ইটালী

দক্ষিণ ইউৰোপৰ দেশ

ইটালী (Italia ইটালী‌য়া) ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত, দক্ষিণ মধ্য ইউৰোপৰ এখন একাত্মক সংসদীয় প্ৰজাতন্ত্ৰ। ইটালীত সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰব্যবস্থা প্ৰচলিত। ইয়াক বিশ্বৰ ২৩তম উন্নত দেশ হিচাপে গণ্য কৰা হয়। ইটালীয়ান লোকসকল উন্নত জীৱন-যাপনত অভ্যস্ত, লগতে নমিনেল জিডিপি ও উচ্চ। ইটালী ইউৰো জ’নৰো অংশ। ইয়াৰ উপৰিও ইটালী জি৮, জি২০ আৰু নেটোৰ সদস্য। ইটালী ইউৰোপ আৰু লগতে সমগ্ৰ বিশ্বৰে এক উল্লেখযোগ্য এক সামৰিক, সাংস্কৃতিক আৰু কূটনৈতিক শক্তি। উচ্চ শিক্ষাৰ কাঠামো আৰু বিশ্বায়নৰ দিশৰ পৰাও ইটালী বিশ্বৰ ভিতৰতে আগৰণুৱা।

ইতালীয় প্ৰজাতন্ত্ৰ
ৰাষ্ট্ৰীয় সঙ্গীত
ইল কাণ্ট' দেলি ইটালীয়ানী  
ইতালীয়ানসকলৰ সঙ্গীত

(ফ্ৰাতেল্লি দ'ইটালীয়া হিচাপে পৰিচিত)
ইটালী-ৰ অৱস্থান
ইটালী-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৰোম
41°54′N 12°29′E / 41.9°N 12.483°E / 41.9; 12.483
ৰাষ্ট্ৰভাষা (সমূহ) ইতালীয়1
চৰকাৰ একাত্মকসংসদীয় প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি জৰ্জ নেপোলিটান'
 -  প্ৰধানমন্ত্ৰী চিলভিঅ' বেৰলুচক'নি (পিডিএল)
গঠন
 -  একত্ৰীকৰণ ১৭ই মাৰ্চ ১৮৬১ 
 -  প্ৰজাতন্ত্ৰ ২ৰা জুন ১৯৪৬ 
ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্তি ২৫ মাৰ্চ ১৯৫৭ (প্ৰতিষ্ঠানিক সদস্য)
 -  জলভাগ (%) ২.৪
জনসংখ্যা
 -  এপ্ৰিল ২০১০ আনুমানিক ৬০.৪১৮.৭১১'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৩তম)
 -  অক্টোবৰ, ২০০১ লোকপিয়ল ৫,৭১,১০,১৪৪ 
 -  ঘনত্ব ২০০.৫ প্ৰতি বৰ্গকিমি (৫৪তম)
৫১৯.৩ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $১,৭৬৬.৮৭ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $২৯,৩৪৭.০৬[2] 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ $২,১২১.১১ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $৩৫,২৩০.৯২[2] 
জিনি সহগ? (২০০৬) ৩২[3] (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৯৫১ (অনেক উচ্চ) (১৮তম)
মুদ্ৰা ইউৰো () (EUR)
সময় অঞ্চল চি.ই.টি (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) চি.ই.এচ.টি (ইউটিচি+২)
ইণ্টাৰনেট টিএলডি .it
কলিং ক'ড +৩৯
1 French is co-official in the Aosta Valley; German is co-official in Trentino-Alto Adige/Südtirol.
2 Prior to 2002: Italian Lira.
3 The .eu domain is also used, as it is shared with other European Union member states.

“ইটালীয়া” (Italia) নামৰ উৎপত্তি অনেক ভিন্ন লোকৰ নানান মতবাদ আছে[4] তাৰ মাজত অন্যতম ব্যাখ্যা হ’ল, ইটালীয়া শব্দটো লেটিনঃ ইটালীয়াসাঁচ:Lang-lat ৰ পৰা আহিছে।[5] যাৰ মূল গ্ৰীক শব্দ হ’ল Víteliú; ইয়াৰ অৰ্থ“সৰু পোহনীয়া জন্তুৰ চাৰণভূমি" (cf. Lat vitulus "calf", Umb vitlo "calf").[6] ষাঁড় এটি দক্ষিণ ইটালীয় উপজাতিসমূহৰৰ প্ৰতীক আছিল আৰু গৃহযুদ্ধৰ কালছোৱাত ৰোমান কুকুৰনেছিয়াক প্ৰত্যাহ্বান জনোৱা সাহসী জন্তুটো ইটালীৰ স্বাধীনতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। Gগ্ৰীক ইতিহাসবিদ ডিওনিচিয়াচ অফ হালিকাৰ্চাচে (Dionysius of Halicarnassus)লোককাহিনী অনুসৰি ইটালী শব্দ ইটালুচৰ (Italus) নামৰ পৰা আহিছে বুলি মত পোষণ কৰে[7] আৰু এৰিষ্টটল[8]আৰু থাচিদিদেচেও [[:en: Thucydides |(Thucydides)[9] এই মতকে সমৰ্থন কৰে। and Thucydides.

ইটলীয়া শব্দটো আচলতে এতিয়াৰ উত্তৰ ইটালী ভূখণ্ডকহে বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, চিৰাকচৰ এণ্টিঅ’চাচৰ(Antiochus of Syracuse)মতে ব্ৰাটিয়াম উপদ্বীপৰ উত্তৰ অংশ ( এতিয়াৰ ৰেঝিঅ’ প্ৰদেশৰ কালাব্ৰিয়া আৰু কাটানজাৰ’ আৰু ৱাইব’ ভেলেণ্টিনাৰ কিছু অংশ)। অংশ)। কিন্তু তেতিয়ালৈকে অণ্টাৰিঅ’ আৰু ইটালী প্ৰায় সমাৰ্থক হৈ উঠা বাবে লুচায়ানাকে ধৰি সমগ্ৰ এলেকা বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছিল। Tগ্ৰীক সকলে ইটালীয়া শব্দৰে এই সমগ্ৰ ভু-খণ্ডকে বুজাইছিল যদিও, সম্ৰাট অগষ্টাছৰ ( খ্ৰী. পূ. প্ৰথম শতিকাৰ প্ৰথম ভাগ) দিনতহে এই আল্পচ পৰ্বতলৈকে সমগ্ৰ উপদ্বীপটো ইটালী নামেৰে জনাজাত হয়।[10]

প্ৰাক্‌-ইতিহাস ও প্ৰাচীন ৰোম

সম্পাদনা কৰক
 
৭০-৮০ খ্ৰীষ্টাব্দত ৰোমৰ কলচিয়াম স্থাপিত হয়

দুই লাখ বছৰৰ আগৰ পেলিওলিথিক যুগতো (Paleolithic period) সমগ্ৰ ইটালী জুৰি মানৱ সভ্যতাৰ অস্তিত্ব পোৱা যায়।[11] ৰোমানৰ পূৰ্ববৰ্তী ইটালীয় জাতিসমূহ যেনে উম্ব্ৰিয়ান, লেটিন, ভোস্কি, চামনিট, কেলটিক আৰু লিগুইৰ সকল আছিল ইটালীৰ উত্তৰাঞ্চলৰ বাসিন্দা, ইয়াৰ মাজত কেইবাটাও আছিল ইন্দো-ইউৰোপীয় মূলৰ; কিন্তু মূল ঐতিহাসিক গোষ্ঠীসমূহ আছিল ইট্ৰুষ্কান, ইলিমিয়ান ও চিচিলীয় চিকানী আৰু প্ৰাক-ঐতিহাসিক চাৰ্দিনিয়ান গোত্ৰৰ।

খ্ৰীষ্টপূৰ্ব সপ্তদশ শতিকাৰ পৰা একাদশ শতাব্দীৰ মধ্যবৰ্তী কোনো এক কালত মাইচেনিয়ান গ্ৰীকসকলে ইটালীৰ সৈতে সম্পৰ্ক স্থাপন কৰে[12][13][14][15][16][17][18]আৰু খ্ৰীষ্টপূৰ্ব অষ্টম ও সপ্তম শতাব্দীত গ্ৰীকসকলে চিচিলিয়াৰ উপকূলৰ লগতে ও ইটালী উপদ্বীপৰ (Peninsula) দক্ষিণ অংশত মানিয়া গ্ৰেয়েচিয়া নামেৰে এক উপনিবেশ গঢ়ি তোলে। এইয়াৰ লগতে ফোনেচিয়ানবিলাকেও (Phoenicians) চাৰদিনিয়া আৰু চিচিলিয় উপকূলত বসতি স্থাপন কৰে।

আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতাব্দীত প্ৰাচীন ৰোমত এটি ক্ষুদ্ৰ কৃষি জনগোষ্ঠী গঢ়ি উঠিছিল। উঠিছিল। এই জনগোষ্ঠীয়ে কেই শতাব্দীমানৰ ভিতৰত সমগ্ৰ ভুমধ্য সাগৰীয় অঞ্চল জুৰি এক সাম্ৰাজ্য গঢ়ি তোলে আৰু আদি গ্ৰীক আৰু ৰোমান সংস্কৃতি এই সাম্ৰাজ্যত একীভূত হৈ এক নতুন সভ্যতা গঢ়ি তোলে। এই সভ্যতাৰ কিছু নিদৰ্শন বৰ্তমান পশ্চিমীয়া সভ্যতাৰ আইন, প্ৰশাসন, দৰ্শন, আৰু কলা' ৰ বিভিন্ন ক্ষেত্ৰত বিদ্যমান। লাহে লাহে পতনৰ দিশত আগবাঢ়ি এই সাম্ৰাজ্য চতুৰ্থ শতাব্দীৰ শেষৰ ফালে ৩৯৫ খ্ৰিষ্টাব্দত দুভাগত বিভক্ত হয়ঃ পশ্চিম সভ্যতা (Western Civilisation) আৰু প্ৰাচ্য সভ্যতা (Eastern Civilisation)। পূব ইউৰোপৰ ফ্ৰাঙ্ক (সভ্য উপজাতি), ভেণ্ডল (ধ্বংসকাৰী উপজাতি), হুন, গোথ (বৰ্বৰ উপজাতি) আদিৰ প্ৰকোপত পশ্চিম সভ্যতা অৱশেষত বিলুপ্ত হয়।

 
ইটালীৰ নেভেল জেক(Naval Jack), ইয়াত চাৰিখন সামুদ্ৰিক প্ৰজাতন্ত্ৰ, ওপৰৰ বাঁওফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে ভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফিৰ সৈন্যচিহ্ন অঁকা আছে।

ৰোমৰ পতনৰ পিছত জাৰ্মান উপজাতি অষ্ট্ৰ’গ’থ বিলাকে ইটালী অধিকাৰ কৰে, কিন্তু ৬ষ্ঠ শতাব্দীত বাইজেণ্টাইন সম্ৰাট ১ম জাষ্টিনিয়ানে অষ্ট্ৰ’গ’থ বিলাকৰ হাতৰ পৰা ইটালী পুনৰুদ্ধাৰ কৰে॥ এই শতাব্দীৰ শেষৰ ফালে ল’ম্বাৰ্ড আৰু আন জাৰ্মান উপজাতিবিলাকৰ উপদ্ৰবত বাইজেণ্টাইনসকলে ৰেভেন্না আৰু ৰোমৰ মধ্যবৰ্তী অংশৰ লগতে দক্ষিণ ইটালীৰ অন্যান্য অংশৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ১৮৭০ চনলৈকে ইটালীৰ একক ৰাষ্ট্ৰ বুলি পৰিগণিত হোৱাৰ পৰা বঞ্চিত হয়। ল’ম্বাৰ্ডসকলৰ শাসনাধিস্থ উত্তৰ আৰু মধ্য ইটালী ৮ম শতাব্দীৰ শেষ ভাগলৈ চাৰ্লমেগনে ফ্ৰেঙ্ক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। এই ফ্ৰেঙ্ক সম্ৰাট সকলে মধ্য ইটালীত পোপ অধীনস্থ প্ৰদেশ কিছুমানৰো সৃষ্টি কৰাত সহায় কৰে, আৰু এই প্ৰদেশসমূহ ৰোমৰ পৰা ৰেভান্নালৈকে প্ৰসাৰিত হৈ পৰে, যদিও পোপে এই কালছোৱাত প্ৰকৃতাৰ্থত কেৱল লেটিয়ামহে (Latium) শাসন কৰিছিল। এই ধৰ্মীয় প্ৰদেশ বিলাকৰ কাৰণে, এই সমগ্ৰ উপদ্বীপটোৰ একীকৰণ কেইবাশতিকাধৰি বাধাপ্ৰাপ্ত হৈ আহিছিল। ১৩শ শতিকালৈকে ইটালীৰ ৰাজনীতি জাৰ্মানীৰ পৱিত্ৰ ৰোমান সম্ৰাট (Holy Roman Emperors) আৰু পোপৰ মাজৰ সম্বন্ধৰ ওপৰতে নিৰ্ধাৰিত হৈ আছিল, আৰু ইটালীৰ চহৰ বিলাকে সময়ানুযায়ী সুবিধাজনক স্থিতি অৱলম্বন কৰিছিল। এই কতৃত্বশীল শাসনৰ অভাৱৰ কালছোৱাতে ইটালীত এক নতুন ধৰণৰ অনুষ্ঠানৰ অভ্যুত্থান হয়, যাক “মধ্যযুগীয় সন্মিলন” (medieval commune) বুলি জনা যায়। এই অৰাজকতাৰ সময়ছোৱাত ইটালীৰ চহৰসমূহে নিজে নিজে শান্তি শৃংখলা বজাই ৰখা আৰু সামন্তবাদী সকলক বাধা দিয়াৰ পদক্ষেপ লয়। ১২শ শতিকাত এনে এটা সন্মিলিত দল ল’ম্বাৰ্ড লীগে জাৰ্মান সম্ৰাট ফ্ৰেডেৰিক বাৰ্বাৰোচা (Frederick Barbarossa)ক পৰাস্ত কৰে আৰু ইয়াৰ ফলশ্ৰুতিত মধ্য আৰু উত্তৰ ইটালীৰ প্ৰায়বোৰ চহৰেই স্বায়ত্ত্বশাসনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসংখ্য যুদ্ধই প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিলেও, ইটালীয়ে মধ্য আৰু উত্তৰ প্ৰান্তত তুলনামুলক ভাৱে উন্নত চহৰকেন্দ্ৰিক সভ্যতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। এই কালছোৱাতে ইটালীত কেইবাখনো ‘সমুদ্ৰিক প্ৰজাতন্ত্ৰ’ৰ (Maritime Republics) অভ্যুত্থান হয়, ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’লভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফিধৰ্মযুদ্ধত সৰ্বাত্মকভাৱে জড়িত হোৱাৰ পৰিপ্ৰক্ষিতত এই প্ৰজাতন্ত্ৰ সমূহে প্ৰচুৰ বাণিজ্যিক আৰু ৰাজনৈতিক সুযোগ লাভ কৰে, ভেনিচ আৰু জেনোৱা অনতিপলমে ইউৰোপীয় দেশসমূহৰ প্ৰাচ্য বাণিজ্যৰ মূল ঘাটী ৰূপে পৰিগণিত হয়, আৰু ইটালীয়ে কৃষ্ণ সাগৰ (Black Sea)লৈকে নিজৰ উপনিবেশ স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এই প্ৰদেশসমূহে বাইজেণ্টাইন সাম্ৰাজ্য আৰু ভূমধ্যসাগৰীৰ ইচলাম দেশসমূহৰ সৈতে হোৱা ব্যৱসায়ৰ সিংহভাগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ফ্লোৰেন্স বাণিজ্য আৰু অৰ্থনৈতিক দিশৰ পৰা সুসংগঠিত চহৰ প্ৰদেশ ৰূপে বিকশিত হৈ পৰে, আৰু পৰবৰ্তী কেইবা শতিকালৈকে ইউৰোপৰ চিল্ক, ঊল, বেংকিং আৰু অলংকাৰ উদ্যোগৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত হয়।

