কেলি গোপাল
কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷
কাহিনী
সম্পাদনা কৰককেলি গোপালৰ মূল বিষয়বস্তু ভাগৱতৰ পৰা লোৱা হৈছে৷[1] অৱশ্যে নাটখনিৰ কাহিনীভাগ হৰিবংশ, বিষ্ণুপৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণতো থকা দেখা যায়৷[2] কেলি গোপাল নাটখনিত ৩৬টা গীত সংযোজন কৰা হৈছে৷[3] শৰতৰ পূৰ্ণিমা ৰাতি যমুনা নৈৰ পাৰত কৃষ্ণ আৰু বৃন্দাবনৰ গোপীকাৰ ৰাস নৃত্যই এই নাটৰ মূল উপজীব্য৷ শৰত কালৰ ৰাতি যমুনাৰ পাৰত কৃষ্ণৰ বাঁহীৰ সুৰ শুনি গোপীসকলে নিজৰ স্বামী, পুত্ৰ সকলোকে এৰি বৃন্দাবনলৈ লৱৰি আহে৷ কৃষ্ণই তেওঁৰ প্ৰতি ভক্তিৰ উমান ল’বলৈ, নানা বুজনিৰে গোপীসকলক উভতি যাবলৈ কয়৷ কিন্তু সকলো বুজনি অমান্য কৰি কৃষ্ণতে মন-প্ৰাণ সঁপি দি কৃষ্ণক বেঢ়ি ধৰি নৃত্য কৰিবলৈ ধৰে৷ তেনেতে, শংখচূড়ৰ প্ৰৱেশ ঘটে৷ অৱশ্যে নাট্যকাৰে কাহিনীত উত্তেজনা বৃদ্ধি কৰিবলৈহে কৌশলগতাভাৱে শংখচূড়ক প্ৰৱেশ কৰোৱাইছে৷ নাটত গোপীসকলৰ কৃষ্ণপ্ৰাপ্তিত অহংকাৰ হয় আৰু কৃষ্ণই সেই অহংকাৰ চূৰ্ণ কৰে৷ এসময়ত ৰাধা নামৰ এগৰাকী গোপীক লৈ কৃষ্ণ অন্তৰ্ধান হয় আৰু বাকীসকল গোপীয়ে “হা কৃষ্ণ হা কৃষ্ণ’’ বুলি হাঁহাকাৰ কৰে৷ পিছত তেওঁলোকে উপলব্ধি কৰে যে, কায়িক প্ৰেমেৰে নহয় আধাত্ম্য প্ৰেমেৰে সুঁৱৰিলেহে কৃষ্ণ প্ৰাপ্তি হয়৷ আৰু শেষত “যত গোপী তত কৃষ্ণ’’ হৈ ৰাস নৃত্যত সকলো মগ্ন হয়৷[2]
চৰিত্ৰ
সম্পাদনা কৰককেলি গোপাল নাট নাট্যশাস্ত্ৰত বৰ্ণিত “হল্লী’’ৰ আৰ্হিত শংকৰদেৱে সৃষ্ঠি কৰিছিল৷ হল্লীশ এটা অংকৰ, এজন শক্তিমন্ত পুৰুষক নায়কৰূপে চিত্ৰিত কৰা হয় আৰু আঠ-দহগৰাকী নাৰী চৰিত্ৰ থাকে৷ নানা প্ৰকাৰৰ ৰাগ-তাল আদিৰ যোগেৰে নৃত্য কৰে৷ হৰিবংশত শ্ৰীকৃষ্ণই নাৰীসকলৰ সৈতে কৰা নৃত্য আৰু কেলি গোপালৰ নৃত্য একে৷[4] কেলি গোপাল নাটত প্ৰধান চৰিত্ৰ তিনিটা৷ কৃষ্ণ, ৰাধা আৰু শংখচূড়৷ কৃষ্ণ কেন্দ্ৰীয় চৰিত্ৰ৷ বাকী গোপীসকল সামূহিক চৰিত্ৰ৷[5]
ৰস
সম্পাদনা কৰকঅংকীয়া নাটত নৱৰসৰ সমাহাৰ দেখা যায় যদিও ই প্ৰধানকৈ কৃষ্ণৰ মাহাত্ম্য প্ৰকাশক৷ সহজ সৰল দৰ্শকক মনোৰঞ্জনৰ যোগেৰে হৰিৰ মাহত্ম্য প্ৰকাশ কৰি ভক্তি ৰসত আপ্লুত কৰাই আছিল শংকৰদেৱৰ নাট ৰচনাৰ উদ্দেশ্য৷ কেলি গোপাল নাটত ঘাইকৈ শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায় যদিও ইয়াক ভক্তিৰসৰ এক সুঁতি হিচাপেহে তুলি ধৰা হৈছে৷ নাটখনিত শৃংগাৰ ৰস, সম্ভোগ ৰস, বিপ্ৰলম্ভ ৰস, বীৰ ৰস, অদ্ভুত ৰস, শান্ত ৰস আৰু সবাৰো ওপৰত ভক্তি ৰস প্ৰকাশ পাইছে৷।[6]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ দেৱগোস্বামী, ড° কেশৱানন্দ (১৯৯৯). অঙ্কমালা. বনলতা. পৃষ্ঠা. ২২.
- ↑ 2.0 2.1 "কেলিগোপাল নাট". https://satirtha.in/%E0%A6%95%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%9F/। আহৰণ কৰা হৈছে: 5 September 2024.
- ↑ হাজৰিকা, অতুল চন্দ্ৰ (১৯৯৫). মঞ্চলেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৫.
- ↑ [কে-২ "কেলি গোপাল নাট"]. কে-২। আহৰণ কৰা হৈছে: 7 September 2024.
- ↑ "অংকীয়া নাট-কেলি গোপাল". https://www.asomiyavaunasanskriti.com/2021/03/keligopal-naat-ankiya-bhaona.html। আহৰণ কৰা হৈছে: 6 September 2024.
- ↑ "কেলি গোপাল নাটত ৰস". https://www.asomiyavaunasanskriti.com/2021/03/keligopal-naat-ankiya-bhaona.html। আহৰণ কৰা হৈছে: 7 September 2024.