কে চি শিৱশংকৰণ

এগৰাকী ভাৰতীয় চিত্ৰশিল্পী

কে চি শিৱশংকৰণৰ (ইংৰাজী: Karatholuvu Chandrasekaran Sivasankaran) সম্পূৰ্ণ নাম কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ। পেচাত তেখেত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। শিশুৰ মাজত জনপ্ৰিয়, ১২টা ভাষাত প্ৰকাশিত[1] চান্দমামা (মূল: আম্বুলিমামা) কমিকচ্‌ৰ তেখেত ইলাষ্ট্ৰেটৰ আছিল। বিক্ৰম আৰু বেতাল চিৰিজৰ ছবিবোৰ আঁকি তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। চান্দমামা ডিজাইন টীমৰ তেখেত শেষৰজন জীৱিত সদস্য। ২০২০ চনৰ ২৯ ছেপ্টেম্বৰ তাৰিখে বাৰ্দ্ধক্যজনিত কাৰণত চেন্নাইত তেখেতৰ মৃত্যু হয়। তেখেতৰ জনপ্ৰিয় নাম আছিল শংকৰ।

কে চি শিৱশংকৰণ
জন্ম ১৯ জুলাই, ১৯২৪
তামিলনাডু, ভাৰত
মৃত্যু ২৯ ছেপ্টেম্বৰ, ২০২০ (৯৬ বছৰ)
চেন্নাই
নাগৰিকত্ব ভাৰতীয়
জনা যায় চিত্ৰশিল্পী
দাম্পত্যসঙ্গী গিৰিজা শিৱশংকৰণ

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

ইৰ'ডৰ কাষৰীয়া এখন গাঁৱত জন্মলাভ কৰি শংকৰে নিজৰ সৰু ভায়েকৰ সৈতে নগৰৰ কৰ্পৰেচন স্কুলত পঢ়িবলৈ গৈছিল।[2] ১৯৪২ চনত দ্বাদশ পৰীক্ষা উৰ্ত্তীণ হোৱাৰ পাছত ছবিৰ শিক্ষকে তেখেতক চৰকাৰী আৰ্ট কলেজত ভৰ্তি হ'বলৈ পৰামৰ্শ দিয়ে।[3]পাঠ্যক্ৰমৰ কিতাপৰপৰা চাই চাই জীৱনৰ প্ৰথম ছবিখন অঁকা শংকৰে ১৯৪৬ চনত আৰ্ট কলেজৰ ডিগ্ৰী লাভ কৰে আৰু ছবিকে জীৱিকা ৰূপে লৈ কলাই মংগল আলোচনীত কৰ্মজীৱনৰ পাতনি মেলে।

কৰ্মজীৱন সম্পাদনা কৰক

শংকৰে এগৰাকী কাৰ্টুনিষ্ট ৰূপে কলাই মংগল আলোচনীত কাম আৰম্ভ কৰে আৰু এইখন আলোচনীত তেখেতে পাঁচ বছৰ কাম কৰে। ১৯৫১ চনত তেখেতে চান্দমামাত যোগ দিয়ে আৰু ইয়াতে তেখেতে ৬০ বছৰ কাম কৰে।[3] ১৯৬০ চনত তেখেতে বিক্ৰম আৰু বেতাল চিৰিজৰ ছবিসমূহ অংকন কৰিবলৈ লয়। চান্দমামাত পাছত শংকৰে ৰামকৃষ্ণ বিজয়ম আলোচনীত যোগদান কৰে আৰু প্ৰায় ৯২ বছৰ বয়সলৈকে দেৱ-দেৱতাৰ ছবি আঁকি কটায়।[4]

মৃত্যু সম্পাদনা কৰক

শংকৰে তেখেতৰ পত্নী গিৰিজাৰ সৈতে চেন্নাইত স্থায়ীভাৱে বসবাস কৰিছিল। ইয়াতে ৯৭ বছৰ বয়সত তেখেতৰ মৃত্যু হয়। শংকৰ আৰু গিৰিজা পাঁচোটা সন্তানৰ পিতৃ-মাতৃ।

তথ্য সংগ্ৰহ সম্পাদনা কৰক