কৃষ্ণনাথ শৰ্মা

এগৰাকী ভাৰতীয় স্বাধীনতা সেনানী


কৃষ্ণনাথ শৰ্মা (ইংৰাজী: Krishna Nath Sharma) অসমৰ যোৰহাট জিলাৰ এগৰাকী গান্ধীবাদী নেতা, সমাজ-সংস্কাৰক আৰু স্বাধীনতা সেনানী। পেচাত তেওঁ আছিল এগৰাকী অধিবক্তা।[1] যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল। [2]

কৃষ্ণনাথ শৰ্মা

মহাত্মা গান্ধীৰ সৈতে ১৯৩৪ চনৰ ১৮ এপ্ৰিল তাৰিখে নামঘৰ মুকলিৰ সময়ত কৃষ্ণনাথ শৰ্মা
জন্ম যোৰহাট, অসম
মৃত্যু যোৰহাট
পেচা সমাজ কৰ্মী, অধিবক্তা
জনা যায় সমাজ-সংস্কাৰক, গান্ধীবাদী নেতা


সংক্ষিপ্ত জীৱনী[1] সম্পাদনা কৰক

যোৰহাট সৰ্বাইবন্ধাত কৃষ্ণনাথ শৰ্মাৰ জন্ম হৈছিল। দেউতাক পেচাত এগৰাকী অধিবক্তা আৰু মাক গিৰিবালা দেৱী। শৰ্মাৰ বিদ্যাৰম্ভ হৈছিল মোখেশ্বৰ পণ্ডিতৰ তত্ত্বাৱধানতাত হেজাৰি পাঠশালাত। তাৰ পাছত তেওঁ গোবিন্দ চন্দ্ৰ বেজবৰুৱাৰ বেজবৰুৱা স্কুলত নাম লিখায় আৰু পঞ্চম শ্ৰেণীলৈকে পঢ়ে। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ গ্ৰহণী বেমাৰত পৰে আৰু অসুখৰপৰা উঠাৰ পাছত মোমায়েকৰ লগত থাকি শিৱসাগৰ চৰকাৰী বিদ্যালয়ত পঢ়ে আৰু ১৯০৮ চনত গুৱাহাটীলৈ গৈ মূল পৰীক্ষাত বহে যদিও অনুতীৰ্ণ হয়। পুনৰ আহি বেজবৰুৱা স্কুলৰপৰা পৰীক্ষা দি উৰ্ত্তীণ হয় আৰু ১৯০৯ চনত কটন কলেজত নাম লগায়। কটনৰপৰাই ১৯১১ চনত তেওঁ আই এছ চি পৰীক্ষা দিয়ে আৰু ১৯১৩ চনত বি এছ চি ডিগ্ৰী লাভ কৰে। ১৯১২ চনৰ ব’হাগ মাহত লাহিং বাগানৰ বৰ মহৰী মুক্তানাথ ফুকনৰ জীয়ৰী স্বৰ্ণলতা দেৱী[2]ৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁ কলিকতাত আইন পঢ়িবলৈ যায় আৰু তাতে প্ৰথম গোপাল কৃষ্ণ গোখলেৰ বক্তৃতা শুনে। সেই সময়তে জাৰ্মান যুদ্ধ আৰম্ভ হৈছিল। শৰ্মাই গুৱাহাটীৰ আৰ্ল ল কলেজৰপৰা ১৯১৬ চনত আইনৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল।

যোৰহাটৰ বেজবৰুৱা স্কুলত ষাঠি টকা দৰমহাত শিক্ষক ৰূপে শৰ্মাই কৰ্মজীৱন আৰম্ভ কৰে। ১৯১৭ চনত চাকৰি ইস্তফা দি যোৰহাট বাৰত অধিবক্তা ৰূপে যোগদান কৰে।

১৯১৮/১৯ চনত সত্যনাথ বৰা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বতত শিৱসাগৰত বহা অসম ৰাজনৈতিক সন্মিলন আৰু অসম সাহিত্য সভাৰ অধিৱেশনলৈ কৃষ্ণ শৰ্মাই নিমন্ত্ৰণ পাইছিল।

