সাঁথৰ
সাঁথৰ (ইংৰাজী: Riddle) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে৷[1] কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷[1] সাঁথৰ শব্দৰ প্ৰতিশব্দৰূপে “দৃষ্টান্ত’’ বা “দিষ্টান’’ ব্যৱহাৰ কৰা হয়৷ সাঁথৰ প্ৰহেলিকাময় প্ৰশ্ন, সোধোঁতাই উত্তৰ নজনাসকলক বিভ্ৰান্ত কৰিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনী শক্তি পৰীক্ষা কৰিবলৈ চাতুৰীৰে প্ৰশ্ন নিক্ষেপ কৰে৷ সাঁথৰত পৰস্পৰ বিৰোধী বৰ্ণনা বাক্যৰ স্থিতি লক্ষ্য কৰা যায়৷[2]
সাঁথৰৰ বৈশিষ্ট
সম্পাদনা কৰকমানুহৰ দৈনন্দিন অভিজ্ঞতালব্ধ জ্ঞানৰ পৰা সৃষ্ট এক সাহিত্য৷ আন আন সাহিত্যৰ দৰে সাঁথৰৰো কিছুমান বৈশিষ্ট লক্ষ্য কৰা যায়৷ (১) সাঁথৰত ৰূপক বা প্ৰতীকৰ মাজত বৈপৰীত্য বা বিৰোধ থাকে৷ (২) সাঁথৰত প্ৰতীক বা ৰূপক অসম্পূৰ্ণ৷ (৩) বৰ্ণনাৰ আধিক্যৰ জৰিয়তে পৰিস্ফুট বিৰোধ আৰু (৪) মিথ্যা ৰূপক বা প্ৰতীকৰ জৰিয়তে পৰিস্ফুট বিৰোধ৷[2]
সাঁথৰৰ প্ৰকাৰ
সম্পাদনা কৰকসাঁথৰৰ উপস্থাপন বা বাক্যৰীতিলৈ চাই ইয়াৰ কেইবাটাও প্ৰকাৰ নিৰ্ণয় কৰিব পাৰি৷ যেনে: বৰ্ণনাত্মক সাঁথৰ, টেটকুটিমূলক সাঁথৰ, জ্ঞানমূলক প্ৰশ্ন বা সাঁথৰ, সমস্যাপ্ৰধান সাঁথৰ আৰু ছল-সাঁথৰ৷ বৰ্ণনাত্মক সাঁথৰত প্ৰশ্ন প্ৰহেলিকাময় ভাষা আৰু বৰ্ণনাৰ সহায়ত উপস্থাপন কৰা হয়৷ যেনে:
গল আছেই ঠেং নাই
কাণ আছেই চকু নাই
পেট আছেই হাত নাই
মুখ আছেই জিভা নাই
এইটো কি বস্তু ভাই৷ উত্তৰ: কলহ বা ঘটি৷
টেঁটকুটিমূলক প্ৰশ্ন বা সাঁথৰত সাঁথৰৰ শেষৰ বাক্যটোৱেই প্ৰকাৰ্য সাধন কৰে৷ যেনে: কি হাতীৰ শুঁৰ নাই? উত্তৰ: গুৱাহাটীৰ৷ আকৌ জ্ঞানমূলক সাঁথৰ বা প্ৰশ্নত উত্তৰটো সম্বন্ধে আগতেই জ্ঞান থকা হ’ব লাগিব৷ যেনে: বায়ুতকৈ বেগী কি? উত্তৰ: মন৷ তেনেদৰে সমস্যাপ্ৰধান সাঁথৰত একোটা সমস্যা ডাঙি ধৰা হয়৷ যেনে: ইঘৰৰো মাক-জীয়েক, সিঘৰৰো মাক-জীয়েক; পকা কল তিনিটা, গাই পতি কেইটা? উত্তৰ: এটাকৈ৷ ছল-সাঁথৰত ছল কৰি প্ৰশ্ন সোধা হয়৷ এই সাঁথৰক ব্যংগপ্ৰধান সাঁথৰো বোলে৷
যেনে: মাক লতা পতা, জীয়েক ফুলবাৰী, পুতেকৰ ভোচ্ ভোচ্ কৰে গাড়ী৷
সেইটোনো কি অদ্ভূত প্ৰাণী কোৱাচোন ভাবি-গুণি৷ উত্তৰ: কোমোৰা[2]
দেশ আছে মাটি নাই । নদী আরু পানি নাই।
সম্পাদনা কৰককেইটিমান অসমীয়া ভাষাত প্ৰচলিত সাঁথৰ উত্তৰেৰে সৈতে তলত দিয়া হ’ল:
- চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)
- ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)
- টিঁ টিঁ কৈ টিঞা, কঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)
- মাকে বৰশী বায়, পুতেকে সৰগ চায় (বাঁহ গছ আৰু বাঁহ গাজ)
- মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক))
- টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি (জাল)
- বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে (দিয়াচলাই (জুইশলা))
- কাণত ধৰি নাকত বহে? (বিতচকু, চশমা)
- এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী)
- ওপৰৰ পৰা পৰিল বাঘিণী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঁঠুৱা)
- কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়? (বিড়ি)
- কি বস্তু কাটিলে দীঘল হয়? (নলা (drain))
- চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)
- এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সৰ্বতিকাল (কলাপাত)
- হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)
- ৰজাৰ লাঠী ঘন ঘন গাঁঠি (কুঁহিয়াৰ)
- এঠেঙীয়া বগলী,নিতৌ নাচে গধূলি (বিচনী)
- এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)
- ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালোঁ, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)
- আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ)
- ওপজিয়ে লৰ মাৰে কোন ('জেঠী পোৱালি)
- ওপজিয়ে জপিয়ায় কোনে? (আখৈ)
- এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত))
- মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ')
- উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকুলী (কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত))
- কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)
- জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ? (নিমখ)
- পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ)
- তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা)
- ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন (বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি)
- এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে? (ওকণি)
- গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ)
- আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ? (দুৱাৰডলি)
- ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা)
- দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি? (তামোল-পান)
- ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)
- কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক)
- উপি উপি বাটত আছে চুপি (জোক)
- ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোৱাৰি (চোতাল)
- পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ/টেকেলী )
- কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে (দমকল/টিউবেল (নলবাৰী অঞ্চলত প্ৰচলিত))
- খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল (নাৰিকল)
- য'লৈ যোৱা মোক লগত লৈ যোৱা (ছাঁ/ছাঁয়া)
- নদী আছে পানী নাই, চহৰ আছে মানুহ নাই (মানচিত্ৰ)
- ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ (আঁঠুৱা)
- ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
- লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)
- লিকি লিকি ডিমৰু চিকি চিকি পাত, সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট৷ (তামোল গছ)[3]
- গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি)
- আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)
- ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল)
- জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )
- এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে। (ঢেঁকী)
- এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা। (নাও)
- এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। (জুইশলা)
- কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট)
- পাও,পিঠি, চকু,কান,নাক,নাই ইতো আকো কি,কোৱা চোন ভাই (মানুহ)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 শৰ্মা, শশী (১৯৯৩). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টছ ষ্টোৰচ্. পৃষ্ঠা. ৩২১. ISBN 81-85905-23-1.
- ↑ 2.0 2.1 2.2 শৰ্মা, নবীনচন্দ্ৰ (২০০১). জনকৃষ্টিৰ ৰূপৰেখা. জ্যোতি প্ৰকাশন.
- ↑ "তামোল-পাণ সংবাদ". janambhumi.in. ৩ আগষ্ট ২০১৭. Archived from the original on 2023-01-04. https://web.archive.org/web/20230104132003/https://janambhumi.in/VFZSSk1VMVVUVDA9/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%8B%E0%A6%B2-%E0%A6%AA%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6.html। আহৰণ কৰা হৈছে: ৮ জুন ২০২২.