কেকী অধিকাৰী

নেপালী অভিনেত্ৰী

কেকী অধিকাৰী (নেপালী: केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী।[2] তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল। তেওঁৰ অভিনীত প্ৰথমখন ছবি আছিল স্বৰ, য'ত তেওঁ অভিনেতা ৰাজ বল্লভ কৈৰালাৰ বিপৰীতে অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আই এম ছৰী, মাছান,[3] মায়াকো বাৰীমা, মহছুছ, বিতেকা পল[4] আৰু মেৰো বেষ্ট ফ্ৰেণ্ডৰ দৰে ছবিসমূহত অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰে।[5] শেহতীয়াকৈ তেওঁ সাহিত্যিক তথা গৱেষক সত্যমোহন জোশীৰ দ্বাৰা ৰচিত ঐতিহাসিক নাট চাৰুমতীত অভিনয়েৰে থিয়েটাৰ জগততো আত্মপ্ৰকাশ কৰে।[6]

কেকী অধিকাৰী
केकी अधिकारी

২০১৮ চনত ৰাজ্জা ৰাণীৰ প্ৰচাৰ অনুষ্ঠানত কেকি অধিকাৰী
জন্ম ১৭ ডিচেম্বৰ, ১৯৮৮ (৩৫ বছৰ)
জোৰপাটি, কাঠমাণ্ডু, নেপাল
ৰাষ্ট্ৰীয়তা নেপালী
শিক্ষা বাল সৃজনালয় বিদ্যালয়
হোৱাইট হাউছ কলেজ (+২)
প্ৰাইম কলেজ (বি আই এম)
প্ৰেচিডেন্সিয়েল বিজনেছ স্কুল (এম বি এ)
পেচা অভিনেত্ৰী
উচ্চতা ১.৫২ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী ৰোহিত তিৱাৰী (২০২২-বৰ্তমান)[1]
বঁটা, সন্মান, পুৰস্কাৰ আদি ৭ম নেফটা বঁটা
১ম চি জি কামনা বঁটা
ডি চিনে বঁটা (২০১৪)

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

২০২২ চনৰ ২১ এপ্ৰিল তাৰিখে, অধিকাৰীয়ে প্ৰেমিক ৰোহিত তিৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]

২০১৬ চনত কেকি অধিকাৰীয়ে কাঠমাণ্ডু জিলাৰ বানেশ্বৰৰ থাপাগাঁৱত অৱস্থিত প্ৰেচিডেন্সিয়েল বিজনেছ স্কুলৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত এম বি এ ডিগ্ৰী লাভ কৰে।[7] তেওঁ ২০১৩ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায়ত স্নাতক ডিগ্ৰী আৰু প্ৰাইম কলেজৰ পৰা ইনফৰ্মেশ্যন মেনেজমেণ্ট (বি আই এম)ত স্নাতক ডিগ্ৰী লাভ কৰে।[8]