ইতিমধ্যে ভাৰতত অসহযোগ আন্দোলনৰ ঢৌ আৰম্ভ হৈছিল আৰু মহাত্মাক গুৰু মানি শৰ্মাও এই আন্দোলনৰ অংশীদাৰ হৈছিল। যোৰহাটত গঠন হোৱা জিলা সমিতিৰ তেওঁ সম্পাদক আছিল আৰু কংগ্ৰেছত সভ্য ভৰ্তি, ফাণ্ডৰ টকা সংগ্ৰহ আদি কাম কৰিছিল। শৰ্মাই সৰ্বাইবন্ধাত এটা গাঁৱলীয়া কো-অপাৰেটিভ বেংক স্থাপন কৰিছিল। তেওঁ কানি নিবাৰণ আন্দোলনৰো সক্ৰিয় কৰ্মী আছিল আৰু ‘অসম কংগ্ৰেছ কানি তদন্ত কমিটী’ৰ সভ্য আছিল। শৰ্মা অসম খাদী বোৰ্ডৰো কৰ্মী আছিল আৰু সুদীৰ্ঘ এবছৰ কাল যোৰহাট জে’লত ৰাজনৈতিক বন্দী ৰূপে ফাটেক খাটিছিল।

১৯২৩ চনত শৰ্মাই কুলধৰ চলিহা আৰু ৰোহিণীকান্ত হাতীবৰুৱাৰ লগ হৈ যোৰহাট নগৰত ‘প্ৰাদেশীক খাদী আৰু শিল্প প্ৰদৰ্শনী’ৰ আয়োজন কৰিছিল। তেওঁ ‘নিখিল ভাৰত শিপিনী সংঘ’ৰ হৈ কাম কৰাৰ উপৰিও ১৯৩৪ চনৰ ফেব্ৰুৱাৰী মাহত যোৰহাটত স্থাপিত হোৱা ‘অস্পৃশ্যতা বৰ্জন সংঘ’ৰ সম্পাদক আছিল। হৰিজন সেৱক সঙ্ঘৰ হৈ সমগ্ৰ ভাৰত ভ্ৰমণ কৰা মহাত্মা গান্ধী ১৯৩৪ চনৰ ১৫ এপ্ৰিল তাৰিখে যোৰহাটলৈ আহিছিল আৰু ১৮ এপ্ৰিল তাৰিখে শৰ্মাৰ ঘৰলৈ আহি তেওঁলোকৰ ব্যক্তিগত নামঘৰটি হৰিজনসকলৰ বাবে মুকলি কৰিছিল। অস্পৃশ্যতা দূৰীকৰণ আন্দোলনত ই আছিল এক যুগান্তকাৰী পদক্ষেপ। [2] শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল।[2]

গান্ধী তেওঁৰ জীৱনকালত, ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত চাৰিবাৰ অসম ভ্ৰমণলৈ আহিছিল। ১৯৪৬ চনত শেহবাৰৰ বাবে গুৱাহাটীত কস্তুৰবা গান্ধী আশ্ৰম স্থাপন কৰিবলৈ তেওঁ অসমলৈ আহিছিল।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 কৃষ্ণনাথ শৰ্মা (জুন, ২০২০ (শেহতীয়া সংস্কৰণ)). কৃষ্ণ শৰ্মাৰ ডায়েৰী. অসম প্ৰকাশন পৰিষদ. 
  2. 2.0 2.1 2.2 2.3 2.4 Tora Agarwala (3 October, 2019). "This Naamghar in Assam’s Jorhat marked an epochal moment in Mahatma Gandhi’s fight against untouchability". https://indianexpress.com/. https://indianexpress.com/article/north-east-india/this-naamghar-in-assams-jorhat-marked-an-epochal-moment-in-mahatma-gandhis-fight-against-untouchability-6044966/। আহৰণ কৰা হৈছে: 2 October 2021.