কীৰ্তন-ঘোষা

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কাব্য
(কীৰ্তনৰ পৰা পুনঃনিৰ্দেশিত)

কীৰ্তন-ঘোষা হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়[1]

কীৰ্তন  
Kirtan.jpg
কীৰ্তন আৰু নামঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় ধৰ্ম গ্ৰন্থ
প্ৰকাৰ বৈষ্ণৱ সাহিত্য

প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল। কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱএ তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।

ইতিহাসসম্পাদনা কৰক

চৰিত পুথিৰ মতে জগদীশ মিশ্ৰৰ পৰা শ্ৰীধৰী টীকা সম্বলিত 'ভাগৱত' গ্ৰন্থ পোৱাৰ আগতেই শঙ্কৰদেৱে কীৰ্তন ৰচনা কৰিবলৈ লয়[2]। গুৰুজনাৰ জীৱনকালত কীৰ্তনৰ বিভিন্ন খণ্ড বৰদোৱাৰ পৰা কোচবিহাৰলৈকে বেলেগ বেলেগ ঠাইত পৃথক পুথিৰূপে প্ৰচলিত আছিল। শঙ্কৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে সেইবোৰ সংগ্ৰহ কৰি এখন সুকীয়া গ্ৰন্থত পৰিণত কৰে[2]

শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ড মহেশ্বৰ নেওগদেৱে শংকৰী সাহিত্যৰ এটি কালানুপাত বিভাজন কৰিছে[3]। তেখেতৰ মতে খণ্ডবোৰৰ ৰচনাকাল এনেধৰণৰ-

  1. আদি বা বাৰভূঞা ৰাজ্যত কটোৱা কাল (১৪৩৮ শকলৈকে): এই সময়ত শঙ্কৰদেৱে হৰমোহন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলন আদি ৰচনা কৰে।
  2. মধ্য বা অসম ৰাজ্যত কটোৱা কাল (১৪৩৮ৰ পৰা ১৪৬৫ শকলৈকে): এই সময়ছোৱাত শঙ্কৰদেৱে পাষণ্ড মৰ্দন, নাম-অপৰাধ, শিশুলীলা আদি খণ্ড ৰচনা কৰে।
  3. শেষ বা কোচ ৰাজ্যত কটোৱা কাল (১৪৬৫ৰ পৰা ১৪৯০ শক): এই সময়ত জৰাসন্ধ বধ, কালযবন বধ, স্যামন্তক হৰণ আদি ৰচনা কৰে।

অধ্যায়সমূহসম্পাদনা কৰক

কীৰ্তন ঘোষাত শঙ্কৰদেৱৰদ্বাৰা ৰচিত ২৭টা অধ্যায় সন্নিৱিষ্ট হৈছে। প্ৰকাশিত পুথিত থকা বাকীকেইটা ক্ৰমে ৰত্নাকৰ কন্দলি, শ্ৰীধৰ কন্দলি আৰু মাধৱদেৱে ৰচনা কৰা (কোনো কোনো পণ্ডিতৰ মতে)[1]

অধ্যায়সমূহ হ’ল:

  • চতুৰ্বিংশতি অৱতাৰ বৰ্ণন
  • নাম অপৰাধ
  • পাষণ্ড মৰ্দন
  • ধ্যান বৰ্ণন
  • অজামিল উপাখ্যান
  • প্ৰহ্লাদ চৰিত,
  • গজেন্দ্ৰ উপাখ্যান
  • হৰমোহন
  • বলিছলন
  • শিশুলীলা
  • ৰাসক্ৰীড়া
  • কংস বধ
  • গোপী-উদ্ধৱ সংবাদ
  • কুঁজীৰ বাঞ্চা পূৰণ
  • অক্ৰুৰৰ বাঞ্চা পূৰণ
  • জৰাসন্ধৰ যুদ্ধ
  • কালযবন বধ
  • মুচুকুন্দৰ স্তুতি
  • স্যামন্তক হৰণ
  • নাৰদৰ কৃষ্ণ দৰ্শন
  • বিপ্ৰ পুত্ৰ আনয়ণ
  • বিপ্ৰ দামোদৰ আখ্যান
  • দৈৱকীৰ পুত্ৰ আনয়ণ
  • বেদস্তুতি
  • কৃষ্ণলীলা মালা
  • শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ
  • উৰেষা বৰ্ণন
  • ভাগৱতৰ তাৎপৰ্য্য

বিষয়বস্তু আৰু আধাৰ গ্ৰন্থসম্পাদনা কৰক

কীৰ্তনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি খণ্ডবোৰক তিনি ভাগত ভাগ কৰা হৈছে[4]

  1. লীলা বিষয়ক
  2. লীলাহীন প্ৰাৰ্থনা, তত্ত্ব আৰু ব্যৱস্থা প্ৰধান
  3. অন্য কাহিনী আৰু তীৰ্থ ব্যৱস্থা প্ৰধান

হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে মূলতঃ ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, সুত-সংহিতা, বিষ্ণু ধৰ্মোত্তৰ আগম আৰু অন্যান্য পুৰাণ-উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই গ্ৰন্থ ৰচনা কৰিছিল[2]

কীৰ্তন ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত। প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে। তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে। ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে। নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাস দিছে অজামিল উপাখ্যানত। 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত। সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত। বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে। ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে।

কোনো কোনো পণ্ডিতে কীৰ্তনক "প্ৰবন্ধগীত সংকলন" বুলি অভিহিত কৰিছে অৰ্থাৎ পৰস্পৰ সমন্ধযুক্ত গীতৰ সমষ্টি আৰু এটা গীতৰ ভাৱ স্বয়ংসম্পূৰ্ণ নহয়[4]

ৰচনা শৈলীসম্পাদনা কৰক

ভাষাসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 Barman, Sivnath (1999). An Unsung Colossus: An Introduction to the Life and Works of Sankaradeva. প্ৰকাশক Guwahati: Forum for Sankaradeva Studies. 
  2. 2.0 2.1 2.2 ড: দ্বিজেন্দ্ৰ নাথ ভকত (১৯৯৮). কীৰ্ত্তন-এক সমীক্ষাত্মক আলোচনা. প্ৰকাশক পানবজাৰ, গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১,২,৪. 
  3. ড: মহেশ্বৰ নেওগ (১৯৭০). অসমীয়া সাহিত্যৰ ৰূপ ৰেখা. চন্দ্ৰপ্ৰকাশ. পৃষ্ঠা. ৮৭. 
  4. 4.0 4.1 বাপচন্দ্ৰ মহন্ত (১৯৮৭). ঐতিহাসিক পটভূমিত মহাপুৰুষ শংকৰদেৱ. পৃষ্ঠা. ৩৩২-৩৩৩.