মূল মেনু খোলক

কাৰেঙৰ লিগিৰী

জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত নাটক

কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে।[1] কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত।[2] প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।

এইখন এখন বুৰঞ্জীমূলক নাটকৰ ঠাঁচত ৰচিত কাল্পনিক নাটক। অসম বুৰঞ্জীৰ আহোম যুগৰ পটভূমিত ৰচিত নাটকখনৰ মূল কাহিনীভাগ পাঁচটা অঙ্কত বিভক্ত। প্ৰতিটো অঙ্কতে দৃশ্যপটৰ পৰিৱৰ্তন বুজাবৰ বাবে প্ৰথম দৰ্শন, দ্বিতীয় দৰ্শন- এনেদৰে দৃশ্য বিভাজন কৰিছে।

চৰিত্ৰসম্পাদনা কৰক

মুখ্য আৰু গৌণ চৰিত্ৰৰ সৈতে নাটকখনত মুঠ একুৰিতকৈ অধিক চৰিত্ৰৰ সমাহাৰ ঘটিছে। নাটকখনৰ প্ৰতিটো চৰিত্ৰৰে সুকীয়া বৈশিষ্ট্য আছে। নায়ক সুন্দৰ কোঁৱৰ হৈছে এটা অতি আত্মসচেতন, আধুনিকতাৰ প্ৰতিনিধিত্বকাৰী চৰিত্ৰ। আনহাতে, ৰাজমাও হৈছে প্ৰচলিত সামাজিক ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতিনিধিত্বকাৰী চৰিত্ৰ। এটা আবেগিক চৰিত্ৰ হিচাপে অনঙ্গৰামৰ চৰিত্ৰটোৰ চিত্ৰায়ণ কৰা হৈছে। কাঞ্চনমতী এটা সাধাৰণ গৃহিণীসুলভ চৰিত্ৰ। নায়িকা শেৱালিয়ে প্ৰেমৰ বাবে নিৰৱে কষ্ট সহ্য কৰিছে আৰু শেষত প্ৰেমৰ বাবেই মৃত্যুক সাৱতি লৈছে।এইকেইটা চৰিত্ৰৰ উপৰিও নাটকখনৰ কাহিনীভাগ আগবঢ়াই নিয়াত সুদৰ্শন, বপুৰা, ৰেৱতী, সেউজী, বুঢ়াগোহাঁয়নী, ৰুণুক, জুনুক, ঠুনুক, চাওদাং, সৈন্য ইত্যাদি চৰিত্ৰই সহায় কৰিছে।

গীতসম্পাদনা কৰক

নাটকখনত মুঠ সাতটা গীত সন্নিৱিষ্ট হৈছে। গীতসমূহৰ ভিতৰত সোণৰে পালেঙত অ' মনেতৰা, মোৰে জীৱনৰে সখা কৃষ্ণ, বনৰীয়া আমি বনৰ চৰাই, যাউতিযুগীয়া ধনে মোৰ অ', পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ইত্যাদি গীত অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰলৈ অন্যতম সংযোজন।

কাহিনীসম্পাদনা কৰক

প্ৰেমক প্ৰধান উপজীৱ্য হিচাপে লৈ কাৰেঙৰ লিগিৰীৰ কাহিনীভাগ আগবাঢ়িছে। প্ৰেমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কিছুমান সামাজিক আৰু মনস্তাত্ত্বিক সমস্যাৰ বিয়োগান্তক পৰিণতিত নাটকখনৰ সামৰণি পৰিছে।

