ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা হয়। অৰ্থাৎ গুপ্তলিপিৰ পৰা কুটিল লিপি উদ্ভৱ হয়।পৰিৱৰ্তিত গুপ্তলিপিবিলাকৰ স্বৰমাত্ৰাবোৰৰ আকাৰ কুটিল বা বেঁকা হোৱা কাৰণে ইয়াক কুটিল লিপি বুলি অভিহিত কৰা হয়। এনে লিপিৰ আখৰবোৰ বেছি ভাগতে মূৰটো 'V'ৰ সদৃশ আৰু স্বৰৰ মাত্ৰাবোৰ বেছি একা-বেঁকা আৰু দীঘল।

ৰাখাল দাস বন্দোপাধ্যায়ৰ মতে, সিদ্ধমাতৃকা বা কুটিল লিপিৰ পৰাই পূৱ ভাৰতৰ সকলো লিপিৰ উদ্ভৱ হৈছে। সেইদৰে কুটিল লিপিৰ পৰাই কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিৰ উৎপত্তি হৈছে। সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত কুটিল লিপিয়ে জনপ্ৰিয়তা লাভ কৰে আৰু সেই সময়তে ভাৰতৰ বাহিৰতো এই লিপিয়ে প্ৰসিদ্ধ লাভ কৰে।

অসমীয়া লিপিত কুটিল লিপিৰ প্ৰভাৱ স্পষ্ট। অসমীয়া ভাষাৰ "গ, জ, ড, ঢ, ণ, থ, দ, ব, ৰ, ল, ৱ, শ, ষ, স, হ, অ, ই, উ" আদি আখৰসমূহৰ সৈতে কুটিল লিপিৰ সাদৃশ্য দেখা যায়। তদুপৰি সংযুক্ত বৰ্ণৰ বিচাৰ কৰিলেও কুটিল লিপিৰ লগত অসমীয়া লিপিৰ এটা সু-সম্পৰ্ক ধৰা পৰে।

খ্ৰীষ্টাব্দ সপ্তম শতিকাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালৰ কামৰূপী লিপিত কুটিল লিপিৰ প্ৰভাৱ পৰিছিল। দৃষ্টান্তস্বৰূপে, নগাজৰী খনিকৰ গাঁৱত উদ্ধাৰ হোৱা শিলালিপি, উমাচল শিলালিপি, ডুবি তাম্ৰশাসন, নালন্দাৰ মৃণ্ময় মোহৰ আদিৰ আখৰত কুটিল লিপিৰ প্ৰভাৱ আছে।