কল মি বাই ইয়ৰ নেম (চলচ্চিত্ৰ)

(কল মি বাই ইয়ৰ নেমৰ পৰা পুনঃনিৰ্দেশিত)

কল মি বাই ইয়ৰ নেম (ইংৰাজী: Call Me by Your Name) হৈছে লুকা গুয়াডাগনিনোৰ দ্বাৰা পৰিচালিত ২০১৭ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ইয়াৰ চিত্ৰনাট্য জেমছ আইভৰীৰ দ্বাৰা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ ছবিখনৰ সহ-প্ৰযোজনাৰ সৈতেও জড়িত। ছবিখন আন্দ্ৰে এচিমেনৰ একে শিৰোনামৰে উপন্যাসখনৰ ওপৰত আধাৰিত। আই এম লাভ (২০০৯) আৰু এ বিগাৰ স্প্ল্যাছৰ (২০১৫) পিছত এই ছবিখন হৈছে গুয়াডাগনিনোৰ বিষয়ভিত্তিক "ডিজায়াৰ" ত্ৰিলজীৰ অন্তিমখন ছবি। "কল মি বাই ইয়ৰ নেম" চিনেমাখনে ১৯৮৩ চনত উত্তৰ ইটালীত বাস কৰা এজন ১৭ বছৰীয়া কিশোৰ এলিঅ পাৰলমেন ( টিমোথি চালামেট ) আৰু এলিঅ'ৰ দেউতাক চেমুৱেলৰ (মাইকেল ষ্টুলবাৰ্গ) প্ৰত্নতাত্বিক বিভাগৰ ২৪ বছৰীয়া সহযোগী স্নাতক-ছাত্ৰ অলিভাৰৰ (আৰ্মি হেমাৰ) মাজৰ ৰোমাণ্টিক সম্পৰ্কৰ বৰ্ণনা কৰিছে। এই চলচ্চিত্ৰখনত ১অভিনেত্ৰী আমিৰা কাছাৰ, এষ্টাৰ গাৰেল আৰু ভিক্টোয়েৰ ডু বোইছেও অভিনয় কৰিছে।

কল মি বাই ইয়ৰ নেম

কল মি বাই ইয়ৰ নেম আন্দ্ৰে এচিমেন
পৰিচালক লুকা গুয়াডাগনিনো
ৰচনা আন্দ্ৰে এচিমেন
চিত্ৰনাট্য জেমছ আইভৰী
কাহিনী আন্দ্ৰে এচিমেন
প্ৰযোজক পিটাৰ স্পিয়াৰ্ছ
লুকা গুয়াডাগনিনো
এমিলি জৰ্জেছ
ৰড্ৰিগো টেক্সেৰা
মাৰ্কো মোৰাবিটো
জেমছ আইভৰী
হাৱাৰ্ড ৰোজেনমেন
অভিনয়ত আৰ্মি হেমাৰ
টিমোথি চালামেট
মাইকেল ষ্টুলবাৰ্গ
আমিৰা কাছাৰ
এষ্টাৰ গাৰেল
ভিক্টোইৰি দু বুইছ
চিত্ৰগ্ৰহণকাৰী সায়োম্ভু মুকদীপ্ৰোম
সম্পাদনা ৱাল্টাৰ ফাচানো
প্ৰযোজনা
কোম্পানী
পৰিবেশক চনি পিকচাৰ্ছ ক্লাছিক (আমেৰিকা যুক্তৰাষ্ট্ৰ)
ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ পিকচাৰ্ছ (ইটালী)
মেমেণ্টো ফিল্মছ ইণ্টাৰনেচনেল (ৱৰ্ল্ড ৱাইড)
মুক্তি
২২ জানুৱাৰী, ২০১৭ ( চানডেন্স )
২৪ নৱেম্বৰ, ২০১৭ ( আমেৰিকা যুক্তৰাষ্ট্ৰ )
১৮ জানুৱাৰী, ২০১৮ ( ব্ৰাজিল )
২৫ জানুৱাৰী, ২০১৮ ( ইটালী )
দৈৰ্ঘ্য
১৩২ মিনিট
দেশসমূহ ইটালী
আমেৰিকা যুক্তৰাষ্ট্ৰ
ফ্ৰান্স
ব্ৰাজিল
ভাষাসমূহ ইংৰাজী
ইটালীয়ান
ফ্ৰাঞ্চ
বাজেট ৩.৫ নিযুত
সৰ্বমুঠ আয় ৪১.৯ নিযুত

তথ্য সংগ্ৰহ সম্পাদনা কৰক