, তুলসী বাও, কেকোৱা বাও, দল বাও, পানীকেকোৱা বাও, ৰঙা বাও, আমনা বাও, আহিনা বাও, মাগুৰি বাও, জৰা বাও, বাম মাগুৰি, পানী মাগুৰি, কেঁচা বাও, দেউৰী বাও, বাদল বাও, বকুল বাও, তিনি নম্বৰী, ধেপা বাও, দল মাগুৰী, বিল বাও, পদুমনি বাও, লতা বাও, বেজেল বাও, জুল বাও, ফুটি বাও, বৰজুল বাও, বগা আমনা, জাহিংগা, বৰ জাহিংগা, হেৰেপি বাও, বগী নদী আদি।

পিঠা-পনা আৰু জলপান তৈয়াৰ কৰিব পৰা ধানৰ জাত

বোকাধান, কোমল ধান, আটা বৰা, চিলতীয়া কোমল ধান, বগী বৰা, জঁটা বৰা, মালভোগ বৰা, গান্ধী বৰা, খামতি বৰা, মইনা বৰা, বগী বৰা, থুপি বৰা, ঘিঁউ বৰা, মৌ বৰা, বকুল বৰা, ৰঙা বৰা বা নগঞা শালি, কাতি বৰা, পাখি বৰা, জেং বৰা, বোকা বৰা, তিল বৰা, জহা বৰা, ক’লা তুলসী বৰা, তুলসী বৰা, জাংগনী বৰা, ৰূপহী বৰা, বগা বৰা, আঘোণী বৰা, ক’লা বৰা, মিহি জলপনীয়া ধান, গুৱাহটীয়া বৰা, নল বৰা, গাৰো বৰা, খোপাৰাঙী বৰা, পাৰ চকোৱা, সৰু চকোৱা, বৰ চকোৱা, বগা চকোৱা আদি।

চিত্ৰ বিঠিকাসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক