দ্য কেণ্টাৰবেৰি টেলছ (ইংৰাজীঃ The Canterbury Tales) হৈছে চৌব্বিছটা কাহিনীৰ সংকলন। ১৩৮৭ চনৰ পৰা ১৪০০ চনৰ ভিতৰত জেফ্ৰী চ'ছাৰৰ দ্বাৰা মধ্য ইংৰাজী ভাষাত লিখিত কাহিনীভাগ ১৭,০০০ শাৰীৰো অধিক।[1] গ্ৰন্থখনক চ'ছাৰৰ মহান ৰচনা হিচাপে গণ্য কৰা হয়। কাহিনীবোৰৰ অধিকাংশ পদ্যত লিখা আৰু কিছুমান গদ্যত আছে। কেণ্টাৰবেৰিৰ কাহিনীভাগ কেথেড্ৰেলৰ ছেইণ্ট থমাছ বেকেট মন্দিৰ দৰ্শন কৰিবলৈ লণ্ডনৰ পৰা কেণ্টাৰবেৰিলৈ একেলগে ভ্ৰমণ কৰাৰ সময়ত তীৰ্থযাত্ৰীৰ এটা গোটৰ দ্বাৰা কাহিনী কথনৰ প্ৰতিযোগিতাৰ অংশ হিচাপে উপস্থাপন কৰা হৈছে। এই প্ৰতিযোগিতাৰ পুৰস্কাৰ হৈছে তেওঁলোক উভতি অহাৰ পিছত চাউথৱাৰ্ক টাবাৰ্ড ইনত বিনামূলীয়া আহাৰ॥[2]

১৪৮৩ চনত উইলিয়াম ক্যাক্সটনৰ দ্বাৰা মুদ্ৰিত কেণ্টাৰবেৰি টেলছৰ দ্বিতীয় সংস্কৰণৰ পৰা সংগৃহীত এটি কাঠৰ টুকৰা

ইংৰাজী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কাব্য-গ্ৰন্থ বুলি পৰিগণিত এই কাব্যখন তীৰ্থযাত্ৰীসকলৰ দ্বাৰা বিৱৰিত কাহিনীৰ সংগ্ৰহ। মধ্যযুগৰ ইংৰাজী সমাজখনৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন বৃত্তিৰ সৈতে জড়িত ত্ৰিছগৰাকী তীৰ্থযাত্ৰীৰ বৰ্ণনাসম্বলিত পাতনি বা মুখবন্ধত চ'ছাৰে কাব্যখনৰ সামগ্ৰিক পৰিকল্পনাৰ আভাস দিছে। সেই অনুসৰি প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে কেণ্টাৰবেৰিলৈ যাওঁতে দুটা, আহোঁতে দুটা, মুঠ চাৰিটাকৈ কাহিনী কোৱাৰ কথা। পিছে অসম্পূৰ্ণ কাব্যখনিত মুঠতে ২৪টা কাহিনীহে আছে।[3]

ফৰাচী, ইটালীয় বা লেটিন ভাষাৰ স্থানত মূলসুঁতিৰ সাহিত্যত থলুৱা ইংৰাজী ভাষাৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ইংৰাজী সাহিত্যত দ্য কেণ্টাৰবেৰি টেলছ সৰ্বশ্ৰেষ্ঠ অৱদান হিচাপে স্বীকৃত।

বিষয়বস্তু আৰু কাহিনীৰ সংক্ষিপ্ত আভাস

সম্পাদনা কৰক

কেণ্টাৰবেৰিলৈ যাবলৈ বিভিন্ন ঠাইৰ বিভিন্ন বৃত্তিৰ তীৰ্থযাত্ৰীসকল ছাউথৱৰ্ক নামৰ ঠাইৰ টেবাৰ্ড নামৰ চৰাইখানা এটাত গোট খায়। চৰাইখানাৰ গৰাকীয়ে তেওঁলোকৰ পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিবলৈ গাত লয়। তেওঁ কয় যে বাটৰ ক্লান্তি আঁতৰাবলৈ প্ৰতিজনে কাহিনী ক'ব লাগিব। শ্ৰেষ্ঠ কাহিনী কওঁতাক তেওঁ পুৰস্কৃত কৰিব। তাৰ পাছত কাহিনীকথন আৰম্ভ হয়। কাহিনীবোৰ বিভিন্ন ধৰণৰ। চ'ছাৰে লোকসংস্কৃতি, বিভিন্ন সমাজত প্ৰচলিত সাধুকথা, বিভিন্ন গ্ৰন্থত বৰ্ণিত কাহিনী আদি উৎসৰ পৰা তেওঁৰ কাহিনীবোৰৰ সমল গোটাইছে। তীৰ্থযাত্ৰীসকলে তেওঁলোকৰ প্ৰকৃতিৰ আৰু বৃত্তিৰ সৈতে খাপখোৱা কাহিনীবোৰ কৈ যাওঁতে হাস্য, ব্যঙ্গ, নীতিশিক্ষা আদিৰ সমাৱেশ ঘটাইছে। মানৱচৰিত্ৰ আৰু মানুহৰ সমাজখনৰ বৈচিত্ৰ্যময় দিশবোৰ কাহিনীৰ মাজেৰে উন্মোচিত হৈছে। কিছুমান কাহিনী প্ৰচলিত সাধুকথাৰ পুনৰকথন। কিছুমান সমাজত প্ৰচলিত যৌন ব্যভিচাৰৰ হাস্যৰসাত্মক, বুদ্ধিদীপ্ত বিৱৰণ। কিছুমান সাধু-সন্তৰ জীৱন আৰু শিকনি সম্পৰ্কীয়, কিছুমান ৰূপকধৰ্মী, কিছুমান কেৰল মনোৰঞ্জনধৰ্মী আৰু বিমল হাস্যৰসেৰে পৰিপূৰ্ণ। কেইটামান সাধু বা কাহিনী অসম্পূৰ্ণ। কেইটিমান বেয়া আৰু আমনিদায়ক হোৱা বুলি চৰাইখানাৰ গৰাকীয়ে মাজতে ৰখাই দিয়া বাবে অসম্পূৰ্ণ। ঐহিক জগতখনৰ ৰং-ৰহইছ, দুখ-বেদনাৰ সৈতে পাৰমাৰ্থিক জগতখনৰ মুক্তিৰ হেঁপাহৰ সম্পৰ্ক দেখুৱাবলৈ যাওঁতে তেওঁৰ এই মহৎ কাব্যত সেই সময়ৰ ইংলেণ্ডৰ বৰ্ণাঢ্য সমাজ আৰু ব্যক্তি জীৱনৰ বিশ্বাসযোগ্য চিত্ৰ আঁকিছে। শব্দচয়ন আৰু ছন্দৰ কৌশলী প্ৰয়োগত অভিনবত্ব থকা কাব্যখনত চছাৰৰ বিমল আৰু বুদ্ধিদীপ্ত হাস্যৰসৰ পৰিচয় পোৱা যায়।[3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Encyclopedia Britannica". 5 July 2023. https://www.britannica.com/topic/The-Canterbury-Tales. 
  2. William Buck & Van Nooten 2000, "vinoth" p.xiii
  3. 3.0 3.1 মদন শৰ্মা, সম্পা. (২০০৩) বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.১৫৬ ক