কিশোৰ প্ৰীতি বা বালক প্ৰীতি (ইংৰাজী: Pederasty বা paederasty) হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু কিশোৰৰ বা বালকৰ মাজত যৌন সম্পৰ্ক। পেডেৰাষ্টি শব্দটো মুখ্যতঃ কিছুমান সংস্কৃতিৰ ঐতিহাসিক প্ৰথা, বিশেষকৈ প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ৰোমক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান বেছিভাগ দেশতে এনে সম্পৰ্ক অবৈধ। সন্মতিৰ স্থানীয় বয়সে এজন ব্যক্তিক যৌন কাৰ্য্যত সন্মতি দিবলৈ আইনীভাৱে সক্ষম বুলি গণ্য কৰা হয় নে নহয়, আৰু এনে সম্পৰ্ক শিশু যৌন উৎপীড়ন নে আইনী ধৰ্ষণ তাক নিৰ্ধাৰণ কৰে। নাবালকৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হোৱা প্ৰাপ্তবয়স্ক এজনক বিভিন্ন কাৰণত অপমানজনক বুলি গণ্য কৰা হ'ব পাৰে। এই কাৰণ সমূহৰ ভিতৰত আছে নাবালকৰ বয়স, নাবালকৰ এক বা একাধিক মানসিক বিকাৰ হোৱাৰ সম্ভাৱনা, যেনে যৌন উৎপীড়ণৰ ফলত হোৱা আঘাতৰ পিছত আৰম্ভ হ'ব পৰা মানসিক চাপ, নাবালকৰ শাৰীৰিক আঘাত, আৰু প্ৰাপ্তবয়স্ক অৱস্থাত নাবালকজন অধিক ভুক্তভোগী হোৱাৰ প্ৰৱণতা।

বালক প্ৰীতি প্ৰতিফলিত এখন পৌৰাণিক চিত্ৰ

ব্যুৎপত্তি আৰু ব্যৱহাৰ সম্পাদনা কৰক

 
তথাকথিত ৱাৰেন কাপত অঙ্কিত চিত্ৰত বালক-পুৰুষ যৌনক্ৰিয়া, ৰোমান শিল্পকলা, খ্ৰিষ্টীয় প্ৰথম শতাব্দী

পেডেৰাষ্টি παίδ- (বালক[1] বা শিশু[2] শব্দৰ গ্ৰীক প্ৰতিশব্দ) আৰু আৰু ἐραστής(প্ৰেমিক) শব্দ দুটাৰ সন্ধিৰ ফলত সৃষ্টি হৈছে। ষোড়শ শতিকাৰ প্লেটোৰ ধ্ৰুপদী গ্ৰীক সাহিত্যৰ গ্ৰন্থ দ্য চিম্পোজিয়ামৰ পৰা এই শব্দটো কৃতঋণ শব্দ হিচাপে পোনপটীয়াকৈ ব্যৱহাৰ কৰা হয়। এই শব্দটো প্ৰথমে নৱজাগৰণৰ সময়ত ইংৰাজী ভাষাত প্ৰকাশ পাইছিল আৰু ইয়াৰ দ্বাৰা পুৰুষ আৰু নাবলক বা কিশোৰৰ মাজত সংঘটিত যৌন সম্পৰ্কৰ অৰ্থ বুজোৱা হৈছিল। অক্সফৰ্ড ইংৰাজী অভিধানে ইয়াক "এজন পুৰুষ আৰু ল'ৰাৰ মাজত সমকামী সম্পৰ্ক; সমকামী পায়ু সংগম, সাধাৰণতে নিষ্ক্ৰিয় সঙ্গী হিচাপে ল'ৰা বা কম বয়সীয়া পুৰুষৰ সৈতে" বুলি সংজ্ঞায়িত কৰে।[3] ঊনবিংশ শতাব্দীৰ এখন যৌন গবেষণাগ্ৰন্থত পুৰুষে "নিজ স্ত্ৰীৰ সৈতে পেডেৰাষ্টি"-ক "নাৰীৰ পায়ুত পুৰুষাঙ্গ প্ৰৱেশ কৰোৱা" অৰ্থত বৰ্ণনা কৰা হৈছিল।[4]

আধুনিক দৃষ্টিভংগী সম্পাদনা কৰক

বৰ্তমান সময়ত এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নাবালকৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হোৱাক শিশু যৌন উৎপীড়ন বা আইনী ধৰ্ষণ বুলি গণ্য কৰা হ'ব পাৰে। যৌন সংগমৰ প্ৰতি সন্মতিৰ স্থানীয় বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই কাৰ্যত অপৰাধ বুলি গণ্য কৰা হ'ব পাৰে। সন্মতি আইনৰ বয়স এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হয় কিয়নো নাবালকসকলে এক নিৰ্দিষ্ট বয়স নোহোৱালৈকে যৌন কাৰ্যকলাপত অৰ্থপূৰ্ণভাৱে সন্মতি দিবলৈ অক্ষম বুলি গণ্য কৰা হয়।[5][6] যৌৱন প্ৰাপ্তিৰ পূৰ্বৰ শিশু আৰু কিশোৰ-কিশোৰীসকল সামাজিকভাৱে প্ৰাপ্তবয়স্কসকলৰ সমান নহয়, আৰু উৎপীড়কসকলে তেওঁলোকে ভুক্তভোগী শিশুসকলক আৱেগিকভাৱে নিয়ন্ত্ৰণ কৰে।[7] ৬৫-৬৬ ধাৰাৰ এই আইনবোৰৰ উদ্দেশ্য হৈছে প্ৰাপ্তবয়স্কসকলৰ সৈতে লুণ্ঠনমূলক বা শোষণমূলক যৌন আদান-প্ৰদানৰ বিৰুদ্ধে নাবালকক কিছু সুৰক্ষা দিয়া।[6][8]

শিশুৰ যৌন উৎপীড়নৰ প্ৰভাৱ সমূহ হৈছে হতাশা,[9] আঘাতৰ পিছত মানসিক চাপ,[10] উদ্বেগ,[11] জটিল আঘাতৰ পিছত শাৰীৰিক অসুস্থতা বা মানসিক চাপ,[12] প্ৰাপ্তবয়স্ক অৱস্থাত অধিক পৰিমাণে ভুক্তভোগী হোৱাৰ প্ৰৱণতা[13] আদি।[14][15]

