২৯ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
২৯ ছেপ্টেম্বৰ (ইংৰাজী: 29 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭২তম (অধিবৰ্ষত ২৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৩টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৫০ - ইণ্ডোনেছিয়াই ৰাষ্ট্ৰ সংঘৰ সদস্য পদ গ্ৰহণ কৰে ৷
- ১৯৫৯ - প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয়।
- ১৯৬২ - কলিকতাত ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয়।
- ১৯৭৭ - গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।
- ২০০২ - দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয়।
- ২০০৪ - বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয়।
- ২০১০ - অসম চৰকাৰে অসম জৈৱ বৈচিত্ৰ্য পৰিষদ গঠন কৰে।[1]
জন্ম
সম্পাদনা কৰক- ১০৬ খ্ৰীষ্টপূৰ্ব - পম্পে বা পম্পী দা গ্ৰেট (Pompey), ৰোমান সেনাপতি।
- ১৫৪৭ - ছাভেয়া মিগুৱেল ডি কাৰ্ভেণ্টিছ, স্পেইন ঔপন্যাসিক।
- ১৭২৫ - ৰবাৰ্ট ক্লাইৱ, ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক হৈছিল।
- ১৭৫৮ - হোৰেচিঅ নেলছন, ইংৰাজ নৌ সেনাধ্যক্ষ।
- ১৯২৮ - ব্ৰজেশ চন্দ্ৰ মিশ্ৰ, বৈদেশীক কূটনীতিবিদ আৰু ৰাজনেতা।
- ১৯৩০ - সত্যব্ৰত শাস্ত্ৰী, ভাৰতৰ সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি।
- ১৯৩২ - মেহমুদ, ভাৰতৰ প্ৰখ্যাত অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
- ১৯৯৮ - জাকিয়া খুদাদাদী, আফগান পেৰা-টাইকোৱানড' খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৯১৩ - ৰুডলফ ডিজেল, জাৰ্মান অভিযন্তা, তেওঁ ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল।
- ১৯২৩ - ৱাল্থাৰ পেঙ্ক (Walther Penck), জাৰ্মান ভূ-তত্ববিদ আৰু ভূ-আকৃতি বিজ্ঞানী। ভূমিক্ষয় সুত্ৰৰ বাবে জনাজাত।
- ১৯২৭ - ৱিলেম আইনথ'ভেন (Willem Einthoven), হ'লেণ্ড বা নেডাৰলেণ্ডৰ ন'বেল জয়ী চিকিৎসা বিজ্ঞানী আৰু ই ছি জিৰ (ECG) উদ্ভাৱক।
- ১৯৮১ - দেবেন্দ্ৰ নাথ আচাৰ্য, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। জংগম উপন্যাসৰ বাবে মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
- ১৯৮৭ - বিনোদিনী ৰমনভাই নীলকণ্ঠ, গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা।
- ২০০১ - গুঁৱেন ভেন থিউ (Nguyen Van Thieu), ভিয়েটনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০০৪ - বালামণি আম্মা, মালয়ালম ভাষাৰ ভাৰতীয় কবি।
- ২০১৭ - টম আলটাৰ (Tom Alter), ভাৰতীয় অভিনেতা, শক্তিমান ধাৰাবাহিকৰ মহাগুৰু চৰিত্ৰৰ বাবে জনাজাত।
- ২০২০ - কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ, ভাৰতীয় চিত্ৰশিল্পী।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৯ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2021-09-29. https://web.archive.org/web/20210929010247/http://asbb.gov.in/booklets/ASBB-Leaflet-Assamese.pdf। আহৰণ কৰা হৈছে: 2021-09-29.