হাল কেওঁট: হাল কেওঁট সকল মূলতঃ আৰ্য্য গোষ্ঠীৰ লোক। এওঁলোক কৃষিৰ লগত জড়িত অসমৰ এটি প্ৰাচীন সম্প্ৰদায়। এওঁলোক মূলতে ক্ষত্ৰিয় যদিও পিছত বৈশ্যৰ দৰে কৃষি কাৰ্য্যত জড়িত হ'বলৈ ল'লে। এওঁলোকৰ উৎপত্তিৰ লগত জড়িত ৰামায়ণকেন্দ্ৰীক এক কিংবদন্তি আছে। ৰজা জনকে এবাৰ যজ্ঞৰ আগত হাল হাতত লৈ মাটি চহাইছিল। তেওঁৰ লগত তেওঁৰ ৰাজ্যৰ বহুসংখ্য ক্ষত্ৰিয়ইও হাতত হাল তুলি ল'লে, একাংশই পিছত প্ৰশাসনিক কাম-কাজৰ সলনি কৃষি কাৰ্য্যত জড়িত হ'বলৈ ল'লে আৰু সেইসকলে কালক্ৰমত হাল ক্ষত্ৰিয় নামে জনাজাত হ'ল। পিছত ক্ষত্ৰিয়ৰঅপভ্ৰংশ হৈ ক্ষত আৰু ক্ষতৰ পৰা কেওঁট হ'ল। অসমৰ সমাজ ব্যৱস্থাত এওঁলোকৰ স্থান কলিতাসকলৰ সত্যে সমপৰ্যায়ৰ । এওঁলোকৰ মাজত বিভিন্ন উপাধি যেনে- হালৈ, ডেকা, বৰা, দাস, তালুকদাৰ, হাজৰিকা, নেওগ, শইকীয়া দেখিবলৈ পোৱা যায়। [উদ্ধৃতিৰ প্ৰয়োজন]

জালোৱা কেওঁট: এওঁলোক হ'ল অষ্ট্ৰি-দ্ৰাৱিড় মুলৰ এটা জনগোৰ্ষ্ঠী। পুৰনি কালৰে পৰা এই জনগোষ্ঠীৰ লোকে দাস, হুজুৰী, নায়ক, কৈৱৰ্ত, কেওত, ভৰালি, পাঠক, হাজৰিকা আদি উপাধি লিখি আহিছে। এওঁলোক নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদী, বিলৰ আশে পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ, বুকিয়া, বৰগাছা আদি ঠাইত এওঁলোকৰ বসতি এসময়ত বেছিকৈ পোৱা গৈছিল। কিন্ত বানপানীৰ কাৰণে তেওঁলোকে পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ মিৰ্জা, ৰামপুৰ, কুকুৰমাৰা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী,তামোলপুৰ, বৰপেতা আৰু বজালী জিলা আদি ঠাইত জালোৱা কেওঁট লোকসকলৰ বসতি দেখা যায়। জালোৱা কেওঁট সকলৰ মাজত দ্ৰাবিড়-অষ্ট্ৰিক, (কম পৰিমাণে মংগোলীয়) লগত সংমিশ্ৰণ হৈছিল আৰু অষ্ট্ৰ-দ্ৰাৱিড় লক্ষণ আটাইতকৈ বেছি বিৰাজমান। জাল কেওঁট সম্প্ৰদায়ৰ লোক বা জনগোষ্ঠী অসম,পশ্চিমবঙ্গ, উড়িষ্যা আদি ঠাইৰ খিলঞ্জীয়া লোক। পুৰনি কালৰে পৰা নিজৰ মুল পৰিছয়, কৃষ্টি, জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰি থাকিল তেওঁলোক হ'ল জাল কেওঁট-কৈৱৰ্ত। [উদ্ধৃতিৰ প্ৰয়োজন]