জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।[1][2][3]
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | |
---|---|
জন্ম | ১৭ জুন, ১৯০৩ তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম |
মৃত্যু | ১৭ জানুৱাৰী, ১৯৫১ জ্যোতি ভাৰতী, তেজপুৰ, অসম |
পেচা | গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা |
সক্ৰিয় হৈ থকা সময় | ১৯৩২-১৯৫১ |
দাম্পত্যসঙ্গী | দেৱযানী ভূঞা |
পিতৃ-মাতৃ | পৰমানন্দ আগৰৱালা কিৰণময়ী আগৰৱালা |
সন্তান | চিন্ময় আগৰৱালা বিশ্বেন্দু আগৰৱালা জয়শ্ৰী জ্ঞানশ্ৰী সত্যশ্ৰী হেমাশ্ৰী মনশ্ৰী |
স্বাক্ষৰ | |
![]() |
জন্মসম্পাদনা কৰক
১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়।[4] তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।
চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।[5]
অন্যান্যসম্পাদনা কৰক
ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভোগা সত্ত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।[5][4] জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।[6] ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।
ব্যক্তিগত জীৱনসম্পাদনা কৰক
১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।
মৃত্যুসম্পাদনা কৰক
১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।
সাহিত্য-চৰ্চাসম্পাদনা কৰক
গল্পসম্পাদনা কৰক
|
কবিতাসম্পাদনা কৰকউপন্যাসসম্পাদনা কৰক
অন্যান্য গ্ৰন্থসম্পাদনা কৰক
|
শিশু-সাহিত্যসম্পাদনা কৰক
তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "কম্পুৰ সপোন"।
কলা-সংস্কৃতিলৈ অৱদানসম্পাদনা কৰক
চলচ্চিত্ৰসম্পাদনা কৰক
জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।[7] তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।
- জয়মতী (১৯৩৫)
- ইন্দ্ৰমালতী (১৯৩৯)
গীতসম্পাদনা কৰক
জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।
নাটকসম্পাদনা কৰক
- সম্পূৰ্ণ নাটক
- শোণিত কুঁৱৰী (১৯২৫)[4]
- কাৰেঙৰ লিগিৰী (১৯৩o)
- লভিতা (১৯৪৮)
- ৰূপালীম (১৯৩৮)
- নিমাতী কইনা (১৯৬৪)
- খনিকৰ (১৯৭৭)
- অসম্পূৰ্ণ নাটক
- কনকলতা
- সুন্দৰকোঁৱৰ
- সোণপখিলী
অতিৰিক্ত তথ্যসম্পাদনা কৰক
- অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।
লগতে চাওকসম্পাদনা কৰক
- চিত্ৰবন ষ্টুডিঅ'
- জ্যোতি সংগীত
- অসমৰ চলচ্চিত্ৰ
- জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Jyoti Prasad Agarwala, Indian Theatre Artist". Indianetzone.com. http://www.indianetzone.com/28/jyoti_prasad_agarwala_indian_theatre_artist.htm। আহৰণ কৰা হৈছে: 2013-01-31.
- ↑ "অনলাইন শিৱসাগৰ". http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html। আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
- ↑ "বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট". http://www.bipuljyoti.in/authors/jyotiprasad/rupkonwar.html। আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
- ↑ 4.0 4.1 4.2 4.3 4.4 Chandra Bhushan (1 January 2005). Assam. Gyan Publishing House. পৃষ্ঠা. 150–158. ISBN 978-81-7835-352-4. http://books.google.com/books?id=p_n-naXpdhkC&pg=PA151। আহৰণ কৰা হৈছে: 28 November 2012.
- ↑ 5.0 5.1 Jyotiprasad Agarawala, www.rupaliparda.com
- ↑ দাস, অৰুণলোচন (২০০১)। 'এবাৰ উভতি চাওঁ'। শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
- ↑ "Jyoti Prasad Agarwala - Rupkonwar Jyotiprasad Agarwala of Assam". Onlinesivasagar.com. http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html। আহৰণ কৰা হৈছে: 2013-01-31.
বাহ্যিক সংযোগসম্পাদনা কৰক
- অসমীয়া ৱিকিউৎসত পঢ়ক কাৰেঙৰ লিগিৰী
- অসমীয়া ৱিকিউৎসত পঢ়ক ৰূপালীম
- অসমীয়া ৱিকিউৎসত পঢ়ক লভিতা