কাকলি (শিশু আলোচনী)

অসমীয়া ভাষাৰ শিশু আলোচনী

কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল। গল্প, কবিতা, গীত, জীৱনী আদিৰ উপৰিও আলোচনীখনত “কাকলি কানন’’ নামে এটা বিশেষ শিতান আছিল, য’ত সাঁথৰ, খেলৰ বাতৰি, বোলছবিৰ বাতৰি আদি প্ৰকাশিত হৈছিল।[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ১২০.