কুসুম্বৰ ভূঞা (? - আন. ১৪৫৬) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। 'শিৰোমণি ভূঞা' বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।[1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৭