কাটালিন কাৰিক' (Hungarian: Karikó Katalin, উচ্চাৰণ-kɒrikoː kɒtɒlin; জন্ম ১৭ জানুৱাৰী ১৯৫৫) এগৰাকী হাংগেৰীয়ান-আমেৰিকান জৈৱ-ৰসায়নবিদ। তেওঁ ৰাইব'নিউক্লিক এচিড (RNA) মাধ্যমৰ প্ৰণালী বিশেষকৈ ইন্‌ ভিত্ৰ' পদ্ধতিৰে ট্ৰেন্সক্ৰাইব কৰা বাৰ্তাবহক আৰ এন এ (messenger RNA) যোগেৰে প্ৰ'টিন প্ৰতিস্থাপন চিকিৎসাত গৱেষণা কৰে। কাৰিক'ৱে বৈজ্ঞানিক সমাজৰ বাধা আৰু সন্দেহ সত্বেও mRNA প্ৰতিষেধকৰ বৈজ্ঞানিক ভিত্তি স্থাপন কৰে,[1] যাৰ বাবে তেওঁ ২০২৩ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[2][3]

কাটালিন কাৰিক'

জন্ম ১৭ জানুৱাৰী, ১৯৫৫ (৬৯ বছৰ)
চ'লনক (Szolnok), হাংগেৰী
জাতীয়তা
  • হাংগেৰীয়ান
  • আমেৰিকান
ক্ষেত্ৰ জৈৱ ৰসায়ন
আৰ এন এ প্ৰযুক্তি
কৰ্মস্থান
  • চেগেড বিশ্ববিদ্যালয়
  • টেম্পল বিশ্ববিদ্যালয়
  • পেন্‌চিলভেনিয়া বিশ্ববিদ্যালয়
  • BioNTech
জনা যায় ৰোগ-প্ৰতিৰোধ বিদ্যা আৰু চিকিৎসাত mRNA প্ৰযুক্তি
উল্লেখনীয় বঁটা
দাম্পত্যসঙ্গী বেলা ফ্ৰাঞ্চা
সতি-সন্ততি চুজান ফ্ৰাঞ্চা

কাৰিক' ২০০৬ চনৰ পৰা ২০১৩ চনলৈকে RNARxৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।[4] ২০১৩ চনৰ পৰা তেওঁ BioNTech আৰ এন এ ফাৰ্মাচিউটিকেলছৰ সৈতে জড়িত হৈ আছে। প্ৰথমে উপ-সভাপতি হিচাপে আৰু ২০১৯ চনত জ্যেষ্ঠ উপ-সভাপতিলৈ পদোন্নতি লাভ কৰে। তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী সংলগ্ন অধ্যাপকো আছিল।[4] পাছলৈ হাংগেৰীৰ চেগেড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হয়।[5]

কাৰিক'ই কৰ্মৰাজিৰ ভিতৰত RNA-মাধ্যমেদি ৰোগ-প্ৰতিৰোধ সক্ৰিয়কৰণৰ বৈজ্ঞানিক গৱেষণা অন্তৰ্ভুক্ত। ইয়াৰ ফলত আমেৰিকান ইম্যুন'ল'জিষ্ট ড্ৰু ৱেইছমেনৰ লগত আৰ এন এ-ৰ ৰোগ-প্ৰতিৰোধ সক্ৰিয়কৰণ বশ কৰা নিউক্লিঅ'চাইড পৰিৱৰ্তনৰ সহ-আৱিষ্কাৰ সম্ভৱ হয়। mRNAৰ চিকিৎসাগত দিশৰ ক্ষেত্ৰত এয়া পৰৱৰ্তী খোজ হিচাপে গণ্য কৰা হৈছে।[6] ৱেইছমেনৰ সৈতে মিলি তেওঁৰ হাতত নন-ইমিউন'জেনিক, নিউক্লিঅ'চাইড-পৰিৱৰ্তিত আৰ এন এ-ৰ প্ৰয়োগৰ বাবে আমেৰিকান পেটেণ্ট আছে। এই প্ৰযুক্তিক BioNTech আৰু Moderna ৰ দ্বাৰা তেওঁলোকৰ প্ৰ'টিন প্ৰতিস্থাপন প্ৰযুক্তি বিকশিত কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল যদিও ইয়াক তেওঁলোকৰ ক'ভিড-১৯ প্ৰতিষেধকৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।[7]

mRNA সম্পৰ্কীয় কামৰ বাবে কাৰিক' আৰু ৱেইছমেনে বহুতো বঁটা লাভ কৰিছে, য'ত ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা, লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ বঁটা, টাইম আলোচনীৰ ২০২১ চনৰ নায়ক, আৰু ২০২২ চনত জৈৱ ঔষধ বিজ্ঞানৰ টাং বঁটা বঁটা আছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Kolata, Gina (8 April 2021). "Kati Kariko Helped Shield the World From the Coronavirus" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/04/08/health/coronavirus-mrna-kariko.html. 
  2. "The Nobel Prize in Physiology or Medicine 2023" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2023/press-release/। আহৰণ কৰা হৈছে: 2 October 2023. 
  3. "Covid | Premio Nobel de Medicina 2023: qué es el ARN mensajero por el que premiaron a Katalin Karikó y Drew Weissman" (es ভাষাত). BBC News Mundo. 2023-10-02. https://www.bbc.com/mundo/articles/cp64kj982yro। আহৰণ কৰা হৈছে: 2023-10-02. 
  4. 4.0 4.1 /planning-committee/katalin-kariko/ "Katalin Karikó" (as-US ভাষাত). 8th International mRNA Health Conference. https://www.mrna-conference.com/general-information /planning-committee/katalin-kariko/। আহৰণ কৰা হৈছে: 10 January 2021. 
  5. "Nobel Prize goes to scientists behind mRNA Covid vaccines" (en-GB ভাষাত). BBC News. 2 October 2023. https://www.bbc.com/news/health-66983060. 
  6. Kollewe, Julia (21 November 2020). "Covid vaccine technology pioneer: 'I never doubted it would work'". The Guardian. https://www.theguardian.com/science/2020/nov/21/covid-vaccine-technology-pioneer-i-never-doubted-it-would-work?. 
  7. Garde, Damian; Saltzman, Jonathan (10 November 2020). "The story of mRNA: From a loose idea to a tool that may help curb Covid" (en-US ভাষাত). STAT. https://www.statnews.com/2020/11/10/the-story-of-mrna-how-a-once-dismissed-idea-became-a-leading-technology-in-the-covid-vaccine-race/। আহৰণ কৰা হৈছে: 10 January 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক