কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।[1] এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।
কাতি বিহু কঙালী বিহু | |
---|---|
![]() লখিমীক আদৰিবলৈ তুলসীৰ তলত কাতি বিহু উপলক্ষে জ্বলোৱা চাকি | |
পালন কৰে | অসমীয়া সকলে |
প্ৰকাৰ | কৃষিভিত্তিক লোকউৎসৱ |
তাৰিখ | আহিন-কাতিৰ সংক্ৰান্তি |
উদযাপন | তুলসীৰ তলত চাকি জ্বলোৱা, পথাৰত চাকি দিয়া, লখিমী আদৰা, আকাশ বন্তি |
এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।[2] কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।[3] কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।[4]


লগতে চাওক
সম্পাদনা কৰকচিত্ৰসম্ভাৰ
সম্পাদনা কৰক-
ধাননি পথাৰত চাকি
-
তুলসী তলত চাকি
-
ধাননি পথাৰত চাকি
-
কানাডাৰ অসমীয়াই তুলসীৰ তলত দিয়া চাকি
-
কানাডাত অসমীয়াৰ কাতি বিহু উদযাপন
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Bihu Festival". www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL). http://www.festivalsofindia.in/bihu/। আহৰণ কৰা হৈছে: 2013-04-13.
- ↑ অসমৰ সংস্কৃতি: ড॰ লীলা গগৈ
- ↑ চুতীয়া, সতীশ. "কাতি বিহুৰ লোকাচাৰ". বিকাশপেডিয়াhttps://as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9959be9a49bf-9ac9bf9b99c19f0-9b29959be99a9be9f0। আহৰণ কৰা হৈছে: 5 December 2020.
- ↑ "Bihu Festival". natunassam.in. Archived from the original on 18 October 2021. https://web.archive.org/web/20211018041418/https://www.natunassam.in/2021/10/kati-bihu-is-celebrated-on-day-of-month.html। আহৰণ কৰা হৈছে: 18 October 2021.