যৌন উপভোগৰ ক্ষেত্ৰত ল'ৰাক পছন্দ কৰা যৌন উৎপীড়কসকলে নিজকে "ল'ৰাৰ প্ৰেমিক" বুলি ব্যক্ত কৰিব পাৰে,[16][17] তেওঁলোকে নিজৰ পক্ষত যুক্তি প্ৰদানৰ বাবে কেতিয়াবা প্ৰাচীন গ্ৰীচৰ প্ৰথাবোৰৰ উল্লেখ কৰে।[18][19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Marguerite Johnson, Terry Ryan, Sexuality in Greek and Roman Society and Literature: A Sourcebook p.110
  2. Liddell and Scott, 1968 p.585
  3. Oxford English Dictionary, "pederasty".
  4. Richard Krafft-Ebing, Psychopathia Sexualis. p.397; Arcade, 1998
  5. "Can Statutory Rape Laws Be Effective in Preventing Adolescent Pregnancy?". Guttmacher Institute. 2005-06-15. http://www.guttmacher.org/pubs/journals/2903097.html। আহৰণ কৰা হৈছে: 2008-03-24. "Statutory rape laws are based on the premise that until a person reaches a certain age, that individual is legally incapable of consenting to sexual intercourse." 
  6. 6.0 6.1 Sutherland, Kate. "From Jailbird to Jailbait: Age of Consent Law and the Construction of Teenage Sexualities". William & Mary Journal of Race, Gender, and Social Justice খণ্ড 9 (3): 313–349. https://scholarship.law.wm.edu/cgi/viewcontent.cgi?article=1167&context=wmjowl। আহৰণ কৰা হৈছে: 13 September 2019. "age of consent laws render teenagers below a certain age incapable of consent to sexual activity...The justification usually put forward for age of consent laws is the protection of young persons from sexual exploitation by adults.". 
  7. Salter, Anna (2018). Predators: pedophiles, rapists, and other sex offenders. প্ৰকাশক New York: Basic Books. ISBN 978-1-541-67382-3. https://books.google.com/books?id=PStcDwAAQBAJ&q=Salter%20Predators&pg=PT91. 
  8. "State Legislators' Handbook for Statutory Rape Issues". U.S Department of Justice - Office for Victims of Crime. http://www.ojp.usdoj.gov/ovc/publications/infores/statutoryrape/handbook/statrape.pdf। আহৰণ কৰা হৈছে: 2008-03-24. "a number of different motivations were observed on the part of State legislators, including:...Desire to protect minors below a certain age from predatory, exploitative sexual relationships—for example, with much older partners." 
  9. "The relation of child sexual abuse and depression in young women: comparisons across four ethnic groups". Journal of Abnormal Child Psychology খণ্ড 27 (1): 65–76. February 1999. PMID 10197407. 
  10. Widom, Cathy Spatz (August 1999). "Posttraumatic stress disorder in abused and neglected children grown up". The American Journal of Psychiatry খণ্ড 156 (8): 1223–1229. doi:10.1176/ajp.156.8.1223. PMID 10450264. https://ajp.psychiatryonline.org/doi/pdfplus/10.1176/ajp.156.8.1223. 
  11. "Childhood adversities associated with major depression and/or anxiety disorders in a community sample of Ontario: issues of co-morbidity and specificity". Depression and Anxiety খণ্ড 17 (1): 34–42. 2003. doi:10.1002/da.10077. PMID 12577276. 
  12. Roth, Susan; Newman, Elana; Pelcovitz, David; Van Der Kolk, Bessel; Mandel, Francine S. (1997). "Complex PTSD in victims exposed to sexual and physical abuse: Results from the DSM-IV field trial for posttraumatic stress disorder". Journal of Traumatic Stress খণ্ড 10 (4): 539–55. doi:10.1002/jts.2490100403. PMID 9391940. 
  13. Messman-Moore, T. L.; Long, P. J. (2000). "Child Sexual Abuse and Revictimization in the Form of Adult Sexual Abuse, Adult Physical Abuse, and Adult Psychological Maltreatment". Journal of Interpersonal Violence খণ্ড 15 (5): 489–502. doi:10.1177/088626000015005003. 
  14. "Early sexual abuse and lifetime psychopathology: a co-twin-control study". Psychological Medicine খণ্ড 30 (1): 41–52. January 2000. doi:10.1017/S0033291799001373. PMID 10722174. 
  15. Kendall-Tackett, KA; Williams, LM, Finkelhor, D (January 1993). "Impact of sexual abuse on children: a review and synthesis of recent empirical studies.". Psychological Bulletin খণ্ড 113 (1): 164–80. doi:10.1037/0033-2909.113.1.164. ISSN 0033-2909. PMID 8426874.  page 170
  16. Lynch, Virginia A.; Duval, Janet Barber (2010). Forensic Nursing Science - E-Book. Elsevier Health Sciences. পৃষ্ঠা. 424. ISBN 9780323066389. https://books.google.com/books?id=nD6VAFvKGC0C&pg=PA424. "There are child sex offenders who willingly describe themselves as boy lovers, girl lovers, child lovers, and pedophiles but will adamantly argue that they are not predators." 
  17. Thio, Alex; Calhoun, Thomas C. (2004). Readings in Deviant Behavior. Allyn and Bacon. পৃষ্ঠা. 274. ISBN 9780205389155. https://books.google.com/books?id=I-1mke4Ea1UC. 
  18. Durkin, KF; Clifton DB (1999). "Propagandizing pederasty: A thematic analysis of the on-line exculpatory accounts of unrepentant pedophiles". Deviant Behavior খণ্ড 20 (2): 103–127. doi:10.1080/016396299266524. https://www.researchgate.net/publication/240529006. "The use of the BIRGing [basking in reflected glory] account allows them to feel a connection to noteworthy men such as...many of the ancient Greek poets and philosophers.". 
  19. Nardi, Peter M.; Schneider, Beth E. (2013). Social Perspectives in Lesbian and Gay Studies: A Reader. Routledge. পৃষ্ঠা. 320. ISBN 9781136219382. https://books.google.com/books?id=daPdAAAAQBAJ&pg=PA320. "Paedophile activists themselves...have found it necessary to adopt...legitimation. The first, the 'Greek love', legitimation basically argues for the pedagogic value of adult-child relations, between males. It suggests -- relying on a mythologized version of ancient Greek practices -- that in the passage from childhood dependence to adult responsibilities the guidance, sexual and moral, of a caring man is invaluable."