কৃষ্ণ ভূঞা

আৱাহন যুগৰ গল্পকাৰ

কৃষ্ণ ভূঞা অসমৰ এগৰাকী গল্পকাৰ৷[1] তেখেত আৱাহন যুগৰ প্ৰধান গল্পকাৰসকলৰ মাজৰ এজন আছিল৷

কৃষ্ণ ভূঞা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় গল্পকাৰ

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম ১৯১৪ চনত, যোৰহাট চহৰত। পিতৃ নৰেন্দ্ৰ নাথ ভূঞা, তেখেত আছিল চৰকাৰী হাইস্কুলৰ শিক্ষক। মাতৃৰ নাম ধনদা ভূঞা।

শিক্ষা সম্পাদনা কৰক

  • ১৯৩২ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
  • আই এ– যোৰহাট কলেজ, ১৯৩৪
  • বি এ- কটন কলেজ
  • এম এ- কলিকতা বিশ্ববিদ্যালয়

জীৱিকা সম্পাদনা কৰক

চৰকাৰী চাকৰি। সমবায় বিভাগৰ যুটীয়া পঞ্জীয়ক হিচাপে অৱসৰ গ্ৰহণ। ৷[2]

বিবাহ সম্পাদনা কৰক

যোৰহাটৰ স্বৰ্গীয় যোগেশ্বৰ দুৱৰাৰ প্ৰথমা কন্যা শ্ৰীমতী আশালতা ভূঞাৰ সৈতে ১৯৪৪ চনত বিবাহ পাশত আবদ্ধ হয়। ৷[3]

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • ৰামধেনুৰ ৰং (গল্প সংকলন, ১৯৬২)
  • উত্তৰ মেঘ (উপন্যাস, ১৯৮৪),
  • ফুল আৰু জাবৰ (গল্প সংকলন, ১৯৮৮)
  • বিয়া যাৰ নহ'ল (গল্প' সংকলন)
  • নাম স্থিৰ নোহোৱা ষোল্লটা গল্পৰ এটা সংকলন
  • ধনেশ্বৰ চফতহঁতৰ বাবে (উপন্যাস)

অপ্ৰকাশিত পাণ্ডুলিপি সম্পাদনা কৰক

  • অংকীয়া নাটিকা পাঁচখন, অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত
  • হালধীয়া চৰাই (কবিতাৰ সংকলন)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সূত্ৰধাৰ আলোচনী, সম্পাদনা- হোমেন বৰগোহাঞি, ১-১৫ জুন, ১৯৯০
  2. সূত্ৰধাৰ আলোচনী, সম্পাদনা- হোমেন বৰগোহাঞি, ১-১৫ জুন, ১৯৯০
  3. সূত্ৰধাৰ আলোচনী, সম্পাদনা- হোমেন বৰগোহাঞি, ১-১৫ জুন, ১৯৯০