কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
কলমৌ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Convolvulaceae |
গণ: | Ipomoea |
প্ৰজাতি: | I. aquatica |
বৈজ্ঞানিক নাম | |
Ipomoea aquatica Forssk. |
ব্যৱহাৰ
সম্পাদনা কৰককলমৌৰ কুমলীয়া আগ শাক হিচাপে খোৱাৰ উপযোগী। কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) ভাল হয় বুলি কোৱা হয়। তদুপৰি জণ্ডিছ ৰোগৰ ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। ই ছাল আৰু হৃদযন্ত্ৰৰ কাৰণেও উপকাৰী।
গুণাগুণ
সম্পাদনা কৰককলমৌত শতকৰা হিচাপত ২.৯ ভাগ প্ৰ'টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত কলমৌ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Ipomoea aquatica সম্পৰ্কে অধিক তথ্য আছে |
- প্ৰান্তিক ১৬-৩১ মে, ২০১২, পৃষ্ঠা ২৬, "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ", লিখক সুনীল গগৈ।