ডেনিয়েল কাহনেমেন

ইজৰাইলী-আমেৰিকান মনোবিজ্ঞানী

ডেনিয়েল কাহনেমেন (ইংৰাজী: Daniel Kahneman; জন্ম ৫ মাৰ্চ, ১৯৩৪) হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। 'আচৰণবিষয়ক অৰ্থনীতি'ৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল. স্মিথৰ সৈতে যুটীয়াভাৱে অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰিছিল। তেখেতৰ গৱেষণামূলক আৱিষ্কাৰসমূহে আধুনিক অৰ্থনৈতিক সমাজত প্ৰভাৱশালী হৈ থকা মানৱীয় যুক্তিবাদক প্ৰত্যাহ্বান জনায়।[2]

ডেনিয়েল কাহনেমেন

২০০৪ চনত ডেনিয়েল কাহনেমেন
জন্ম ৫ মাৰ্চ, ১৯৩৪ (৯০ বছৰ)[1]
টেল আভিভ, মেণ্ডেটৰি পেলেষ্টাইন
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল
ক্ষেত্ৰ মনোবিজ্ঞান, অৰ্থনীতি
কৰ্মস্থান প্ৰিন্সটন বিশ্ববিদ্যালয়,১৯৯৩–
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে, ১৯৮৬–৯৩
ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়, ১৯৭৮–৮৬
আচৰণ বিজ্ঞানৰ উচ্চতৰ অধ্যয়ন কেন্দ্ৰ,১৯৭২-৭৩
জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়,১৯৬১-৭৭
ডক্তৰেল পৰামৰ্শদাতা ছুছান এম. আৰভিন-ট্ৰিপ
ডক্তৰেল বিদ্যাৰ্থী Anat Ninio
Avishai Henik
Baruch Fischhoff
Ziv Carmon
জনা যায় বোধগত পক্ষপাতিতাসমূহ
আচৰণ অৰ্থনীতি (Behavioral economics)
প্ৰত্যাশা তত্ত্ব (Prospect Theory),
ক্ষতি বিৰক্তি (Loss aversion)
উল্লেখনীয় বঁটা আমেৰিকান মনোবৈজ্ঞানিক সংস্থাৰ জীৱনজোৰা সাধনাৰ বঁটা,(২০০৭)
অৰ্থনীতি বিজ্ঞান ন'বেল স্মাৰক বঁটা,(২০০২)
লিয়নটিয়েফ বঁটা(২০১০)
আমেৰিকান মনোবৈজ্ঞানিক সমাজৰ "বিজ্ঞানলৈ আগবঢ়োৱা বিশিষ্ট অৱদান"ৰ বঁটা (১৯৮২)
লুইছভিলে বিশ্ববিদ্যালয়ৰ গ্ৰমেয়েৰ বঁটা (২০০৩)

২০১১ চনত "ফৰেইন পলিচি" নামৰ আলোচনীখনে কাহনেমনক বিশ্বৰ শীৰ্ষ চিন্তাবিদসকলৰ তালিকাত স্থান দিছিল।[3] একেটা বছৰতে তেওঁৰ গ্ৰন্থ থিংকিং, ফাষ্ট এণ্ড শ্লৌ প্ৰকাশিত হয়। এই গ্ৰন্থখনত তেওঁৰ অধিকাংশ গৱেষণাৰেই সাৰাংশ লিপিবদ্ধ হৈছে। গ্ৰন্থখন এখন "বেষ্ট চেলাৰ" হিচাপে স্বীকৃত।[4]

তেখেত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ "উডৰু উইলছন স্কুল"ৰ মনোবিজ্ঞান আৰু ৰাজহুৱা পৰিক্ৰমা বিভাগৰ এমিৰেটাছ অধ্যাপক। ব্যৱসায় আৰু লোকহিতৈষী পৰামৰ্শ কোম্পানী, টিজিজি গ্ৰুপৰ তেখেত হৈছে প্ৰতিষ্ঠাপক সহযোগী। তেখেতেৰ পত্নী বোধগত মনোবিজ্ঞানী আৰু ৰয়েল ছছাইটিৰ সভ্য এন ট্ৰেইছেমেনে ২০১৮ চনত মৃত্যুক সাবটি লয়।[5]

