কাজুঅ' ইছিগুৰু

ব্ৰিটিছ লেখক আৰু নোবেল বঁটা বিজয়ী

ছাৰ কাজুঅ’ ইছিগুৰু (ইংৰাজী: Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী। নিজৰ প্ৰশস্তি পত্ৰত চুইডিছ একাডেমীয়ে ইছিগুৰুক এগৰাকী লেখক ৰূপে বৰ্ণনা কৰি কৈছে; ইছিগুৰুৱে তেওঁৰ আৱেগিক উপন্যাসসমূহত, পৃথিৱীৰ সৈতে আমাৰ ভ্ৰান্ত সম্পৰ্কৰ অটল গহ্বৰবোৰ উন্মোচন কৰিছে।[1]

ছাৰ
কাজুঅ’ ইছিগুৰু

২০১৭ চনত ইছাগুৰু
স্থানীয় নাম 石黒 一雄
জন্ম ০৮ নৱেম্বৰ, ১৯৫৪ (৬৯ বছৰ)
নাগাছাকি, নাগাছাকি প্ৰিফেকচাৰ, জাপান
নাগৰিকত্ব
  • জাপান (১৯৮৩লৈকে)
  • যুক্তৰাষ্ট্ৰ (১৯৮৩ৰ পৰা)
শিক্ষা
  • কেণ্ট বিশ্ববিদ্যালয় (কলাৰ স্নাতক)
  • ইষ্ট এংগলিয়া বিশ্ববিদ্যালয় (কলাৰ স্নাতকোত্তৰ)
পেচা
  • ঔপন্যাসিক
  • গল্পকাৰ
  • চিত্ৰনাট্যকাৰ
  • স্তম্ভলেখক
  • গীতিকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮১ৰপৰা-বৰ্তমানলৈ
দাম্পত্যসঙ্গী লৰ্ণা মেকডুগাল (বি. ১৯৮৬)
সন্তান নাওমি ইছিগুৰু
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৱিনফ্ৰেড হল্টবি মেমৰিয়েল প্ৰাইজ
    ১৯৮২ 'আ পেল ভিউ অৱ হিলচ্‌'
  • হোৱাইট্ব্ৰেড প্ৰাইজ
    ১৯৮৫ 'এন আৰ্টিষ্ট অৱ দ্য ফ্লটিং ৱৰ্ল্ড'
  • বুকাৰ প্ৰাইজ
    ১৯৮৯ 'দ্য ৰিমেইচ্‌ অৱ দ্য ডে'
  • সাহিত্যত ন’বেল বঁটা
    ২০১৭
কাজুঅ' ইছিগুৰু
ধৰণ
  • নাটক
  • বুৰঞ্জীমূলক কল্পকাহিনী
  • বিজ্ঞান কল্পকাহিনী
  • কল্পকাহিনী
উল্লেখনীয় কৰ্মৰাজি
  • এন আৰ্টিষ্ট অৱ দ্য ফ্লটিং ৱৰ্ল্ড
  • দ্য ৰিমেইচ্‌ অৱ দ্য ডে
  • হোৱেন ৱুই ৱুৱেৰ অৰফেনচ্‌
  • নেভাৰ লেট মি গ’
  • ক্লাৰা এণ্ড দ্য চান
Japanese name
কাঞ্জি 石黒 一雄
কানা いしぐろ かずお

১৯৫৪ চনৰ ৮ নৱেম্বৰত, জাপানৰ নাগাছাকিত ইছিগুৰুৰ জন্ম হৈছিল।[2]তেওঁৰ পিতৃ চিজিঅ’ ইছিগুৰু এগৰাকী সাগৰ বিষয়ক বিশেষজ্ঞ আৰু মাতৃ চিজুক’।[3] ইছিগুৰুৰ দেউতাক ‘দ্য নেচনেল ইনষ্টিটিউট অৱ অ’চন’গ্ৰাফী’লৈ গৱেষণাৰ বাবে আমন্ত্ৰিত হৈছিল[3][4][5] আৰু সেইসূত্ৰে ১৯৬০ চনত কাজুঅ’ই পাঁচ বছৰ বয়সৰপৰা মাক দেউতাকৰ সৈতে ব্ৰিটেইনৰ গিলফৰ্ডত থাকিবলৈ লয়।[2]আ পেল ভিউ অৱ হিলচ্‌’ আৰু ‘এন আৰ্টিষ্ট অৱ দ্য ফ্লটিং ৱৰ্ল্ড’ শীৰ্ষক তেওঁৰ প্ৰথম দুয়োখন উপন্যাসেই ইয়াৰ জাপানী পৰিচয়ৰ অনুসন্ধান আৰু শোকৰ কৰুণ সুৰ এটিৰ বাবে বিশেষভাৱে উল্লেখিত। ইয়াৰ উপৰিও তেওঁ বিজ্ঞান কল্পকাহিনী আৰু ঐতিহাসিক কল্পকাহিনীকে ধৰি অন্যান্য ধাৰাত লেখা-মেলা কৰিছে।