চলচ্চিত্ৰপুঞ্জী

সম্পাদনা কৰক
  এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে
Films
বৰ্ষ চলচ্চিত্ৰ ভূমিকা টোকা তথ্যসূত্ৰ
২০১০ স্বৰ ৰাজবল্লভ কৈৰালাৰ বিপৰীতে
২০১১ মাছান হেলেন গোপাল প্ৰসাদ ৰিমলৰ নাটকৰ ওপৰত আধাৰিত
২০১২ আই এম ছৰী শ্ৰুতি আৰ্যন চিগডেলৰ বিপৰীতে
২০১৩ মহছুছ আৰ্যন চিগডেলৰ বিপৰীতে
২০১৪ বিতেকা পল নীমা/নুমা পৰিচালক সুৰজ চুব্বা নল্বো
২০১৪ মেৰো বেষ্ট ফ্ৰেইণ্ড বিশেষ উপস্থিতি
২০১৪ শ্ৰী পাচ আম্বাৰে সৌগাত মাল্লাৰ বিপৰীতে
২০১৪ মুটু-দ্য হাৰ্ট বিলংচ্ টু ইউ বিমলেশ অধিকাৰীৰ বিপৰীতে
২০১৫ ফাংকো মিঠু
২০১৫ বাগমতী
২০১৫ পুনৰ্জন্ম
২০১৬ ভাগ চানী ভাগ চানী
২০১৬ হাউ ফানী পুষ্পা
২০১৬ সাবিত্ৰী সাবিত্ৰী ভৱানী ভিক্ষু ৰচিত টাইপিষ্টৰ আধাৰত নিৰ্মিত চুটি ছবি
২০১৭ ঘামপানী [9]
২০১৭ লালটিন
২০১৭ ঐশৰ্য
২০১৭ লাভ সাশ্বা সাশ্বা কৰ্ম প্ৰেম কাহিনী ৰোমাঞ্চ ধাৰাৰ বিপৰীতে
২০১৮ ৰাজ্জা ৰাণী ৰাণী নাজিৰ হুছেইনৰ বিপৰীতে
২০১৮ গাওঁকী ছ'ৰী
২০১৮ নাই নভন্নু লা ৫ [10]
২০১৮ কোহলপুৰ এক্সপ্ৰেছ লগতে এগৰাকী প্ৰযোজকো
২০১৯ ছ মায়া ছপক্বাই জাল দিপক ৰাজ গিৰিৰ বিপৰীতে
২০২২ ঝিংগেদাউ সীতা [11]
২০২৪ ব'ক্সী কো ঘৰ [12][13]
বঁটাসমূহৰ তালিকা
বৰ্ষ অনুষ্ঠান শিতান কৰ্ম ফলাফল
২০১৬ ৮ম ডিচিনে বঁটা ২০১৬ সমালোচকৰ বঁটা বিজয়ী[14]
২০১৬ এনএফডিচি বঁটা ২০১৬ শ্ৰেষ্ঠ অভিনেত্ৰী ভাগ চানী ভাগ মনোনীত[15]
২০১৬ এলজি চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী ভাগ চানী ভাগ মনোনীত[16]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Actress Keki Adhikari ties nuptial knot". The Rising Nepal. 2022-04-22. https://www.risingnepaldaily.com/news/10328। আহৰণ কৰা হৈছে: 2022-08-14. 
  2. "Keki Adhikari – Nepaliactress.com". Nepaliactress.com. 11 June 2017. http://nepaliactress.com/tag/keki-adhikari/। আহৰণ কৰা হৈছে: 26 November 2017. 
  3. "A new taste". The Himalayan Times. 4 November 2011. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714215708/http://www.thehimalayantimes.com/fullNews.php?headline=A+new+taste&NewsID=308040। আহৰণ কৰা হৈছে: 4 June 2014. 
  4. "Biteka Pal – Music Video". //www.youtube.com/watch?v=-S3CoveVeMM। আহৰণ কৰা হৈছে: 26 November 2017. 
  5. "Music Video – Mero Best Friend". Keki.info. http://keki.info/tag/mero-best-friend/। আহৰণ কৰা হৈছে: 4 June 2014. 
  6. Anand Nepal (27 February 2014). "Keki Adhikari to be featured as Charumati in her debut play". Xnepali.net. http://xnepali.net/movies/keki-adhikari-to-be-featured-as-charumati-in-her-debut-play/। আহৰণ কৰা হৈছে: 26 November 2017. 
  7. Anand Nepal (31 July 2016). "Keki Adhikari graduates with an MBA degree". xnepali.net. http://xnepali.net/movies/keki-adhikari-graduates-with-a-mba-degree/। আহৰণ কৰা হৈছে: 26 November 2017. 
  8. "keki-work-with-Nitin-Chand/". keki.info. https://www.youtube.com/watch?v=qECdN9tj134&pp=ygUZbml0aW4gY2hhbmQga2VraSBhZGhpa2FyaQ%3D%3D। আহৰণ কৰা হৈছে: 26 November 2017. [সংযোগবিহীন উৎস]
  9. Mahat, Sunny (2021-09-06). "Movie Review | Ghampani: A not-to-miss social drama" (en ভাষাত). The Annapurna Express. https://theannapurnaexpress.com/news/movie-review-ghampani-a-not-to-miss-social-drama-3589। আহৰণ কৰা হৈছে: 2022-08-14. 
  10. Pyakurel, Diwakar (2018-08-26). "Nai Nabhannu La 5 movie review: A beautiful love story kills its own crux" (en-GB ভাষাত). Online Khabar. https://english.onlinekhabar.com/nai-nabhannu-la-5-movie-review-a-beautiful-love-story-kills-its-own-crux.html। আহৰণ কৰা হৈছে: 2022-08-14. 
  11. "नेपाल ग्रामीण चलचित्र महोत्सवमा 'झिंगेदाउ' उत्कृष्ट फिल्म, मुकुन र दीया उत्कृष्ट अभिनेता-अभिनेत्री" (ne ভাষাত). Setopati. 2023-06-11. https://www.setopati.com/art/art-activity/304398/। আহৰণ কৰা হৈছে: 2023-06-27. 
  12. Ghimire, Anish (2024-05-01). "Uncomfortable truths" (English ভাষাত). The Kathmandu Post. https://kathmandupost.com/movie-review/2024/05/01/uncomfortable-truths। আহৰণ কৰা হৈছে: 2024-05-02. 
  13. मोक्तान, रीना (2024-04-02). "केकीकै लागि बनेको 'बोक्सीको घर'" (ne ভাষাত). Kantipur Publications. https://ekantipur.com/entertainment/2024/04/02/a-witchs-house-made-for-cake-28-06.html। আহৰণ কৰা হৈছে: 2024-04-27. 
  14. "आर्यन र नम्रता फेरि उत्कृष्ट, 'क्लासिक' बर्षकै उत्कृष्ट चलचित्र(फोटाे फिचरसहित)". August 2016. http://www.onlinekhabar.com/2016/08/465821/। আহৰণ কৰা হৈছে: 26 November 2017. 
  15. "क्लासिक र प्रेमगीतको चर्को भिडन्त, 'पशुपति प्रसाद र कबड्डी कबड्डी' पनि कम छैनन्". August 2016. http://www.onlinekhabar.com/2016/08/464400/। আহৰণ কৰা হৈছে: 26 November 2017. 
  16. "डीसीको अवार्डमा नम्रतादेखि साम्राज्ञीको प्रतिस्पर्धा, मनोनयमा ५ फिल्मको वर्चस्व". August 2016. http://www.onlinekhabar.com/2016/08/472724/। আহৰণ কৰা হৈছে: 26 November 2017.