সুন্দৰ কোঁৱৰ হৈছে বিবাহ উপযুক্ত বয়সৰ মধ্যযুগৰ অসমৰ এজন সুদৰ্শন ৰাজকোঁৱৰ, লগতে অধ্যনশীল আৰু সংস্কাৰী মনৰ অধিকাৰী। সুদৰ্শন হৈছে সুন্দৰ কোঁৱৰৰ বন্ধু আৰু প্ৰয়োজনত বুদ্ধি-ভৰসা দিওঁতা। সুন্দৰ কোঁৱৰৰ আল-পৈচান ধৰিবৰ বাবে কাৰেঙত থকা লিগিৰী শেৱালি, ৰেৱতী আৰু সেউজীৰ ভিতৰত শেৱালি কোঁৱৰৰ অতিকৈ প্ৰিয়। এই কথাটো সুন্দৰ কোঁৱৰৰ মাক ৰাজমাওৰ পচন্দ নহয়। তেওঁ অতি সোনকালে পুতেকৰ বিয়া ৰাজ্যৰ প্ৰধান মন্ত্ৰীৰ জীয়ৰী কাঞ্চনমতীৰ সৈতে পাতিব খোজে। আনফালে, সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ প্ৰেম ইমানেই গভীৰ হৈছিলগৈ যে, তেওঁলোকে যিকোনো বাধা নেওচি আমৃত্যু ইজনে-সিজনৰ হৈ থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। সুন্দৰ কোঁৱৰ আৰু শেৱালিয়ে স্বাৰ্থপৰৰ দৰে এজনে আনজনৰ প্ৰতি থকা প্ৰেমৰ বৰ্হিপ্ৰকাশ ঘটোৱা নাছিল, বৰঞ্চ তেওঁলোকে সকলো সামাজিক আৰু পৰম্পৰাগত বাধা নেওচি একেলগে থাকিবলৈ বিচাৰিছিল। এই যুঁজত ৰাজমাওৰ জয় হৈছিল আৰু সুন্দৰ কোঁৱৰে স্ব-ইচ্ছাৰ বিৰুদ্ধে কাঞ্চনমতীৰ সৈতে বিয়াত বহিছিল।

আনহাতে, বিয়াৰ পাছত কাঞ্চনমতীয়ে ৰাজ্যৰে আন এজন মন্ত্ৰী পুত্ৰ অনঙ্গৰামৰ সৈতে থকা গোপন প্ৰেমৰ কথা সুন্দৰ কোঁৱৰক অৱগত কৰাত ঘটনাই মূৰ সলায়। শেষত সুন্দৰ কোঁৱৰে কাঞ্চনমতীক সকলো সামাজিক ৰীতি-নীতি একাষৰীয়াকৈ থৈ শাৰীৰিক সম্পৰ্কতকৈ হৃদয়ৰ প্ৰেম যে ঊৰ্ধত এই কথা প্ৰমাণ কৰিবৰ বাবে অনঙ্গৰামৰ হাতত গতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সুন্দৰ কোঁৱৰৰ এই বৈপ্লৱিক পদক্ষেপে কাঞ্চনমতী আৰু শেৱালিক দুটা অন্যতম ট্ৰজিক চৰিত্ৰত পৰিণত কৰে। কাঞ্চনমতীয়ে ইয়াৰ পৰিণতিত বিহ খাই আত্মহত্যা কৰে আৰু শেৱালিয়ে ৰাজকুমাৰৰ প্ৰতি হৃদয়ত পৱিত্ৰ প্ৰেম থকাৰ পাছতো কাৰেঙৰ লিগিৰীৰ পৰা ৰাজকুঁৱৰীলৈ ঘটা উত্তৰণ নিজ চকুৰে চাব নুখুজি পৰ্বতৰ শিখৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। চমুকৈ নাটকখনৰ কাহিনী এয়াই।

কাব্যিকতা, চৰিত্ৰ চিত্ৰায়ণৰ স্পষ্টতা আৰু বাস্তৱধৰ্মী উপস্থাপনৰ বাবে আলোচকসকলে "কাৰেঙৰ লিগিৰী" অসমীয়া নাট্য-সাহিত্যৰ অন্যতম সৃষ্টি বুলি উল্লেখ কৰি গৈছে। একাংশ সমালোচকৰ মতে, "কাৰেঙৰ লিগিৰী জ্যোতিপ্ৰসাদৰো অন্যতম শ্ৰেষ্ঠ কীৰ্তি।"[3] বিশিষ্ট সমালোচক হীৰেন গোহাঁই, প্ৰসেনজিত চৌধুৰী, আনন্দ বৰমুদৈ আদিয়ে নাটকখনৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াইছে।

তথ্য সংগ্ৰহসম্পাদনা কৰক