তেওঁ চাৰিবাৰ বুকাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ ‘দ্য ৰিমেইনচ্‌ অৱ দ্য ডে’ উপন্যাসখনৰ বাবে বুকাৰ বঁটা লাভ কৰে।[4] এই উপন্যাসখনৰ আধাৰত ১৯৯৩ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ হয়। চলমান ৰুশ্বদিয়ে এই উপন্যাসখন কাজুঅ’ ইছিগুৰুৰ শ্ৰেষ্ঠ কৃতি বুলি কৈছে। এই উপন্যাসখনত তেওঁ তেওঁৰ প্ৰথম দুখন উপন্যাসৰ জাপানী পৃষ্ঠভূমিৰপৰা ওলাই আহি এই কথা সিদ্ধ কৰিছে যে, তেওঁৰ সংবেদনশীলতা শিপাকেন্দ্ৰিক নহয়, বৰঞ্চ ই পৰিভ্ৰমী আৰু চকুত লগাকৈ বিকাশশীল।[6]

‘টাইম’ আলোচনীয়ে ইছিগুৰুৰ বিজ্ঞান কল্পকাহিনী ‘নেভাৰ লেট মি গ’’ উপন্যাসখনক ২০০৫ চনৰ শ্ৰেষ্ঠ উপন্যাস আৰু ১৯২৩ ৰপৰা ২০০৫ চনৰ ভিতৰত প্ৰকাশ পোৱা ১০০খন শ্ৰেষ্ঠ ইংৰাজী ভাষাৰ উপন্যাসৰ এখন বুলি উল্লেখ কৰিছে। ‘লিভিং’ চলচ্চিত্ৰৰ বাবে তেওঁ ২০২২ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।[7][8]

ইছিগুৰুৱে জেজ গায়িকা ষ্টেচি কেণ্টৰ বাবে কেইবাটাও গীত লিখিছিল[9] আৰু ইয়াৰে দুটা এলবামে গ্ৰেমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "The Nobel Prize in Literature 2017 – Press Release". Nobel Prize. https://www.nobelprize.org/nobel_prizes/literature/laureates/2017/press.html। আহৰণ কৰা হৈছে: 5 October 2017. 
  2. 2.0 2.1 Mesher, D. (1998). Dictionary of Literary Biography. 2d series. Gale. পৃষ্ঠা. 145–153. ISBN 0-7876-1849-7. OCLC 39085322. 
  3. 3.0 3.1 Lewis, Barry (2000). Kazuo Ishiguro. Manchester University Press. 
  4. 4.0 4.1 "Kazuo Ishiguro". British Council. http://literature.britishcouncil.org/kazuo-ishiguro। আহৰণ কৰা হৈছে: 15 February 2012. 
  5. "Modelling the oceans". Science Museum Group. https://beta.sciencemuseum.org.uk/stories/2016/11/4/modelling-the-oceans। আহৰণ কৰা হৈছে: 7 October 2017. 
  6. "Salman Rushdie: rereading The Remains of the Day by Kazuo Ishiguro" (en ভাষাত). the Guardian. 2012-08-17. http://www.theguardian.com/books/2012/aug/17/rereading-remains-day-salman-rushdie। আহৰণ কৰা হৈছে: 2021-06-23. 
  7. "Kazuo Ishiguro's adapted screenplay 'Living' nominated for Oscars and BAFTAs 2023". RCW Literary Agency. https://www.rcwlitagency.com/news/sir-kazuo-ishiguro-s-adapted-screenplay-living-nominated-for-oscars-and-baftas-2023/। আহৰণ কৰা হৈছে: 13 March 2023. 
  8. Buchanan, David (24 January 2023). "Kazuo Ishiguro joins rare Oscar club with nomination for 'Living'". Gold Derby. https://www.goldderby.com/article/2023/kazuo-ishiguro-living-oscars/. 
  9. "How we met: Stacey Kent & Kazuo Ishiguro" (en ভাষাত). The Independent. 2013-09-22. https://www.independent.co.uk/news/people/profiles/how-we-met-stacey-kent-kazuo-ishiguro-8826373.html। আহৰণ কৰা হৈছে: 2023-02-20. 
  10. Collar, Matt. "Stacey Kent". AllMusic. https://www.allmusic.com/artist/stacey-kent-mn0000160742/biography। আহৰণ কৰা হৈছে: 31 August 2019.