কাঁচঘৰ

অসমীয়া চলচ্চিত্ৰ

কাঁচঘৰ (ইংৰাজী: Kanchghar) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ।[1] কাঁচঘৰ তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ পৰিচালিত ছবি৷ পৰিচালকদ্বয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ প্ৰশিক্ষিত লোক আছিল৷ তেওঁলোক পুনা ফিল্ম ইনষ্টিটিউটৰ ক্ৰমে সম্পাদনা আৰু চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমাধাৰী অসমীয়া ব্যক্তি। চলচ্চিত্ৰ সম্পৰ্কীয় কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোকে অসম চৰকাৰৰ ওচৰত বৃত্তিৰ বাবে আবেদন কৰিছিল যদিও চৰকাৰে তেওঁলোকৰ আবেদনৰ প্ৰতি কোনো সহাৰি নিদিলে। নিজা প্ৰচেষ্টাৰে পুনাত শিক্ষা গ্ৰহণৰ অন্তত তেওঁলোক বলীউডলৈ গৈ তাতেই প্ৰতিষ্ঠা লাভ কৰিলে। তেওঁলোকে বহুকেইখন শীৰ্ষস্থানীয় প্ৰযোজনা গোষ্ঠীৰ হিন্দী ছবিত কাম কৰাৰ উপৰিও যথেষ্ঠ সংখ্যক অসমীয়া ছবিতো সম্পাদনা আৰু শব্দগ্ৰহণৰ কাম কৰিছিল। গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' গঢ় লৈ উঠাৰ পিছত অসমৰ তদানিন্তন প্ৰচাৰ মন্ত্ৰীয়ে ষ্টুডিঅ'টোলৈ তেওঁলোকৰ সেৱা আগবঢ়াবলৈ অনুৰোধ জনাইছিল৷[2][3]

কাঁচঘৰ
Kanchghar

কাঁচঘৰৰ এটা দৃশ্যত বিজয় শঙ্কৰ আৰু জয়শ্ৰী ৰয়
পৰিচালক বিজয় চৌধুৰী, পীযুষ কান্তি ৰয়
ৰচনা নিৰোদ চৌধুৰী
চিত্ৰনাট্য বিজয় চৌধুৰী, পীযুষ কান্তি ৰয়
কাহিনী একে নামৰ উপন্যাসৰ আধাৰত
প্ৰযোজক কৃষ্ণ দেৱান, মলয়া বৰা
অভিনয়ত বিজয় শঙ্কৰ
জয়শ্ৰী ৰয়
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক জীতু-তপন
মুক্তি
২৮ নবেম্বৰ ১৯৭৫
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাঁচঘৰৰৰ সম্পাদনা আৰু শব্দগ্ৰহণৰ কামো চৌধুৰী আৰু ৰয়ে সম্পন্ন কৰিছিল। কাহিনী আৰু সংলাপ নিৰোদ চৌধুৰীৰ। বাংলা ছবিৰ অভিনেত্ৰী তথা এসময়ৰ মিচ কলকাতা জয়শ্ৰী ৰয়ে মূল নাৰী চৰিত্ৰটো ৰূপায়ণ কৰিছিল৷[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • অনিল দাস
  • ৰেজিনা বেগম
  • অমলা কটকী
  • অনিল দাস
  • উদয় শইকীয়া
  • গিৰিণ ঠাকুৰীয়া আদি।[1]

কলা-কুশলী সম্পাদনা কৰক

(তথ্যছ’কত নথকা)
  • সংলাপ- নিৰোদ চৌধুৰী
  • শব্দ গ্ৰহণ- পীযুষ কান্তি ৰয়
  • পটশিল্পী- গজেন কলিতা, প্ৰদ্যুৎ চক্ৰৱৰ্তী[1]

সংগীত সম্পাদনা কৰক

সঙ্গীত পৰিচালনা জীতু-তপনৰ। গীতিকাৰ ভূপেন হাজৰিকা। ছবিখনৰ এটা গীত হিন্দীছবিৰ গায়িকা সুমন কল্যাণপুৰে গাইছে।[4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "আমাৰে ভণ্টি শুব সপোনৰ দেশলৈ যাব, শুকুলা ৰঙৰে মিঠাকে সপোনে দিঠকৰ ৰূপকে দিব"  ভূপেন হাজৰিকামৃদুলা দাস দেৱান  
2. "জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ’ল, নিসঙ্গতাৰ পৰুৱা এটি মাথোঁ তাতে পৰি ৰ’ল"  ভূপেন হাজৰিকাসুমন কল্যাণপুৰ  
3. "আশিন মাসেৰ দুৰ্গাপূজা ঢাকেৰ কেমন গুৰগুৰি, তাৰেই মাঝে ঝিলমিল কৰে মোৰ প্ৰাণেৰ সুন্দৰী"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, মৃদুলা দাস দেৱান আৰু সঙ্গীবৃন্দ  
4. "অ’ থুনুকা কাঁচঘৰ তই বান্ধিবি কিমান মোৰ মনপখী সীমাৰ পৰিধি টানি"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 236. 
  2. ভূপেন হাজৰিকা (1973, Original article). "ফিল্ম সম্পাদক বিজয় চৌধুৰী". cinekatha.com. Archived from the original on 13 July 2020. https://web.archive.org/web/20200713224257/https://cinekatha.com/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE/%E0%A6%AB%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AE-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC-%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81/। আহৰণ কৰা হৈছে: 11 July 2020. 
  3. "অসমীয়া শব্দযন্ত্ৰী পীযুষ ৰায়". cinekatha.com. 2020. Archived from the original on 15 July 2020. https://web.archive.org/web/20200715032038/https://cinekatha.com/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B6%E0%A6%AC%E0%A7%8D%E0%A6%A6%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A7%81/। আহৰণ কৰা হৈছে: 15 July 2020. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 221. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

হাঙ্গামা ডট কমত কাঁচঘৰৰ গীত