কাঠামোবদ্ধ প্ৰভাৱ (ইংৰাজী: Framing effect) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত মানুহে বিকল্প এটা নিৰ্বাচনৰ সময়ত সেইটো যোগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত নে বিয়োগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত-তাৰ ওপৰত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে-পৰাজয় অথবা প্ৰাপ্তিৰ বিষয়টো।[1]

কাঠামোবদ্ধ প্ৰভাৱৰ (Framing effect) ব্যাখ্যা

যোগাত্মক কাঠামো এটা উপস্থাপন কৰিলে মানুহে তাৰ লগত জড়িত হৈ থকা ৰিস্কক আওকান কৰে। আনহাতে বিয়োগাত্মক বা ঋণাত্মক কাঠামোৰ জৰিয়তে উপস্থাপন কৰিলে ৰিস্কৰ কথাটো বিবেচনালৈ আনে।[2] লাভ আৰু লোকচানক ফলাফলকেন্দ্ৰিক দিশৰ পৰা ব্যাখ্যা কৰা হয়। (যেনে-মানুহবোৰ বাচিল বা নাবাচিল, ৰোগৰ চিকিৎসা হ'ল বা নহ'ল ইত্যাদি)

১৯৮১ চনৰ জীৱন আৰু মৃত্যু সম্পৰ্কীয় এটা কাল্পনিক পৰিস্থিতিত ভাগ লোৱা অংশগ্ৰহণকাৰীক ভিন্ন শৈলীৰে লিখা বাক্যই কিদৰে প্ৰভাৱিত কৰিছিল সেইয়া এম'ছ ভাৰস্কি আৰু ডেনিয়েল কাহনেমেন-এ লগ হৈ অন্বেষণ কৰিছিল। [2]

মাৰাত্মক ব্যাধি এটাত আক্ৰান্ত ৬০০ গৰাকী মানুহৰ চিকিৎসাৰ বাবে দুটা পদ্ধতি বাছনিত উঠিছিল। প্ৰথমটো চিকিৎসা-পদ্ধতি A য়ে ৪০০ গৰাকী ব্যক্তিৰ মৃত্যু ঘটাব, আনহাতে B পদ্ধতিৰ ৩৩% সম্ভাৱনা আছে যে কোনো মানুহৰেই মৃত্যু নঘটে; কিন্তু ৬৬% সম্ভাৱনা আছে প্ৰত্যকৰে মৃত্যু ঘটিব। এই বিকল্পটো তাৰ পাছত অংশগ্ৰহণকাৰীসকলৰ মাজত উপস্থাপন কৰোৱা হৈছিল-যোগাত্মক আৰু ঋণাত্মক দুয়োটা কাঠামোৰ জৰিয়তে। অৰ্থাৎ-কিমানজন মানুহ জীয়াব থাকিব আৰু কিমানজন মানুহ মৰিব।

কাঠামো প্ৰথমটো চিকিৎসা-পদ্ধতি A দ্বিতীয়টো চিকিৎসা-পদ্ধতি B
যোগাত্মক "২০০জনৰ প্ৰাণ বাচিব" "৩৩% সম্ভাৱনা আছে যে ৬০০ গৰাকীৰেই প্ৰাণ বাচিব, কিন্তু ৬৬% সম্ভাৱনা আছে যে কোনো নাবাচে। "
ঋণাত্মক "৪০০ জনৰ মৃত্যু ঘটিব" "৩৩% সম্ভাৱনা আছে যে কোনো মানুহৰেই মৃত্যু নহয়, ৬৬% সম্ভাৱনা আছে যে ৬০০ গৰাকীয়েই মৃত্যু ঘটিব। "

যোগাত্মক কাঠামোৰ সহায়ত ("২০০ গৰাকীৰ জীৱন বাচিব") যেতিয়া A চিকিৎসা-পদ্ধতিটোক উপস্থাপন কৰা হ'ল, তেতিয়া ৭২% অংশগ্ৰহণকাৰীয়ে সেইটো নিৰ্বাচন কৰিলে। আনহাতে একেটা বিকল্পকে যেতিয়া নেতিবাচক কাঠামোৰ ("৪০০ গৰাকীৰ মৃত্যু হ'ব") সহায়ত উপস্থাপন কৰা হ'ল, তেতিয়া সেইটো মাত্ৰ ২২% অংশগ্ৰহণকাৰীয়েহে গ্ৰহণ কৰিলে।

এই প্ৰভাৱটো অইন কিছুমান প্ৰসংগতো দেখা পোৱা গৈছে:

  • বিলম্বিত পঞ্জীয়নৰ বাবে জৰিমণা বিহাৰ সিদ্ধান্ত লোৱাত ৯৩% ডক্তৰেট ছাত্ৰই সোনকালে পঞ্জীয়ন কৰালে, কিন্তু যেতিয়া শীঘ্ৰ পঞ্জীয়নৰ বাবে ৰেহাই দিয়াৰ কথাটো ঘোষণা কৰা হ'ল তেতিয়া মাত্ৰ ৬৭% শিক্ষাৰ্থীয়েহে পঞ্জীয়ন কৰালে। [3]
  • "গণতন্ত্ৰৰ ৰাজহুৱা নিন্দা" কৰিবলৈ অনুমতি দিয়া কথাটোত ৬২% মানুহেই বিৰোধ কৰিলে। কিন্তু যেতিয়া "গণতন্ত্ৰৰ ৰাজহুৱা নিন্দা কৰাত নিষেধাজ্ঞা" দিয়াৰ কথা কোৱা হ'ল, তেতিয়া মাত্ৰ ৪৬% নাগৰিকেহে তাক সমৰ্থন কৰিলে। [4]
  • যেতিয়া অৰ্থনৈতিক আঁচনি এখনত নিবনুৱাৰ হাৰতকৈ নিয়োগৰ হাৰত গুৰুত্ব প্ৰদান কৰা হয়, তেতিয়া তাক অধিকসংখ্যক মানুহে সমৰ্থন কৰে। [5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Plous 1993
  2. 2.0 2.1 Tversky & Kahneman 1981
  3. Gächter et al. 2009
  4. Rugg, as cited in Plous 1993
  5. https://www.semanticscholar.org/paper/Using-Credible-Advice-to-Overcome-Framing-Effects-Druckman/c5267cb42834723683ae985198f803b2bb5404bb