২০১৫ চনত দ্য ইক'নমিষ্ট-এ ডেনিয়েল কাহনেমেনক পৃথিৱীৰ প্ৰভাৱশালী অৰ্থনীতিবিদসকলৰ তালিকাত সপ্তম স্থান প্ৰদান কৰে।[6]

জীৱনী সম্পাদনা কৰক

১৯৩৪ চনত মেণ্ডেটৰি পেলেষ্টাইন (Mandatory Palestine)-ৰ টেল আভিভত ডেনিয়েল কাহনেমেনৰ জন্ম হৈছিল। সেইসময়ত তেওঁৰ মাকে আত্মীয়ৰ ঘৰত ফুৰিবলৈ গৈছিল। কাহনেমেনে শৈশৱ অতিবাহিত কৰিছিল পেৰিছত। সেই ঠাইলৈ ৩০ৰ দশকত তেখেতৰ পিতৃ-মাতৃয়ে প্ৰব্ৰজন কৰিছিল। ১৯৪০ চনত নাজি জাৰ্মানীয়ে পেৰিচ দখল কৰাৰ সময়ত তেওঁলোক সেই ঠাইতে আছিল। ফৰাচী ইহুদীসকলৰ প্ৰথমটো একত্ৰীকৰণত তেখেতৰ পিতৃ এফৰায়িমো অন্তৰ্ভুক্ত হৈছিল। কিন্তু তেওঁৰ নিয়োগকৰ্তা ইউগিন ছিউলাৰৰ হস্তক্ষেপত ছমাহৰ পিছতেই তেওঁ মুক্তি পায়।[7]:52 যুদ্ধৰ সময়ত তেওঁলোক পলায়নৰত অৱস্থাতেই আছিল। তেওঁলোক বাচি গৈছিল। কিন্তু কাহনেমেনৰ পিতৃয়ে মধুমেহ ৰোগত আক্ৰান্ত হৈ ১৯৪৪ চনত মৃত্যুবৰণ কৰিছিল। তাৰপিছত কাহনেমেন আৰু তেওঁৰ পৰিয়ালটোৱে ১৯৪৮ চনত বাধ্যতামূলক পেলেষ্টাইনলৈ গমন কৰিছিল। সেইয়া আছিল ইজৰাইল ৰাজ্য গঠন হোৱাৰ ঠিক আগমুহূৰ্তৰ কথা। (Kahneman, 2003).

মনোবিজ্ঞানৰ ক্ষেত্ৰখনত কাহনেমেনে কিয় প্ৰৱেশ কৰিছিল, সেই বিষয়ে নাজি-অধিকৃত ফ্ৰান্সত হোৱা তেওঁৰ নিজস্ব অভিজ্ঞতাৰ কথা বৰ্ণাই এনেদৰে লিখিছে:

It must have been late 1941 or early 1942. Jews were required to wear the Star of David and to obey a 6  p.m. curfew. I had gone to play with a Christian friend and had stayed too late. I turned my brown sweater inside out to walk the few blocks home. As I was walking down an empty street, I saw a German soldier approaching. He was wearing the black uniform that I had been told to fear more than others – the one worn by specially recruited SS soldiers. As I came closer to him, trying to walk fast, I noticed that he was looking at me intently. Then he beckoned me over, picked me up, and hugged me. I was terrified that he would notice the star inside my sweater. He was speaking to me with great emotion, in German. When he put me down, he opened his wallet, showed me a picture of a boy, and gave me some money. I went home more certain than ever that my mother was right: people were endlessly complicated and interesting. (Kahneman, 2003, p. 417)

১৯৫৪ চনত জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা কাহনেমেনে মনোবিজ্ঞানত মেজৰ আৰু গণিতত মাইনৰসহ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে। আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মনোবিজ্ঞান বিভাগত সেৱা আগবঢ়ায়। বিষয়াৰ প্ৰশিক্ষণ বিদ্যালয়ৰ বাবে প্ৰাৰ্থীৰ মূল্যাঙ্কন কৰা, আৰু তেওঁলোকৰ বাবে পৰীক্ষা আৰু মান নিৰূপণ কৰা তেওঁৰ এটা দায়িত্ব আছিল। ১৯৫৮ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে য'ত তেওঁ বাৰ্কলেস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।[5]