দক্ষিণৰ ফালে, নৱম শতিকালৈ চিচিলি এখন ইচলামিকআমীৰশ্বাহীত পৰিণত হয়। এই আমিৰশ্বাহী ১১ শতিকাৰ শেষত ইটালীয় নৰ্মান সকলে চিচিলকে ধৰি উত্তৰ ইটালীৰ আন ল’ম্বাৰ্ড আৰু বাইজেণ্টাইন প্ৰদেশবিলাক অধিকাৰ নকৰালৈকে বৰ্তি থাকে। এক জটিল ঘটনাক্ৰমৰ মাজেৰ দক্ষিণ ইটালী এখন একত্ৰিত ৰাজ্য হিচাপে সংগঠিত হয়, প্ৰথমে “ হাউচ অফ্‌ অ’হেনষ্টুফেন”(House of Hohenstaufen) অধীনত, তাৰ পাছত “কেপেচিয়ান হাউচ অফ্ এঞ্জ’”(Capetian House of Anjou), আৰু ১৫শ শতিকাৰ পাছত “হাউচ অফ্ আৰাগনৰ”(house of Aragon) অধীনত। ( অৱশ্যে চিচিলি ১৩শ শতিকাৰ শেষৰ পৰা ১৫শ শতিকালৈকে আৰাগন অধীনস্থ এখন সুকীয়া প্ৰদেশেই আছিল)। চাৰ্ডিনিয়াৰ পূৰ্বৰ বাইজেণ্টাইন প্ৰদেশ বিলাক ‘জিউডিকাটি’ (giudicati), নামেৰে স্বতন্ত্ৰ ৰাজ্যৰূপে বিকশিত হয়, যদিও চাৰ্ডিনিয়া দ্বীপপূঞ্জৰ বেছিভাগ অঞ্চলেই জেনোৱা বা পিছাৰ নিয়ন্ত্ৰণত আছিল। অৱশ্যে ১৫শ শতিকাত আৰাগনসকলে এই অঞ্চল বিলাক নিজৰ হস্তগত কৰে।


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ইটালিয়ান "Monthly demographic balance: January–April 2010". Istat. 15 September 2010. Archived from the original on 13 November 2010. https://web.archive.org/web/20101113191115/http://www.istat.it/salastampa/comunicati/non_calendario/20100915_00/testointegrale20100915.pdf। আহৰণ কৰা হৈছে: 19 September 2010. 
  2. 2.0 2.1 2.2 2.3 "World Economic Outlook Database, April 2010". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=136&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=54&pr.y=1। আহৰণ কৰা হৈছে: 21 April 2010. 
  3. "Distribution of family income – Gini index". CIA – The World Factbook. Archived from the original on 9 July 2017. https://web.archive.org/web/20170709111211/https://www.cia.gov/library/publications/the-world-factbook/geos/it.html। আহৰণ কৰা হৈছে: 9 July 2010. 
  4. Alberto Manco, Italia. Disegno storico-linguistico, 2009, Napoli, L'Orientale, ISBN 978-88-95044-62-0
  5. OLD, p. 974: "first syll. naturally short (cf. Quint.Inst.1.5.18), and so scanned in Lucil.825, but in dactylic verse lengthened metri gratia."
  6. J.P. Mallory and D.Q. Adams, Encyclopedia of Indo-European Culture (London: Fitzroy and Dearborn, 1997), 24.
  7. Dionysius of Halicarnassus, Roman Antiquities, 1.35, on LacusCurtius
  8. Aristotle, Politics, 7.1329b, on Perseus
  9. Thucydides, The Peloponnesian War, 6.2.4, on Perseus
  10. Pallottino, M., History of Earliest Italy, trans. Ryle, M & Soper, K. in Jerome Lectures, Seventeenth Series, p. 50
  11. Kluwer Academic/Plenum Publishers 2001, ch. 2. ISBN 0-306-46463-2.
  12. The Mycenaeans and Italy: the archaeological and archaeometric ceramic evidence Archived 2009-08-22 at the Wayback Machine, University of Glasgow, Department of Archaeology
  13. Emilio Peruzzi, Mycenaeans in early Latium, (Incunabula Graeca 75), Edizioni dell'Ateneo & Bizzarri, Roma, 1980
  14. Lord William Taylour, Mycenaean Pottery in Italy and Adjacent Areas (Cambridge 1958)
  15. Gert Jan van Wijngaarden, Use and Appreciation of Mycenaean Pottery in the Levant, Cyprus and Italy (1600-1200 B.C.): The Significance of Context, Amsterdam Archaeological Studies, Amsterdam University Press, 2001
  16. Andrea Vianello, Late Bronze Age Mycenaean and Italic Products in the West Mediterranean: A Social and Economic Analysis, (British Archaeological Reports International Series), British Archaeological Reports
  17. Miriam S. Balmuth, Robert J. Rowland, Studies in Sardinian archaeology, University of Michigan Press, 1984
  18. Bryan Feuer, Mycenaean civilization: an annotated bibliography through 2002, McFarland & Company; Rev Sub edition (2 March 2004)

বাহ্যিক সংযোগ

সম্পাদনা কৰক
দেশেৰ প্ৰোফাইল
সাধাৰণ
সৰকাৰ
জনগণ প্ৰতিষ্ঠান