বিজয় চৌধুৰী

ভাৰতীয় চলচ্চিত্ৰ সম্পাদক

বিজয় চৌধুৰী (ইংৰাজী: Bijoy Chowdhury ওৰফে C. Bijoy) হিন্দী ছবিৰ এজন সম্পাদক আছিল। শক্তি সামন্তৰ 'এন ইভিনিং ইন পেৰিচ' ছবিৰ সহকাৰী সম্পাদকৰূপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰা ৰয়ে বহুকেইখন জনপ্ৰিয় হিন্দী ছবিৰ সম্পাদনা কৰিছিল। ১৯৭৭ চনত ৰাজশ্ৰী প্ৰডাকচনৰ 'বাধিকা বধূ' ছবিৰ সম্পাদনাৰ বাবে তেওঁ শ্ৰেষ্ঠ সম্পাদকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ বহুকেইখন অসমীয়া ছবিৰ সম্পাদনা কৰাৰ উপৰিও 'কাঁচঘৰ' নামৰ ছবি এখন পীযুষ কান্তি ৰয়ৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল।[1]

বিজয় চৌধুৰী
জন্ম গুৱাহাটী, ভাৰত
বাসগৃহ ভাৰত
অন্য নাম C. Bijoy
বংশদ্ভূত অসমীয়া
শিক্ষা পুনা ফিল্ম ইঞ্চিটিউট
পেচা চলচ্চিত্ৰ সম্পাদক, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৬৭-
পিতৃ-মাতৃ সুৰেন চৌধুৰী
আত্মীয়-স্বজন হেমেন চৌধুৰী (ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা (১৯৭৭)

জীৱন পৰিক্ৰমা সম্পাদনা কৰক

বিজয় চৌধুৰী গুৱাহাটী কৰা হেমেন চৌধুৰী তেওঁৰ ভাতৃ। গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলেজত বিএ পঢ়ি খাকোঁতে তেওঁ পুনা ফিল্ম ইনষ্টিটিউটচলচ্চিত্ৰ সম্পাদনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ অসম চৰকাৰৰ ওচৰত এটা বৃত্তিৰ বাবে আবেদন কৰে। কিন্তু চৰকাৰে নিৰাশ কৰাত তেওঁ অশেষ কষ্টৰে ১৯৬৭ত পুণেৰ পৰা সুখ্যাতিৰে সম্পাদনাৰ পাঠ্যক্ৰম সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ বলীউদলৈ গৈ শক্তি সামন্তৰ সম্পাদক ধৰমবীৰ আৰু গোবিন্দ দালৱাৰীৰ সহকাৰী হিচাপে কামত সোমায়। এন ইভিনিং ইন পেৰিচ ছবিৰ আৰম্ভণি কৰি শক্তি সামন্তৰ বহুকেইখন ছবিত তেওঁ সহকাৰী সম্পাদক হিচাপে কাম কৰে। তেওঁ আনকেইজনমান প্ৰযোজকৰ ছবিতো কাম কৰাৰ সুযোগ লাভ কৰে। চৌধুৰীৰ পাৰদৰ্শিতাত সন্তুষ্ট হৈ সামন্তই অনুৰাগ ছবিত তেওঁক মূল সম্পাদকৰ দায়িত্ব দিয়ে। ইয়াৰ পিছত তেওঁ আমনে সামনে, বৰসাত কী এক ৰাত আদি বহু জনপ্ৰিয় ছবিৰ সম্পাদনা কৰে।[1] ১৯৭৭ চনত বালিকা বধূ ছবিৰ সম্পাদনাৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

হিন্দী ছবি সম্পাদনা কৰক

সহকাৰী সম্পাদক
পূৰ্ণপৰ্যায়ৰ সম্পাদক

অসমীয়া ছবি সম্পাদনা কৰক

চৌধুৰীয়ে পিযুষ কান্তি ৰয়ৰ সৈতে যুটীয়াকৈ নিৰোদ চৌধুৰীৰ কাহিনীৰ আধাৰত নিৰ্মিত কাঁচঘৰ (১৯৭৫) ছবি পৰিচালনা কৰিছিল। চৌধুৰীয়ে ছবিখনৰ সম্পাদনাও কৰিছিল। তেওঁ সম্পাদনা কৰা আন অসমীয়া ছবিবোৰ হ’ল-

তথ্য উৎস সম্পাদনা কৰক