খেৰসূতী

শংকৰদেৱৰ পিতৃপক্ষৰ আইতাক


খেৰসূতী বা খেৰশুতী আই (ইংৰাজী: Khersuti Aai) শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল।[1] শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷[2]

খেৰসূতী বা খেৰশুতী
জনা যায় শংকৰদেৱক ডাঙৰ-দীঘল কৰা
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী সূৰ্যবৰ
পিতৃ-মাতৃ ৰাম চৌধাৰী (পিতৃ)
জয়ন্তী (মাতৃ)
সন্তান কুসুম্বৰ
আত্মীয়-স্বজন শংকৰদেৱ (নাতিয়েক)

সংক্ষিপ্ত জীৱনী

সম্পাদনা কৰক

খেৰশুতীৰ পিতৃৰ নাম আছিল ৰাম চৌধাৰী[2] আৰু মাতৃৰ নাম আছিল জয়ন্তী৷ জয়ন্তীয়ে প্ৰসৱ কালত শোৱা পাটী এৰি খেৰৰ শয্যা কৰি শুই তাতে প্ৰসৱ কৰিছিল বাবে জন্ম পোৱা কন্যা সন্তানটিৰ নাম ৰাখিছিল খেৰশুতী বা কোনো কোনোৰ মতে খেৰসূতী৷ ৰাজধৰৰ আন তিনিটি পুত্ৰ জয়ন্তা, মাধৱ আৰু হলায়ুধলৈ খেৰশুতীৰ তিনিগৰাকী ভগ্নী বিয়া কৰোৱা হয়৷[3] অসমৰ বাৰভূঞা পৰিয়ালৰ “ৰাজধৰ’’ৰ পুত্ৰ আছিল সূৰ্যবৰ৷ নিঃসন্তান ৰাজধৰে সূৰ্যক আৰাধনা কৰি পুত্ৰলাভ কৰিছিল বাবে সেই পুত্ৰৰ নাম সূৰ্যবৰ ৰাখিছিল৷ যৌৱন কাল পোৱাত সূৰ্যবৰৰ খেৰশুতীৰ সৈতে বিয়া হয়৷ সূৰ্যবৰৰ সৈতে বিবাহ হোৱাৰ বহুদিন পাছলৈ খেৰশুতীৰো কোনো সন্তান নোহোৱাত অনেক দান-দক্ষিণা কৰাৰ অন্তত আহিন মাহৰ এদিন যোৱাত শুক্লা দশমীত শুক্ৰবাৰে কুসুম্বৰৰ জন্ম হয়৷[4] কুসুম্বৰ যৌৱনপ্ৰাপ্ত হোৱাত অনিৰুদ্ধ আৰু সৰ্বস্বতীৰ কন্যা সত্যসন্ধাৰ সৈতে বিবাহ হয়৷ বহুদিন সন্তান হীন হৈ থকা দেখি তেওঁ শান্তি অনুষ্যতি নামে আন এগৰাকী কন্যাও বিয়া কৰাইছিল যদিও শিৱক আৰাধনা কৰাৰ পাছত সত্যসন্ধা গৰ্ভৱতী হয়[4] আৰু কাতি মাহৰ সংক্ৰান্তি, বৃহস্পতিবাৰে, পূৰ্ণিমা তিথিত শ্ৰৱণা নক্ষত্ৰত (১৩৭১ শকত) শংকৰদেৰ জন্ম হয়৷[4] শংকৰদেৱৰ জন্মৰ কিছুকাল পিছতে পিতৃ কুসুম্বৰৰ মৃত্যু হয় আৰু মাক সত্যসন্ধা স্বামীৰ সৈতে সতী হয়৷ কোনো কোনোৰ মতে শংকৰদেৱৰ জন্মৰ পোন্ধৰ দিন পাছত প্ৰসূতা ৰোগত তেওঁৰ মৃত্যু হয়৷[4]

শংকৰদেৱে বাৰ বছৰ বয়সলৈ পঢ়া-শুনা নকৰি উমলি ফুৰা বাবে খেৰশুতীয়ে এদিন কিছু খং আৰু বুজনি দি গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিছিল৷ তাৰপিছতো শংকৰদেৱৰ লৰালিকালৰ পথ-প্ৰদৰ্শকৰূপে খেৰশুতী আইৰ ভূমিকা আছিল৷ তেওঁ সূৰ্য ভূঞাৰ কন্যা সূৰ্যৱতীক শংকৰদেৱলৈ খোজা-বঢ়া কৰি বিয়া কৰাই দিছিল৷ সূৰ্যৱতীৰ মৃত্যুৰ পাছত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ গৈ উভতি অহালৈ আইতাক খেৰশুতী জীয়াই আছিল[2] আৰু তীৰ্থভ্ৰমণৰ পৰা ৰাতি উভতি অহা শংকৰদেৱৰ মাত শুনি উজুতিত আঁঠুমূৰ ভাঙি “মোৰ বাপু’’ বুলি সাৱটি ধৰিছিলহি৷[4] তেওঁ শংকৰদেৱক পুনৰবিবাহ কৰোৱাৰ বাবে জোৰ দিছিল যদিও শংকৰদেৱে সেই কথা ৰখা নাছিল৷ ইয়াৰ কিছুবছৰ পাছতে আইতাক খেৰশুতীৰ মৃত্যু হয়৷[3] পিছত জয়ন্তা, মাধব আৰু পৰিয়ালৰ আন আন সদস্যৰ অনুৰোধত অনিচ্ছাস্বত্বেও বংশ ৰক্ষাৰ বাবে তেওঁৰ দুকুৰি চৌদ্ধ বছৰ বয়সত পুনৰ কালিন্দ্ৰী আইক বিবাহ কৰায়৷

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬
  2. 2.0 2.1 2.2 বৰ্মন, শিৱনাথ (১৯৯২). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ৫৫. ISBN 978-81-7339-428-7. 
  3. 3.0 3.1 বেজবৰুৱা, লক্ষ্মীনাথ (১৯১৪ প্ৰথম প্ৰকাশ, ১৯৯৫). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৭. 
  4. 4.0 4.1 4.2 4.3 4.4 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১২,১৩,১৬,২১,২৮,২৯,.