শৈক্ষিক জীৱন সম্পাদনা কৰক

বোধগত পক্ষপাতিতা সম্পাদনা কৰক

১৯৬১ চনত জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত মনোবিজ্ঞানৰ প্ৰবক্তা হিচাপে কাহনেমেনে তেওঁৰ শৈক্ষিক জীৱন আৰম্ভ কৰে।[5] ১৯৬৬ চনত তেখেতে জ্যেষ্ঠ প্ৰবক্তা হিচাপে পদোন্নতি লাভ কৰে। তেখেতৰ প্ৰাৰম্ভিক কৰ্মৰাজীয়ে চাক্ষুস উপলব্ধি আৰু মনোযোগৰ কেন্দ্ৰীভূত আছিল। উদাহৰণস্বৰূপে, সন্মানীয় "চায়েন্স" পত্ৰিকাত প্ৰকাশিত তেখেতৰ প্ৰথমখন গৱেষণাপত্ৰৰ নাম আছিল-"Pupil Diameter and Load on Memory" (Kahneman & Beatty, 1966).(। ) এইখিনি সময়তে(১৯৬৫-৬৬) কাহনেমেন মিচিগান বিশ্ববিদ্যালয়ত এগৰাকী অনাৱাসিক বিজ্ঞানী হিচাপেও কৰ্মৰত আছিল। লগতে ১৯৬৮/৬৯(গ্ৰীষ্ম)ৰ সময়ছোৱাত কেমব্ৰিজৰ প্ৰায়োগিক মনোবিজ্ঞান গৱেষণা শাখাতো অনাৱাসিক বিজ্ঞানী হৈ কাম কৰিছিল। ১৯৬৬/৬৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বোধগত মনোবিজ্ঞান বিভাগত তেখেতে এগৰাকী প্ৰবক্তা হিচাপে কাম কৰাৰ লগতে বোধগত অধ্যয়ন কেন্দ্ৰৰো সভ্য হৈছিল।[8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2002". NobelPrize.org. https://www.nobelprize.org/prizes/economic-sciences/2002/kahneman/facts/. 
  2. Afzal, Babar. 6 Times Thinner: The Call of Pashmina. Notion Press. https://books.google.co.in/books?id=Bi6LDgAAQBAJ&pg=PT103&lpg=PT103&dq=His+empirical+findings+challenge+the+assumption+of+human+rationality+prevailing+in+modern+economic+theory.&source=bl&ots=8QSbIb726O&sig=ACfU3U32yGzruDScu-hMcaaDgGQOfOjpFg&hl=en&sa=X&ved=2ahUKEwi83NbAmcXpAhWtxjgGHb98DlIQ6AEwAXoECAgQAQ#v=onepage&q=His%20empirical%20findings%20challenge%20the%20assumption%20of%20human%20rationality%20prevailing%20in%20modern%20economic%20theory.&f=false. 
  3. "The FP Top 100 Global Thinkers. 71 Daniel Kahneman". foreignpolicy.com. November 28, 2011. https://foreignpolicy.com/2011/11/28/the-fp-top-100-global-thinkers-4/। আহৰণ কৰা হৈছে: November 3, 2012. 
  4. "The New York Times Best Seller List – December 25, 2011". www.hawes.com. http://www.hawes.com/2011/2011-12-25.pdf। আহৰণ কৰা হৈছে: 2014-08-17. 
  5. 5.0 5.1 5.2 Kahneman, Daniel (2002). "Autobiography". nobelprize.org. https://www.nobelprize.org/nobel_prizes/economic-sciences/laureates/2002/kahneman-bio.html। আহৰণ কৰা হৈছে: May 1, 2017. 
  6. "Influential economists – That ranking". The Economisteconomist.com. January 2, 2015. https://www.economist.com/blogs/freeexchange/2015/01/influential-economists। আহৰণ কৰা হৈছে: April 4, 2015. 
  7. Lewis, Michael (2017). The Undoing Project: A Friendship That Changed Our Minds. প্ৰকাশক New York: Penguin Random House. ISBN 978-0-14-198304-2. 
  8. https://economiaepsicologia.wordpress.com/daniel-kahneman/

বাহ্যিক সংযোগ সম্পাদনা কৰক